শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাটত ‘নাগৰিকত্ব, গণতন্ত্ৰ আৰু উন্নয়ন’ শীৰ্ষক গণ অভিৱৰ্তন

যোৰহাটত ‘নাগৰিকত্ব, গণতন্ত্ৰ আৰু উন্নয়ন’ শীৰ্ষক গণ অভিৱৰ্তন

ডিজিটেল ডেস্ক, যোৰহাটঃ সম্মিলিত নাগৰিক মঞ্চ, অসম মজুৰি শ্রমিক ইউনিয়ন, সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন, ৱমেন ইন গভর্নেন্স, কৃষক মুক্তি সংগ্রাম সমিতি আদি কেইবাটাও সংগঠনৰ আহ্বানত আজি যোৰহাটৰ জাতীয় অভিধান পথত অৱস্থিত জাতীয় ভৱনত নাগৰিত্ব, গণতন্ত্র আৰু উন্নয়ন শীর্ষক এখন গণ অভিৱর্তন অনুষ্ঠিত হয়৷ সন্মিলিত নাগৰিক মঞ্চৰ সভাপতি গোপাল গোস্বামী, কার্যকৰী সভাপতি অধিবক্তা হেমেন বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাঃ অধ্যাপক ড০ আদিল উলয়াচিন, অসম মজুৰি শ্রমিক ইউনিয়ন উপ-সভাপতি ঝাৰখণ্ডী আদিবাসী নেতা ৰবচন মুণ্ডা, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, বঙালী সমাজ কল্যাণ সমিতিৰ সঞ্জিত ৰয় আৰু ৰমেন ইন গভর্নেন্সৰ বন্দিতা আচার্যই যুটীয়াভাৱে সভাপতিত্ব কৰা অভিৱর্তনখনত উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলিত নাগৰিক মঞ্চৰ সম্পাদক ৰফিক আহমেদ৷ তেওঁ কয় যে চক্রান্তমূলকভাৱে লাখ লাখ ভাৰতীয় নাগৰিকৰ নাগৰিকত্ব কর্তন কৰাৰ অভিযোগ উঠিছে৷ এই বিষয়ে আলোচনা কৰিবলৈ এই অভিৱৰ্তন আয়োজন কৰা হৈছে৷ আলোচনা মুকলি কৰি অধ্যাপক বিদ্যুৎজ্যোতি বৰাই আমেৰিকাৰ পৰা মধ্যপ্রাচ্য হৈ ভাৰতলৈ সাম্প্রদায়িক মৌলবাদৰ উত্থাপনৰ পটভূমিত এন আৰ চিৰ সম্পর্কে ব্যাখ্যা আগবঢ়ায়৷ অধ্যাপক আদিত্য বৰবৰাই শেহতীয়াকৈ ফেচীবাদৰ উত্থানৰ লগত সাঙোৰ খাই থকা সাম্প্রদায়িকতাৰ পৰিপ্ৰেক্ষিতত এন আৰ চিৰ ৰাজনীতিৰ ব্যাখ্যা আগবঢ়ায়৷ বঙালী সমাজ কল্যাণ সমিতিৰ সঞ্জিত ৰয়ে এন আৰ চিৰ পৰা বহু বঙালী হিন্দু বাদ পৰি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। অভিবাসী মুছলমানৰ কথাটো বাদেই ব্যাপকভাৱে বঙালী হিন্দু আৰু আনকি খিলঞ্জীয়া’ নাগৰিকৰ নামো বাদ পৰি গৈছে৷

আমি আমাৰ আৱাজ সর্বোচ্চ ন্যায়ালয়লৈকে পৌছাই দিব লাগে৷ টাই আহোম নেতা চাও অমৃত চেতিয়াই কয় যে অৰাজনৈতিক বুলি একো নাই৷ অৰাজনৈতিকতাৰ নামাৱলী পিঠিত ওলোমাই সংখ্যালঘুসকলৰ অধিকাৰ কাঢ়ি লোৱাৰ চক্ৰান্তৰ আমি বিৰোধিতা কৰো। অসম আন্দোলনৰ সময়ৰ পৰাই বৰ্ণবাদী উগ্র জাতীয়তাবাদীহঁতে সংখ্যালঘু তথা বাঁওপন্থীৰ বিৰুদ্ধে হত্যা অভিযান চলাই আহিছে৷ এন আৰ চিক এই পটভূমিৰ পৰা নিলগাই চাব নোৱাৰো৷ আঘাত হানিব লাগিব সাম্প্রদায়িক ফেচীবাদ মতাদৰ্শৰ মর্মমূলত৷ শান্তনা শৰ্মাৰ গণসংগীতে বহন চৰাৱা সভাখনত কৃষক মুক্তি সংগ্রাম সমিতিৰ মৃদুল বৰা, দেশপ্রেমৰ দেৱব্ৰত শর্মা জাতীয় ইতিহাসৰ কর্মী দয়াসাগৰ কলিতা আদিয়েও অংশগ্রহণ কৰে৷ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ উপদেষ্টা, অধিবক্তা আজিজুৰ ৰহমানে সভাত বিশেষ বক্তব্য আগবঢ়াই কয় যে যোৰহাটৰ দৰে ঠাইত নাগৰিকত্ব সম্পর্কীয় আলোচনাত আমি অংশগ্রহণ কৰিব আহিছো। কাৰণ যোৰহাটে কি কয় অসমৰ মানুহে বাট চাই আছে। অসমীয়া উগ্রজাতীয়তাবাদী তথা হিন্দু সাম্প্রদায়িকতাবাদীহঁতে আমাৰ উন্নয়ন নিবিচাৰে বাবেহে এন আৰ চিৰ দৰে ইছু আনি অসমবাসীক বিভাজন কৰিছে৷ তেওঁলোকে নাগৰিকত্বৰ প্রশ্নৰ স্থায়ী সমাধান বিচৰা নাই৷ ১৯৮৯ চনত, ১৯৯৭ চনতো প্রফুল্ল মহন্তই দুবাৰকৈ ভোটাৰ তালিকা সংশোধন কৰি বিদেশী সমস্যা সমাধান হ’ব বুলি বিধানসভা ঘোষণা কৰাৰ পিছতো এন আৰ চি আহিল৷ তাতো সমাধান নহ’ল৷ ৪০ লাখ মানুহৰ নাম বাদ পৰি যোৱাৰ পিছতো আমি ধৈর্য ধৰি আছো। কিন্তু লাখ লাখ নাগৰিকৰ ধৈৰ্যৰ বান্ধ ছিগি যোৱালৈ বাধ্য কৰা হৈছে কিয়? হিন্দু-মুছলিম-অসমীয়া বঙালী নির্বিশেষে সকলো মানুহৰ ঐক্যবদ্ধ সংগ্রামেৰেহে অসমৰ উন্নয়ন সম্ভৱ। সেই সংগ্রামে উগ্র জাতীয়তাবাদক কবৰ দিব লাগিব। ২১ বছৰে ‘ডি’ ভোটাৰসকলে মানৱীয় অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সন্মিলিত নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি, অধিবক্তা হেমেন বৰাই কয় যে যোৰহাট কাৰাগাৰত ‘বিদেশী বুলি আবদ্ধ হৈ থকা প্রায় ডেৰশ মানুহৰ বাবে আহাৰ, খাদ্যৰ একো ব্যৱস্থাই নাই৷ এগৰাকী সুন্দৰ অসমীয়াভাষী মুছলিম যুৱতীক যোৰহাট কাৰাগাৰত ২০১৫ চনৰ পৰা ভৰাই থোৱা হৈছে, পৰিয়ালৰ লগতো যোগাযোগ কৰিবলৈ দিয়া নাই। ডিটেনচন কেম্প উঠাই দিবই লাগে আৰু তাৰ আগলৈকে তেওঁলোকৰ খাদ্যবস্তুৰ ব্যৱস্থা লাগে।

‘ৱমেন ইন গভর্নেন্সৰ বন্দিতা আচার্যই সমগ্র বিষয়টো মানৱ অধিকাৰৰ দৃষ্টিভংগীৰে আলোকপাত কৰে। এন আৰ চিৰ পৰা মানুহৰ নাম বাদ দিয়াৰ প্রক্রিয়াতো বিশ্বজনীন মানৱ অধিকাৰ আইনৰ উলংঘন। তেওঁ সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) অসমত জাৰি কৰাৰে বিৰোধিতা কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° আদিল-উল-য়াচিনে কয় যে ৪০ লাখ মানুহৰ মাজত বিয়পি পৰা ভয় আৰু আতংকৰ পৰা তেওঁলোকক মুক্ত কৰিব লাগে৷ অসম মজুৰি শ্রমিক ইউনিয়নৰ উপদেষ্টা ৰবচন মুণ্ডাই ৩৫০ টকা মজুৰিৰ বাবে সংগ্রাম কৰি থকা আদিবাসী শ্ৰমিকসকলৰ হৈ নাগৰিকত্বৰ বাবে সংগ্রাম কৰি থকা সংখ্যালঘুসকলৰ গণতন্ত্র সংগ্রাম প্রতি সমর্থন জনায়৷ সভাপতিমণ্ডলীৰ হৈ বিশিষ্ট শিক্ষাবিদ, শ্রমিক নেতা গোপাল গোস্বামীয়ে ঐক্যবদ্ধ সংগ্রামৰ জৰিয়তে অসমত মানবতা তথা গণতন্ত্র প্রতিষ্ঠাৰ আহ্বান জনায়৷ অভিৱৰ্তনত সর্বসম্মতিক্রমে গৃহীত প্রস্তাৱসমূহঃ (ক) আজিৰ যোৰহাটৰ এই গণ অভিৱর্তনে এখন শুদ্ধ নাগৰিকপঞ্জীৰ পোষকতা কৰাৰ লগতে যাতে কোনো ভাৰতীয় নাগৰিকৰ হাৰাশাস্তি নহয় আৰু নাগৰিকপঞ্জীৰ পৰা বাদ পৰি নাযায় তাৰ বাবে প্রয়োজন সাপেক্ষে এন আৰ চি প্রক্রিয়া সৰলীকৰণৰ দাবী উত্থাপন কৰে। (খ) খচৰা এন আৰ চিত ইতিমধ্যে নাম অন্তর্ভুক্ত হোৱা নাগৰিকৰ বিৰুদ্ধে অভিযোগকাৰীৰ অভিযোগ প্রমাণিত নহ’লে নাগৰিকত্ব বিধি অনুসৰি থকা কাৰাগাৰ তথা জৰিমনাৰ বিধান থাকিব লাগে বুলি আজিৰ অভিৱর্তনে সর্বসম্মতিভাৱে মত প্রকাশ কৰে। সেয়ে নহ’লে নগৈ গড়গাঁৱৰ বাতৰি কোৱাৰ দৰে অভিযোগ দাখিলৰ জৰিয়তে অৰাজকতা সৃষ্টি কৰা হ’ব। (গ) যিবোৰ এলেকাত ব্যাপক হাৰত নাগৰিকৰ নাম এন আৰ চিৰ পাৰ বাদ পৰি গৈছে। সেইবোৰ এলেকাত ৰাইজৰ তৰফৰ পৰা নিজাকৈ জৰীপ কৰিবৰ বাবে অভিৱর্তনে প্ৰস্তাৱ লয়। (ঘ) আজিৰ অভির্তনে শুদ্ধ এন আৰ চি প্রণয়ন ৰাষ্ট্ৰৰ দায়িত্ব বুলি মন্তব্য কৰে আৰু ৰাষ্ট্রৰ খৰচত গাঁৱে গরে ঘৰে ঘৰে গৈ ৰাইজৰ সন্মুখত এন আৰ চিৰ নাম অন্তর্ভুক্তিৰ কাগজ-পত্ৰ পৰীক্ষা কৰিবলৈ আহ্বান জনায়। (ঙ) উচ্চতম ন্যায়ালয়ে কোৱা নমুনা ভিত্তিক জৰীপ কার্য স্বচ্ছ আৰু নিৰপেক্ষ কৰাৰ স্বাৰ্থত খচৰাত নাম নুঠা সকলকো জৰীপত সামৰি লোৱাৰ পোষকতা কৰে। (চ) অভিৱর্তনে অমানৱীয় ডিটেনচন কেম্প বন্ধ কৰাৰ লগতে তাত বন্দী হৈ থকা লোকসকলক মুকলি কৰি দিবলৈ দাবী জনায়। (ছ) অভিৱর্তনে ‘ডি’ ভোটাৰ সকলকো নমুনা জৰীপৰ আওতালৈ অনাৰ দাবী জনায়। এন আৰ চি সংক্রান্তীয় এইকেইটা দাবীৰ উপৰি অভিৱর্তনে বিশেষ প্রস্তাৱযোগে (ক) অসমক বিশেষ ৰাজ্যৰ মর্যাদা পুনৰ প্ৰদানৰ দাবী তোলে আৰু সেই মর্যাদা কৰ্তনৰ প্রবল বিৰোধিতা কৰে। (খ) অসমত আৰোপিত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) প্রত্যাহাৰ | তথা বাতিল কৰা (গ) চাহ শ্রমিক, এনৰেগা শ্রমিককে ধৰি সকলো শ্রমিককে ৩৫০ টকা নূন্যতম দৈনিক মজুৰি দিয়াৰ দাবীত গৰজি উঠে আৰু এইবোৰ প্রশ্নত ঐক্যবদ্ধ আন্দোলনৰ আহ্বান জনায়। (ঘ) অভিৱর্তনে গৃহবন্দী কৰি ৰখা দেশৰ বুদ্ধিজীৱী, চিন্তাবিদসকলৰ মুক্তিৰ দাবী জনায়।