শেহতীয়া খবৰ
Home / আঞ্চলিক / বটদ্ৰৱা ধৰ্ষণ-হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়ঃ মুল অভিযুক্ত মৃত্যুদণ্ডৰে দণ্ডিত নগাঁও আদালতৰ

বটদ্ৰৱা ধৰ্ষণ-হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়ঃ মুল অভিযুক্ত মৃত্যুদণ্ডৰে দণ্ডিত নগাঁও আদালতৰ

ডিজিটেল ডেস্ক, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা ধনীয়াভেটিৰ লালুংগাঁৱত সংঘটিত ৰাজ্য জোকাৰি যোৱা জঘন্য ধৰ্ষণ-হত্যা কাণ্ড সন্দৰ্ভত নগাঁৱৰ বিশেষ আদালতে আজি এক ঐতিহাসিক শাস্তি ঘোষণা কৰে। সেই অনুসৰি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ ৰীতা কৰে লালুংগাঁৱৰ ১০ বছৰীয়া কিশোৰীক শিহৰণকাৰী ধৰ্ষণ-হত্যা কাণ্ডৰ মুল অভিযুক্ত জাকিৰ হুছেইনক চৰম শাস্তি হিচাপে মৃত্যুদণ্ডৰে দণ্ডিত কৰে। যোৱা ২৩ মাৰ্চত সংঘটিত ঘটনা সন্দৰ্ভত স্থানীয় বটদ্ৰৱা আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ  ৪৪৪,২০১,৩০২ আৰু পকচু আইনৰ ৪/৬ ধাৰাৰ অধীনত ৰুজু হোৱা  ৬৪/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত আজি আদালতে এইদৰে চুড়ান্ত শাস্তি ঘোষণা কৰে। উল্লেখ্য, ৪ ছেপ্টেম্বৰত বিশেষ আদালতখনে ঘটনাটোৰ লগত জড়িত দুই নাবালকক দোষী সাব্যস্ত কৰাৰ লগতে লম্পট জাকিৰৰ পিতৃ-মাতৃসহ পৰিয়ালৰ আন ৫ গৰাকী লোকক দোষমুক্ত ঘোষণা কৰিছিল যদিও মুল অভিযুক্ত জাকিৰ হুছেইনৰ শাস্তিৰ ঘোষণাৰ বাবে ৭ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটো নিদ্ধাৰিত কৰিছিল। ইয়াৰে পুৰ্বে আদালতে দোষী সাব্যস্ত কৰা দুই অভিযুক্ত নাবালকক যোৱা ৫ ছেপ্টেম্বৰত তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। ইতিমধ্যে দুই নাবালকক অপৰাধীক যোৰহাটৰ শিশু পৰ্যবেক্ষক গৃহলৈ প্ৰেৰণ কৰা হৈছে। মনকৰিবলগীয়া যে, পুৰ্বে নিদ্ধাৰিত সযয় অনুসৰি মুল অভিযুক্ত জাকিৰ হুছেইনৰ কি শাস্তি হ’ব, সেই ঘোষণা শুনিবৰ বাবে আজি পুৱাৰে পৰা আদালত চৌহদতত অগণন লোকৰ লগতে ভূক্তভোগী পৰিয়ালৰ লোক সকলে ভিৰ কৰা পৰিলক্ষিত হয়। এই লৈ সকলোৰে মাজত চৰম উৎকণ্ঠা বিৰাজ কৰা পৰিলক্ষিত হয়। আনকি, আদালত চৌহদৰ বাহিৰত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিকে ধৰি কেবাটাও সংগঠনে ধৰ্ষণকাৰীক দৃষ্টান্তমুলক শাস্তিৰ দাবীত বিভিন্ন প্ৰতিবাদী শ্লোগান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। ইপিনে, সময় অতিবাহিত হোৱাৰ লগে লগে সকলোৰে মাজত উৎকণ্ঠা বৃদ্ধি পায়। ঠিক ১২.৩০ বজাৰ লগে লগে সংশ্লিষ্ট বিশেষ আদালতৰ নিৰ্দিষ্ট চকীখনত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰীতা কৰে আসন গ্ৰহণ কৰে। ইতিমধ্যে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বন্দি হৈ থকা মুল অভিযুক্ত জাকিৰ হুছেইনক ব্যাপক নিৰাপত্তা ব্যষ্টনীৰে আদালতৰ সংশ্লিষ্ট কক্ষত হাজিৰ কৰা হয়। মুল অভিযুক্তৰ পৰিয়ালয়ৰ লোক সহ প্ৰায় ডেৰ শতাধিক অধিভক্তা সমবেত হৈছিল। ন্যায়াধীশ ৰীতা কৰে  ঘোষণা কৰে যে ভাৰতীয় দণ্ড বিধি আইনৰ ৪৪৮ ধাৰাৰ অধীনত মুল অভিযুক্ত জাকিৰ হুছেইনক এবছৰ কাৰাদণ্ড, ২০১ ধাৰাৰ অধীনত তিনি বছৰৰ কাৰাদণ্ড আৰু পাচঁ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত তিনি মাহৰ কাৰাদণ্ড লগতে ৩০২ ধাৰাৰ অধীনত মৃত্যুদণ্ডৰে দণ্ডিত কৰে। তদুপৰি, “পকচু” আইনৰ ৬ ধাৰাৰ অধীনত যাৱজীৱন কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকা জৰিমনা বিহে, জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহৰ কাৰাদণ্ড ঘোষণা কৰে। উল্লেখ্য, এই জঘন্য কাণ্ডটোৰ বিচাৰক ৰীতা কৰে বিশেষ দ্ৰুত আদালতে মাত্ৰ ১১৪ দিনতে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। জানিব পৰা মতে, ইমান কম দিনৰ ভিতৰত বিচাৰ সম্পূৰ্ণ হোৱা গোচৰ এইটোৱেই প্ৰথম। লক্ষনীয় ভাবে আজি আদালতত লৈ অহাৰ সময়ত, আনকি জাকিৰ হুছেইনৰ শাস্তি ঘোষণা কৰাৰ সময়তো তেওঁৰ মুখত কোনো ধৰণৰ ভয়, শংকা, অনুসুচনা পৰিলক্ষিত নহ’ল।