শেহতীয়া খবৰ
Home / আঞ্চলিক / অসমৰ ১৮জন জনপ্রতিনিধিৰ বিপদ আসন্ন

অসমৰ ১৮জন জনপ্রতিনিধিৰ বিপদ আসন্ন

ডিজিটেল ডেস্কঃ উচচতম ন্যায়ালয়ে কালি দেশৰ ১৯খন ৰাজ্যৰ বিধায়ক আৰু সাংসদসকলৰ বিৰুদ্ধে থকা গোচৰৰ সবিশেষ তথ্য বিচাৰি ৰাজ্যকেইখনৰ উচচ ন্যায়ালয়ৰ মহাপঞ্জীয়ক আৰু মুখ্য সচিবলৈ নির্দেশনা জাৰি কৰাৰ পাছত অসমৰ ১৮জন বিধায়ক আৰু সাংসদৰ চকুৰ টোপনি হৰিছে৷

উচচতম ন্যায়ালয়ে বিধান পালিকাৰ সদস্যৰ বিৰুদ্ধে থকা গোচৰৰ ন্যায়িক প্রক্রিয়া ক্ষিপ্রতাৰে নিষ্পত্তি কৰিবলৈ লোৱা পদক্ষেপৰ ফলত এতিয়া দেশৰ অন্য ১০৯৭জন বিধায়ক আৰু সাংসদৰ ভিতৰত অসমৰ ১৮জন জনপ্রতিনিধিৰো বিপদ আসন্ন হৈ পৰিছে৷ অসমৰ এইকেইজন জনপ্রতিনিধিৰ ভিতৰত ১৪জন বিধায়ক আৰু ৪জন সাংসদ আছে৷

লক্ষণীয় যে অসমৰ এই ১৪জন বিধায়কৰ ভিতৰত ১০জনৰ বিৰুদ্ধেই আছে গুৰুতৰ অপৰাধজনিত (ফৌজদাৰী) গোচৰ৷ আনহাতে ৪জন সাংসদৰ বিৰুদ্ধে থকা ৬টা গোচৰৰ ভিতৰত কেৱল সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধেই আছে ৩টাকৈ গুৰুতৰ অপৰাধজনিত গোচৰ৷ সাংসদ শৰণীয়াৰ উপৰি সাংসদ তথা অল ইণ্ডিয়া মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেব, কেন্দ্রীয় মন্ত্রী ৰাজেন গোহঁাই আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধেও আছে অপৰাধজনিত গোচৰ৷

তেওঁলোকৰ এজনৰো গোচৰৰ আজিকোপতি নিষ্পত্তি হোৱা নাই৷ ইফালে, অসমৰ ১২৬জন বিধায়কৰ ভিতৰত ১৪জনৰ বিৰুদ্ধে আছে গোচৰ৷ তেওঁলোকৰ ভিতৰত সর্বাধিক বিজেপিৰ অভিযুক্ত বিধায়ক আছে৷ শাসকীয় বিজেপিৰ ৭জন বিধায়কৰ বিৰুদ্ধে আদালতত চলি আছে গোচৰ৷ তেওঁলোকৰ উপৰি কংগ্রেছৰ ৫জন বিধায়ক, এ আই ইউ ডি এফ আৰু গণশক্তি দলৰ ১জনকৈ বিধায়কৰ বিৰুদ্ধে আদালতত চলি আছে গোচৰ৷ লক্ষণীয়ভাৱে বিজেপিৰ অভিযুক্ত ৭জন বিধায়কৰ ভিতৰত ৬জনৰ বিৰুদ্ধেই আছে গুৰুতৰ অপৰাধজনিত গোচৰ৷

একেদৰে কংগ্রেছৰ ৫জন বিধায়কৰ ভিতৰত ৩জনৰ বিৰুদ্ধে আৰু এ আই ইউ ডি এফৰ একমাত্র বিধায়কজনৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধজনিত গোচৰ৷ অসমৰ মুঠ বিধায়কৰ ১১ শতাংশই বিভিন্ন গোচৰত অভিযুক্ত হৈ আছে৷

অভিযুক্ত তথা বিপদ আসন্ন বিধায়ককেইজন হ’ল বিজেপিৰ থাওৰাৰ বিধায়ক কুশল দুৱৰী (৩টা গোচৰ), কাছাৰৰ সোনাইৰ বিধায়ক আমিনুল হক লস্কৰ (৩টা গোচৰ), ঢকুৱাখনাৰ বিধায়ক তথা মন্ত্রী নৱ কুমাৰ দলে (১টা গোচৰ), মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী (১টা গোচৰ), দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভা (১টা গোচৰ), বৰক্ষেত্রীৰ বিধায়ক নাৰায়ণ ডেকা (১টা গোচৰ), হোজাইৰ বিধায়ক শিলাদিত্য দেব (১টা গোচৰ), কংগ্রেছৰ নাজিৰাৰ বিধায়ক দেৱব্রত শইকীয়া (১টা গোচৰ), উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ্য দেব পুৰকায়স্থ (১টা গোচৰ), পূব গোৱালপাৰাৰ বিধায়ক আবুল কালাম ৰছিদ আলম (১টা গোচৰ), ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা (২টা গোচৰ), বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদ (১টা গোচৰ), এ আই ইউ ডি এফৰ দক্ষিণ অভয়াপুৰীৰ বিধায়ক অনন্ত কুমাৰ মাল’ (১টা গোচৰ) আৰু জোনাইৰ গণশক্তি দলৰ বিধায়ক ভুৱন পেগু (১টা গোচৰ)৷

এই বিধায়ককেইজনৰ বিৰুদ্ধে চুৰিৰ অভিযোগৰ পৰা হত্যাৰ অভিযোগ পর্যন্ত আছে৷ ঠগ-প্রবঞ্চনা, তথ্য নষ্ট কৰা, হত্যাৰ অপচেষ্টা কৰা, ঘাতক আঘাত কৰা, তথ্যৰ জালিয়াতি কৰা, ভুৱা তথ্য-প্রমাণ দাখিল কৰা আদি বিভিন্ন অভিযোগো আছে জনপ্রতিনিধি কেইজনৰ বিৰুদ্ধে৷ প্রণিধানযোগ্য যে উচচতম ন্যায়ালয়ে বিগত ২০১৪ চনৰ ১০ মার্চত দেশৰ সকলো বিধান মণ্ডলীৰ বিৰুদ্ধে থকা গোচৰ এবছৰৰ ভিতৰত নিষ্পত্তি কৰিবৰ বাবে নির্দেশ দিছিল৷

সেই সময়ত দেশৰ মুঠ ১২৩৩জন অপৰাধমূলক গোচৰ থকা বিধায়ক-সাংসদ আছিল৷ কিন্তু বিগত চাৰি বছৰত মাত্র ১৩৬জনহে জনপ্রতিনিধিৰ গোচৰৰ নিষ্পত্তি কৰা হয়৷ এতিয়াও ১০৯৭জন জনপ্রতিনিধিৰ বিৰুদ্ধে দেশৰ বিভিন্ন আদালতত গোচৰ চলি আছে৷ বিগত ১১ ছেপ্টেম্বৰত এই তথ্য কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রীয়ে উচচতম ন্যায়ালয়ক শপতনামা যোগে দিয়াৰ পাছতে কালি উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ, নবীন সিনহা আৰু কে এম যোছেফৰ আদালতে দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু উচচ ন্যায়ালয়ৰ মহাপঞ্জীয়কলৈ নিজ নিজ ৰাজ্যৰ অভিযুক্ত জনপ্রতিনিধিৰ কিমান গোচৰ চলি আছে বা কাৰ কাৰ গোচৰ বিশেষ আদালতৰ পৰা স্থানান্তৰ কৰা হ’ল তাৰ তথ্য বিচাৰি নির্দেশনা জাৰি কৰে৷

উল্লেখযোগ্য যে উক্ত ১৯খন ৰাজ্যৰ ভিতৰত উত্তৰ পূর্বাঞ্চলৰ অসমকে ধৰি অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ত্রিপুৰা আৰু ছিকিমো আছে৷ অভিযুক্ত জনপ্রতিনিধিৰ ভিৰ থকা অন্য ৰাজ্যকেইখন হ’ল ছট্টিশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, ওড়িষা, পঞ্জাব, ৰাজস্থান, উত্তৰাখণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দাদ্রা আৰু নগৰ হাভেলী, দমন আৰু ডিউ, লাক্ষাদ্বীপ আৰু পুডুচেৰী৷