শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ইছৰোৰ মিছন ২০২২ঃ মহাকাশৰ বিশেষ পোছাকৰ প্ৰদৰ্শন

ইছৰোৰ মিছন ২০২২ঃ মহাকাশৰ বিশেষ পোছাকৰ প্ৰদৰ্শন

ডিজিটেল ডেস্কঃ ২০২২ চনত মহাকাশত মানুহ পঠাব ইছৰোই৷ কেনে হ’ব মহাকাশচাৰী সকৰ পোচাক? কি ধৰণৰ যানত তেওঁলোকে মহাকাশত যাব? পৃথিবীত কিদৰে উভতিব তেওঁলোকে? এই সকলো কথা জনসাধাৰণৰ সন্মুখলৈ লৈ আহিছে ভাৰতীয় মহাকাশচাৰী সন্থা ইছৰোই৷ মহাকাশচাৰী সলৰ বাবে ইছৰোই প্ৰস্তুত কৰিছে এক বিশেষ পোচাক৷ বাংগালোৰত অনুষ্ঠিত ‘স্পেচ এক্সপো’ অনুষ্ঠানৰ ষষ্ঠ সংস্কৰণত বৃহস্পতিবাৰে এই বিশেষ পোছাকটো জনসাধাৰণে চাব পৰাকৈ মুকলি কৰি দিয়ে৷ গেৰুৱা ৰংৰ দুটা মডেলৰ পোছাক তৈয়াৰ কৰিছে ইছৰোই লগতে আৰু এটি পোছাক তেওঁলোকে পৰৱৰ্তী সময়ত বনাব৷কাৰণ মুঠ তিনিজন ব্যক্তিক মহাকাশত কৰিকল্পনা আছে  ইছৰোৰ৷ এই বিশেষ পোছাকত এটা অক্সিজেন চিলিণ্ডাৰ বহন কৰিব পাৰিব মহাকাশচাৰীয়ে৷ যাৰ সহায়ত মহাকাশত বিচৰণৰ সময়ত ৬০ মিনিত পৰ্যন্ত শ্বাস-প্ৰশ্বাস চলাব পাৰিব মহাকাশচাৰীয়ে৷