শেহতীয়া খবৰ
Home / আঞ্চলিক / নিজ মইমতালিৰে প্ৰতীক হাজেলাই অসমক অস্থিৰ কৰিব বিচাৰিছেঃ সকীয়নি আমছুৰ

নিজ মইমতালিৰে প্ৰতীক হাজেলাই অসমক অস্থিৰ কৰিব বিচাৰিছেঃ সকীয়নি আমছুৰ

ডিজিটেল ডেস্ক, গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ চমুকৈ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে পোহৰলৈ অহা ভয়াৱহ বিসংগতিতেয় সৰ্বসাধাৰণ জনতাক আতংকিত কৰি তোলাৰ সময়তে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতিক হাজেলাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ একনায়কত্ববাদ আৰু নিজৰ মই মতালিৰে প্ৰতিক হাজেলাই অসমত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ চলাইছে৷ অদৃশ্য শক্তিৰ আশীৰ্বাদত এতিয়া এনআৰচিৰ নামত কেতবোৰ কাণ্ড সংঘটিত কৰি হাজেলাই অসম চুক্তিক অৱমাননা কৰাই নহয় নাগৰিকত্ব আইনক উলংঘা কৰিছে৷ হাজেলাই সৰ্বসাধাৰণ জনতাৰ সৰলতাক যদি দূৰ্বলতা বুলি ভাবে৷ তেন্তে পৰিণাম ভয়াৱহ হ’ব বুলি আমছুৱে সকিয়নি প্ৰদান কৰে৷ আজি আমছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত সংগঠনটোৰ উপদেষ্টা আজিজুৰ ৰহমানে কয় যে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতেই প্ৰতিক হাজেলাই মই মতালি আৰম্ভ কৰিছে৷ ৰহমানে কয় যে এনআৰচিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা বৈধ ভাৰতীয় নাগৰিকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিবলৈ নাগৰিকত্ব আইন ২০০৩ (সংশোধনী ২০০৯)মতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ যথোপযুক্ত নথিৰ সৈতে দাবী আবেদন দাখিল কৰিব পাৰিব৷ সেই অনুসৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এনআৰচিৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে দাবী-আপত্তি প্ৰক্ৰিয়াৰ মডেলিটিৰ এছঅপি আকাৰত আদালতত জমা দিয়ে৷ কিন্তু উচ্চতম ন্যায়ালয়ত হাজেলাই শেহতীয়াকৈ দাখিল কৰা গোপন প্ৰতিবেদনত ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ পাঁচ প্ৰকাৰ নথি ক্ৰমে ১৯৫১ চনৰ এনআৰচি ক্ৰমে, ১৯৭১ চনলৈ প্ৰকাশিত ভোটাৰ তালিকা, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ, ১৯৭১ চনৰ ২৪ মাৰ্চ পূৰ্বৰ ৰিফিউজি প্ৰমাণ পত্ৰ আৰু ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ ৰেচন কাৰ্ডক অগ্ৰাহ্য কৰি বাকী দহটা নথিক মান্যতা দিবলৈ আদালতক দিয়া পৰামৰ্শ লজ্জাজনক। ৰহমানে কয় যে কেবিনেট চাব কমিটি আৰু আছু-আমছুকে ধৰি অসমৰ বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰি এনআৰচিত পোন্ধৰতা নথি গ্ৰহণযোগ্য হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু এতিয়া প্ৰতিক হাজেলাই কোনো দল-সংগঠনৰ সৈতে আলোচনা নকৰাকৈ নিজৰ মই মতালিৰে পাঁচটাকৈ গুৰুত্বপূৰ্ণ নতি এনআৰচিৰ দাবী আবেদনৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহ’ব বুলি দিয়া শপতনামা কোনো কাৰণতে যুক্তিসংগত নহয়। হাজেলাই এনেদৰে পাঁচটাকৈ নথি বিশেষকৈ ১৯৫১ ৰ এনআৰচি আৰু ১৯৭১ চনৰ পূৰ্বৰ ভোটাৰ তালিকা কৰ্তন কৰিবলৈ ক’ত ক্ষমতা পালে বুলি প্ৰশ্ন কৰে। হাজেলাৰ এই ষড়যন্ত্ৰৰ বাবে বহু লোক বিশেষকৈ সংখ্যালঘু সম্প্ৰদায় লোকসকল বলি হ’বলগীয়া হ’ব বুলি উল্লেখ কৰি ৰহমানে কয় যে এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা ইতিমধ্যে বহু ভাৰতীয় লোকৰ নাম বাদ পৰিছে। বিশেষকৈ এটা পৰিয়ালৰ দুই-এজন সদস্যৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে। যিসকল পৰিয়ালে প্তৰৰ এনআৰচি অথবা ১৯৭১ ৰ পূৰ্বৰ ভোটাৰ তালিকাৰ জড়িয়তে এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিছে। এতিয়া সেই পৰিয়ালৰ নাম বাদ পৰা সদস্যই এতিয়া এনআৰচিত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ’ব। এনআৰচিৰ প্ৰকাশৰ সময়ত ১৯৫১ ৰ এনআৰচি আৰু ১৯৭১ ৰ পূৰ্বৰ ভোটাৰ তালিকা গ্ৰহণ কৰাৰ পিছত এতিয়া হঠাৎ কৰ্তন কৰিলে বহু ভাৰতীয় লোক বাদ পৰাটো নিশ্চিত। ৰাজ্য চৰকাৰৰ সৈতে মিতিৰালি কৰি হাজেলাই এই ষড়যন্ত্ৰ চলাইছে বুলিও ৰহমানে অভিযোগ কৰে। তেওঁ লগতে কয় যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ লোকসকলৰ ভাগ্য নিয়ন্ত্ৰতাৰ ৰূপত অৱতীৰ্ণ হ’ব বিচাৰিছে হাজেলাই। হাজেলাই কোনো কাৰণতে এখন শুদ্ধ এনআৰচি বিচৰা নাই বুলি উল্লেখ কৰি কয় যে এটা অপশক্তিৰ চক্ৰত ভৰি দি অসমত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। এইক্ষেত্ৰত যদি কোনো আইন-শৃংখলা পৰিস্থিতিত অৱনতি ঘটে তেন্তে চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া হ’ব বুলিও ৰহমানে উল্লেখ কৰি কয় যে সময় থাকোতে চৰকাৰে হাজেলাক নাকি লগাওক। তেওঁ লগতে কয় যে প্ৰতিক হাজেলাই বিভিন্ন সময়ত ঘোষণা কৰি আহিছে যে এনআৰচিত পানী নসৰকা ব্যৱস্থা কৰিছে। কিন্তু এনআৰচিৰ চূড়ান্ত খচৰাত বহু বৈধ ভাৰতীয়ৰ নাম বাদ পৰিছে আৰু বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। এয়া কেনেদৰে সম্ভৱ হ’ল বুলি হাজেলাক প্ৰশ্ন কৰে। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এনআৰচিত হাজেলাক যি দায়িত্ব প্ৰদান কৰা হৈছে সেই দায়িত্ব পালন কৰি যাওক। সীমা চেৰাই গ’লে সহ্য কৰা নহ’ব বুলিও সকিয়নি প্ৰদান কৰে।

ইপিনে হাজেলাই পূৰ্বেও এনেধৰণৰ ষড়যন্ত্ৰ চলাইছিল বুলি উল্লেখ কৰি ৰহমানে কয় যে যোৱা ১ মে’ তাৰিখে এক নিৰ্দেশনা জাৰি কৰি এনআৰচিৰ কামত জটিলতাৰ সৃষ্টি কৰিছিল। তেওঁ লগতে আৰু কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ১২ অথবা ১৩ ছেপ্টেম্বৰৰ ভিতৰত হাজেলাৰ উক্ত পৰামৰ্শ সন্দৰ্ভত আমছুৱে বিস্তৃত আকাৰে শপত নামা দাখিল কৰিব ন্যায়ালয়ৰ মজিয়াত। আদালতৰ ভিতৰে বাহিৰে হাজেলাৰ এনে ষড়যন্ত্ৰমূলক, জনবিৰোধী তথা অসম চুক্তি উলংঘা কৰা হতকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি যোৱা হ’ব। সকলো দল-সংগঠনে বহু বছৰ পূৰ্বে ঐক্যমতত উপনীত হোৱা সিদ্ধান্ত অকলে সলনি কৰিবলৈ হাজেলাক কোনো অধিকাৰ দিয়া নাই বুলিও স্পষ্ট কৰি দিয়ে। এই সন্দৰ্ভত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰকো নিজৰ নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰে। ইপিনে উক্ত সংবাদমেলত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এনআৰচিত সংঘটিত হোৱা কেতবোৰ ভয়াৱহ বিসংগতিৰ তথ্য ফাদিল কৰি কয় যে চূড়ান্ত খচৰা প্ৰকাশৰ পিছত নাম বাদ পৰা সকলৰ ক্ষেত্ৰত এনএছকেৰ পৰা কাৰণ জনোৱাৰ ক্ষেত্ৰত চৰম মইমতালি চলিছে। স্পষ্ট আৰু সহজ ভাষাত কাৰণসমূহ জনোৱাৰ পৰিৱৰ্তে নিজৰ ইচ্ছানুসৰি ৰাইজে বুজি পাওক বা নাপাওক সেইফালে গুৰুত্ব নিদিয়াকৈ বিষয়াসকলে হকে-বিহকে যি তি লিখি দিছে। কোনো কালেই ডি-ভোটাৰ নহয় বা পৰিয়ালৰ কোনো লোকৰ নামৰ বিদেশী ন্যায়ধীকৰণৰ পৰা কোনো জাননী নহা লোককো ডি-ভোটাৰ সজাইছে। কেৱল এয়াই নহয় বিভিন্ন ক্ষেত্ৰত নাম বাদ পৰা লোকসকলক কাৰণ হিচাপে টেকনিকেল ইৰোৰ বুলি নাভূত-নাশ্ৰুত যুক্তি প্ৰদান কৰিছে। এনএছকেৰ বিষয়াসকলে কাৰণ দৰ্শোৱা অনুসৰি যদি ডি-ভোটাৰ অথবা বিদেশীৰ গোচৰ চলি আছে তেন্তে তাত স্পষ্টভাৱে কোন আদালতত আৰু কিমান গোচৰ নম্বৰ সেয়া স্পষ্টভাৱে উল্লেখ কৰাৰ দৰকাৰ আছিল। কিন্তু তাকে নকৰি যা-তা লিখি এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে। এনআৰচিৰ নামত চলি থকা এনে আজৱ কাণ্ডৰ বিৰুদ্ধে আমছুৱে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। অহা ১৩ ছেপ্টেম্বৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলা-মহকুমা সদৰত আমছুৰ কৰ্মীসকলে দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰিব। একেদৰে ১৬ ছেপ্টেম্বৰত মহানগৰীৰ দিঘলীপুখুৰীৰ পাৰত ধৰ্মঘট কাৰ্যসূচী পালন কৰিব বুলি সভাপতিজনে জানিবলৈ দিয়ে। আজিৰ সংবাদমেলত কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ আৰু তথ্য প্ৰযুক্তি সম্পাদক শ্বাকিল আহমেদ উপস্থিত থাকে৷