শেহতীয়া খবৰ
Home / ক্ৰীড়া / ওদালগুৰি জিলা আন্তঃমহাবিদ্যালয় ফুটবল টুৰ্ণামেণ্টত পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজয়ী

ওদালগুৰি জিলা আন্তঃমহাবিদ্যালয় ফুটবল টুৰ্ণামেণ্টত পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজয়ী

ডিজিটেল ডেস্কঃ ওদালগুৰি জিলাৰ টংলা মাষ্টাৰ্ছ স্প’ৰ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত টংলা ষ্টেডিয়ামত ৩ ছেপ্টেম্বৰত আৰম্ভ হোৱা পঞ্চম বাৰ্ষিক উপেন্দ্ৰ নাথ দাস আৰু পদ্মৰাম চৌধুৰী সোঁৱৰণী ওদালগুৰি জিলাভিত্তিক আন্তঃমহাবিদ্যালয় প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্টৰ আজিৰ চূড়ান্ত খেলত পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ট্ৰাইব্ৰেকাৰৰ সহায়ত অৰুণোদয় জুনিয়ৰ কলেজক ৬-৫ গ’লত পৰাজিত কৰি বিজয়ী হয়৷

ভেৰগাঁও মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই উদ্বোধন কৰা খেলৰ আৰম্ভণিৰ ৯ মিনিটত পানেৰী দলৰ ঈছাক দৈমাৰীয়ে প্ৰথমটো গ’ল দিয়াৰ পাছতে অৰুণোদয় দলৰ হৈ ১৯ মিনিটত সুদীপ কুমাৰ দৈমাৰীয়ে এটা গ’ল দি খেলখনৰ সমতা স্থাপন কৰে৷ নিৰ্ধাৰিত সময়ত খেলখন ড্ৰ হৈ ৰোৱাত ট্ৰাইব্ৰেকাৰৰ সহায় ল’বলগীয়া হয় ৷ মুঠ ১২টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ বিজয়ী দলক ১০ হাজাৰ টকাসহ উপেন্দ্ৰ নাথ দাস সোঁৱৰণী বঁটা প্ৰদান কৰে ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই আৰু বিজিত দলক ৭ হাজাৰ টকাসহ পদ্মৰাম চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান কৰে বঁটা দাতা ডাঃ অৱনী চৌধুৰীয়ে ৷ অৰুণোদয় জুনিয়ৰ কলেজ দলৰ সঞ্জীৱ বড়োক কাজল দাস সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰে ভেৰগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক লক্ষ্মীৰাম বড়ো আৰু আফটাব লস্কৰে ৷