শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নেপালত হেলিকপ্টাৰ দুৰ্ঘটনাঃ নিহত ৬

নেপালত হেলিকপ্টাৰ দুৰ্ঘটনাঃ নিহত ৬

ডিজটেল ডেক্সঃ পুনৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সংঘটিত হ’ল আন এক হেলিকপ্টাৰ দুৰ্ঘটনা৷ এই হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ এলটিটিউড এয়াৰৰ হেলিকপ্টাৰখন ৰাতিপুৱা ৮:০৫ বজাত শেষ বাৰৰ বাবে নিয়ন্ত্ৰন কক্ষৰ লগত যোগাযোগ হৈছিল বুলি এলটিটিউড এয়াৰ কৰ্তৃপক্ষই জানিবলৈ গিছে৷ হেলিকপ্টাৰখন ৰাতিপুৱা ৮:১৬ বজাত ত্ৰিভূৱন আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ কথা আছিল৷ নেপালৰ নুৱাকট জিলাৰ চাৰ্নশ্বেটত সংঘটিত এই দুৰ্ঘটনাৰ পৰা এগৰাকী মহিলা যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে৷ এগৰাকী ৰোগীক গোৰ্খাৰ পৰা কাঠমাণ্ডুলৈ আনি থকাৰ সময়তে হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয় বুলি পুনৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷