শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ষ্টেট বেংকৰ নতুন নিয়ম

ষ্টেট বেংকৰ নতুন নিয়ম

ডিজিটেল ডেস্কঃ বিত্তীয় খেলীমেলি নিৰ্মূল কৰাৰ বাবে ভাৰতীয় ষ্টেট বেংকে লেনদেনৰ নীতি নিয়মত কৰিছে কিছু পৰিৱৰ্তন৷ এতিয়াৰে পৰা এজন গ্ৰাহকৰ একাউন্টত আন অইন কোনো ব্যক্তিয়ে টকা জমা কৰিব নোৱাৰিব৷ সূত্ৰত প্ৰকাশ পোৱা মতে ভাৰতীয় ষ্টেট বেংকৰ প্ৰতিজন গ্ৰাহকে নিজে নিজৰ একাউন্টত টকা জমা কৰিব লাগিব৷ এজনৰ একাউন্টত আন এজনে টকা জমা কৰিব নোৱাৰিব৷ সেয়া পৰিয়ালৰ মানুহ হওঁক বা আন কোনোবা লোক৷ ভাৰতীয় ষ্টেট বেংকে জনাইছে যে বিশেষকৈ বিমুদ্ৰাকৰণৰ সময়ত হোৱা বিভিন্ন বিত্তীয় খেলিমেলি ভালদৰে তদন্ত কৰাৰ পিছতহে এই সিদ্ধান্ত গ্ৰহণ কৰি আনিছে এই নতুন নিয়ম৷ এই নিয়ম কেৱল মাত্ৰ সেই সকলৰ বাবে প্ৰযোজ্য হ’ব যিসকলে নগদ ধন ৰাশি জমা কৰিব কিন্তু অনলাইন জমা কৰাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰিব৷ এজন ব্যক্তিয়ে যদি আন এজন ব্যক্তিৰ বেংক একাউন্টত টকা জমা কৰিব বিচাৰে তেন্তে যাৰ একাউন্টত টকা  জমা কৰিব সেইজন ব্যক্তিয়ে টকা জমা দিব বিচৰা ব্যক্তিজনক লিখিত ভাবে অনুমতি প্ৰদান কৰিব লাগিব৷ বিমুদ্ৰাকৰণৰ সময়ত বহুতো ব্যক্তিৰ জ্ঞাতহাৰেই তেওঁলোকৰ একাউন্ট জমা হৈছিল হাজাৰ হাজাৰ টকা সেয়ে ভাৰতীয় ষ্টেট বেংকে নতুনকৈ প্ৰৱৰ্তন কৰিলে এই ধন জমাৰ নিয়ম৷

এই খবৰৰ লগে লগে ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকৰ সুবিধাৰ্থে লৈ আহিছে আৰু কিছু নতুন নিয়ম৷ এতিয়াৰে পৰা ষ্টেট বেংকৰ গ্ৰাহকে ষ্টেট বেংকৰ যিকোনো শাখাত গৈ যিমান ইচ্ছা সিমানেই টকা জমা কৰিব পাৰিব আৰু ইয়াৰ বাবে দিব নালাগে কোনো অতিৰিক্ত ধন৷ পূৰ্বতে ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলে নিজৰ গৃহ শাখাৰ বাহিৰত গৈ নিজৰ একাউন্টত সৰ্বাধিক ২৫ হাজাৰ টকা জমা কৰাৰ অনুমতি আছিল আৰু সেই এবাৰ ধন জমা কৰিলে তাৰ বিপৰীতে অতিৰিক্ত ৫০ টকাকৈ দিবলগীয়া হৈছিলে৷ কিন্তু এতিয়াৰে পৰা গ্ৰাহকে ষ্টেট বেংকৰ যিকোনো শাখাত গৈ কোনো অতিৰিক্ত মাচুল আদায় নিদিয়াকৈ জমা কৰিব পাৰিব টকা৷ কাৰেণ্ট একাউন্ট থকা গ্ৰাহক সকলে যিকোনো শাখাত সৰ্বাধিক দুই লাখ টকাকৈ এদিনত জমা দিব পাৰিব৷