শেহতীয়া খবৰ
Home / আঞ্চলিক /  গহপুৰত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ শঁকুৰাবাসীৰ

 গহপুৰত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ শঁকুৰাবাসীৰ

ডিজিটেল ডেস্ক, গহপুৰঃ “আছে গৰু নাবাই হাল, থকাত কৈ নথকাই ভাল।” উক্ত কথা ফাঁকি য়ে দাঙি ধৰিছে গহপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকৃত ছবি খন। বছৰ বছৰ দিন ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে গাঁও খনৰ ৰাইজ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নামত চৰকাৰে কোটি কোটি টকা খৰছ কৰি আহিছে যদিও গহপুৰ মহকুমাৰ শ’কুৰা গাঁৱৰ ৰাইজে এতিয়াও সেৱন কৰিব লগা হৈছে নদীৰ লেতেৰা পানী।এনে লেতেৰা পানী সেৱন কৰাৰ বাবে বিভিন্ন ৰোগত ভুগিব লগা হৈছে অঞ্চলবাসী ৰাইজ।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বহীন কাৰ্যৰ বাবেই এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে অঞ্চলটো ৰাইজ। বিগত ২০১৫-১৬ বৰ্ষতে অঞ্চলটোৰ ৰাইজৰ বাবে স্থাপন কৰা পানী যোগান আঁচনি খন নিমাৰ্ণৰ দুমাহ পানী যোগান ধৰিয়েই বিকল হৈ পৰি আছে। স্থানীয় ৰাইজে এই বিষয়ে গহপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক এই সমস্যা সমাধান কৰাৰ বাবে আবেদন-নিবেদন কৰিলে যদিও আজিকোপতি কোনো ব্যবস্থা গ্ৰহণ নকৰিলে বিভাগটোৱে। সেয়ে ৰাইজে মন্ত্ৰী ৰিহন দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সু-মতি বিচাৰি ভগৱানৰ ওচৰত পূজা-অৰ্চনা কৰিছে যাতে ভগৱানে জনস্বাস্থ্য কাৰিকৰী বিভাগক সু-মতি প্ৰদান কৰে।