শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাও অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

বঙাইগাও অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

বঙাইগাঁও অভিযান্ত্রিক মহাবিদ্যালয়ক টেকনিকেল ন’লেজ হাব হিচাপে গঢ়ি তোলাৰ দিশত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰিবঃ মুখ্যমন্ত্রী

ডিজিটেল ডেস্ক, দিছপুৰঃ ৰাজ্যখনৰ কাৰিকৰী উচ্চ শিক্ষাৰ দিশত এক নতুন গতি প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি বঙাইগাঁও চহৰৰ সন্যাসী পাহাৰত বঙাইগাঁও অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ পিছতে বঙাইগাঁৱৰ জোঝাৰত আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অপৰূপ প্রাকৃতিক দৃশ্যৰাজিৰে সুশোভিত সন্যাসী পাহাৰত আজি গণেশ চতুর্থীৰ পৱিত্ৰ ক্ষণত আধাৰশিলা স্থাপন কৰা বঙাইগাঁও অভিযান্ত্রিক মহাবিদ্যালয়খন কেৱল অসম তথা দেশৰ বুকুতে নহয় সমগ্র বিশ্বৰে এক উন্নত কাৰিকৰী শিক্ষা প্রতিষ্ঠান হিচাপে পৰিগণিত হ’ব বুলি কয়। মুখ্যমন্ত্ৰীয়ে এই অভিযান্ত্রিক মহাবিদ্যালয়খন স্থাপন হ’বলগীয়া সন্যাসী পাহাৰৰ নিকটৱৰ্তী ৫ খন গাঁৱৰ জনসাধাৰণক ইয়াৰ নিৰ্মাণৰ কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰাখি এই প্রতিষ্ঠানখনক নিজৰ বুলি গণ্য কৰাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে অপৰূপ প্রাকৃতিক অৱস্থানত নির্মাণ কৰিবলগীয়া এই অভিযান্ত্রিক মহাবিদ্যালয়খনৰ সকলো আন্তঃগাঁথনি উন্নত মানৰ হোৱাৰ লগতে ইয়াক পর্যটক আকর্ষণস্থলী হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা ল’বলৈ শিক্ষা আৰু পর্যটন বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্রী লগতে এই মহাবিদ্যালয়খনত স্থাপন হ’বলগীয়া অতিথিশালাটো তেজপুৰ বিশ্ববিদ্যালয়ৰ দৰে অত্যাধুনিক মান সম্পন্ন ভাৱে নিৰ্মাণৰ ব্যৱস্থা ল’বলৈও শিক্ষা বিভাগক নির্দেশ দিয়ে। প্রয়োজন হ’লে ইয়াৰ বাবে আৰু অধিক পুঁজি ধার্য কৰাৰ ব্যৱস্থা ল’বলৈও মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে স্বাধীনতাৰ পৰৱৰ্তী পর্যায়ত বিগত প্রায় ৫৫ বছৰ কাল কংগ্ৰেছ দলে সমগ্র ভাৰতবর্ষ শাসন কৰাৰ সময়ত সমাজে বিশেষ একো লাভ কৰিব নোৱাৰিলে বুলিও কোৱাৰ লগতে দেশে সেই সময়ছোৱাত উপহাৰ হিচাপে কেৱল বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাতৰ বাতাৱৰণহে লাভ কৰিলে বুলিও কয়। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি মিত্র জোঁটৰ চৰকাৰৰ কাৰ্যকালত দেশে সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত সম-বিকাশ আৰু সম-উন্নয়নৰ এক নব্য অভিজ্ঞতা লাভ কৰাৰ উপৰি সমাজৰ বিভিন্ন শ্রেণীৰ জনসাধাৰণৰ উন্নয়নে এতিয়া নতুন গতি লাভ কৰিছে বুলিও কয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ কাৰ্যকালত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি যোগাযোগ ব্যৱস্থাই এক নতুন মাত্রা লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইবছৰৰ ভিতৰত ৰাজ্যখনৰ ৭ হাজাৰ কিলোমিটাৰ পথ নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে বুলি কয়। ইয়াৰ ফলশ্রুতিত গ্রামাঞ্চলৰ অর্থনীতি অধিক শক্তিশালী হৈ পৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ইতিমধ্যে নিবিদাৰ প্রক্রিয়া আৰম্ভ হোৱা ১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ধুবুৰী-ফুলবাৰী দলংখনে অবিভক্ত গোৱালপাৰা জিলাৰ ৫ খন জিলা ক্রমে গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাঙৰ। পথ যোগাযোগ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। স্থানীয় জনসাধাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ বঙাইগাঁৱত স্থাপন কৰাৰ বাবে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই দিশটো ইতিবাচক দৃষ্টিভংগীৰে বিচাৰ-বিবেচনা কৰি পদক্ষেপ লোৱা হ’ব বুলিও কয়। বঙাইগাঁও অভিযান্ত্রিক মহাবিদ্যালয়খন বিশ্ববীৰ চিলাৰায়ৰ নামেৰে নামাকৰণ কৰাৰ বাবে স্থানীয় জনসাধাৰণে জনোৱা আহ্বানৰ প্রতি লক্ষ্য ৰাখি এই নামাকৰণ জনসাধাৰণে বিচৰা ধৰণেৰে কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তামিলনাডুৰ চেন্নাইৰ লেখীয়া ঠাইত যথেষ্ট সংখ্যক অভিযান্ত্রিক মহাবিদ্যালয় তথা প্রতিষ্ঠান আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই অভিযান্ত্রিক প্রতিষ্ঠান সমূহে সমগ্র বিশ্বতে উন্নত কাৰিকৰী মানৱ সম্পদ যোগান ধৰিবলৈ সক্ষম হৈছে বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে বঙাইগাওঁ অভিযান্ত্রিক মহাবিদ্যালয় খনক এক উন্নত টেকনিকেল ন’লেজ হাব হিচাপে প্রতিষ্ঠা কৰাৰ দিশত ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলো পদক্ষেপ ল’ব বুলিও কয়। শান্তি অবিহনে প্রগতি অসম্ভৱ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনৰ থলী বঙাইগাওঁ জিলাৰ জনসাধাৰণক শান্তি-সম্প্রীতিৰ পৰিৱেশ অটুত ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নী পদক্ষেপ সমূহৰ প্রতি সঁহাৰি জনোৱাৰ বাবেও আহ্বান জনায়।

অনুষ্ঠানত বক্তব্য ৰাখি শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ২০১১ চনৰ নিৰ্বাচনৰ প্রাক মুহুর্তত কংগ্ৰেছ চৰকাৰে বঙাইগাঁৱত এখন অভিযান্ত্রিক মহাবিদ্যালয় স্থাপনৰ বাবে কেৱল প্রতিশ্রুতি প্রদান কৰি তেওঁলোকৰ পাঁচ বছৰীয়া শাসন কালত এইখন স্থাপনৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে বুলি কয়। মন্ত্রী গৰাকীয়ে এইবাৰৰ বাজেটত প্রতিশ্রুতি দিয়া ধৰণেৰে কেৱল মাত্র পাঁচ মাহৰ ভিতৰতে বর্তমানৰ সৰ্বানন্দ  সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বাজেট প্রতিশ্রুতি অনুসৰি আজি ইয়াক কার্যকৰীকৰণৰ বাবে ব্যৱস্থা লৈছে বুলিও কয়। মন্ত্রী গৰাকীয়ে এই মহাবিদ্যালয়খনৰ নির্মাণ কার্য আগন্তুক দুইৰ পৰা আঢ়ৈ বছৰৰ ভিতৰত সম্পূর্ণ কৰি ইয়াৰ পাঠদানৰ প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলি কয়। বাজেট প্রতিশ্রুতি অনুসৰিয়ে গোলাঘাটত স্থাপন কৰা অভিযান্ত্রিক মহাবিদ্যালয়খনৰ কাম ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে বুলিও মন্ত্ৰী গৰাকীয়ে কয় মন্ত্রী গৰাকীয়ে ইমান সুন্দৰ স্থানত নির্মাণ হ’বলগীয়া বঙাইগাঁও অভিযান্ত্রিক মহাবিদ্যালয়খন সঁচাকৈয়ে এক ভাল শিক্ষানুষ্ঠান হিচাপে গঢ় লৈ উঠিব বুলিও আশা প্রকাশ কৰে।

অনুষ্ঠানত বক্তব্য ৰাখি খাদ্য আৰু অসামৰিক যোগান আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীয়ে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বঙাইগাঁৱবাসীয়ে বিভিন্ন আভুৱা ভৰা প্রতিশ্রুতি পোৱাৰ বাহিৰে বিশেষ একো নাপালে বুলি কয মন্ত্রী গৰাকীয়ে বর্তমানৰ চৰকাৰৰ কাৰ্যকালত বঙাইগাঁৱবাসীয়ে এই প্রতিষ্ঠানখন লাভ কৰাৰ উপৰি বঙাইগাওঁ চহৰৰ উন্নয়নৰ বাবে ১০০ কোটি টকা লগতে এই বছৰৰ বাজেটত বঙাইগাওঁ সমষ্টিৰ গড়কাপ্টানি বিভাগৰ অধীনত ৪০ কোটি টকা লাভ কৰিছে বুলি উল্লেখ কৰে। বিগত কার্যকালত ইমান পৰিমানৰ ধন লাভ কৰা নাছিল বুলিও মন্ত্রী গৰাকীয়ে কয়৷ অনুষ্ঠানত বক্তব্য ৰাখি পর্যটন, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী উন্নয়ন বিভাগৰ মন্ত্রী চন্দন ব্রহ্মই কিছু বছৰৰ পূর্বে বঙাইগাঁৱৰলেখীয়া স্থানত অভিযান্ত্রিক মহাবিদ্যালয়ৰ দৰে উচ্চ কাৰিকৰী শিক্ষাৰ  প্রতিষ্ঠান স্থাপন কৰাটো অকল্পনীয় আছিল বুলি কোৱাৰ লগতে অদূৰ ভৱিষ্যতে বঙাইগাঁৱস্থিত ২০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়খন চিকিৎসা মহাবিদ্যালয়লৈ উন্নীতকৰণৰ সম্ভাৱনাও বাস্তৱায়িত হোৱাৰ আশা আছে বুলি উল্লেখ কৰে। বঙাইগাঁৱক নামনি অসমৰ ব্যৱসায় বাণিজ্যৰ প্রাণকেন্দ্ৰ বুলি উল্লেখ কৰি ইয়াৰ শ্রীবৃদ্ধিৰ বাবে আৰু এখন ফ্লাই অভাৰ বঙাইগাঁৱত নিৰ্মাণৰ ব্যৱস্থা ল’বলৈও মুখ্যমন্ত্ৰীক আহ্বান জনায়। মন্ত্রী গৰাকীয়ে ঐতিহ্যমণ্ডিত বঙাইগাঁও মহাবিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ মুকলি কৰাৰ ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্রী আৰু শিক্ষা মন্ত্রীক আহ্বান জনায়। উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব মনিন্দৰ সিঙে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ প্রাক্তন বিধায়ক ভূপেন ৰায়, জিলা উপায়ুক্ত বাবুলাল শর্মাকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷