শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / সমাজ গঠনত নাৰীৰ ভুমিকা

সমাজ গঠনত নাৰীৰ ভুমিকা

    জাহিদুল ইছলাম মিৰ্ধা

✍জাহিদুল ইছলাম মিৰ্ধা |

মানৱ জাতিৰ ক্ষুদ্ৰতম গোটটোৱেই হ’ল একোটা পৰিয়াল ৷ এটা জাতি হ’ল এনেকুৱা কিছুমান পৰিয়ালৰ সমষ্টি। এই পৰিয়ালবোৰত মাতৃ এগৰাকীৰ ভুমিকা যথেষ্ট গুৰুত্বপূৰ্ণ ৷ সেইবাবেই কোৱা হয় যে এটা আদৰ্শ পৰিয়াল এগৰাকী মাতৃৰ সৃষ্টি আৰু মাতৃ গৰাকীয়ে প্ৰেমেৰে এই পৰিয়ালবোৰ শাসন কৰে। গতিকে এগৰাকী নাৰীয়ে এটা পৰিয়াল সজ আদৰ্শৰে, সুস্থ চিন্তাধাৰাৰে পৰিচালিত কৰি এটা সুস্থ, সৎ পৰিয়াল গঢ়ি তোলা মানে পৰোক্ষভাৱে এটা জাতিৰ, এখন সমাজৰ, এখন দেশৰ উন্নতি সাধন কৰা নহয় জানো ? যিখন ঘৰত ব্যক্তি সকলৰ মাজত প্ৰেম আৰু কৰ্ত্তব্যবোধ বিৰাজমান সেইখন ঘৰৰ পৰা সমাজে সুস্থ ৰুচিবোধসম্পন্ন নাগৰিক আশা কৰিব পাৰে। এইখিনিতে আহি পৰে মাতৃ হিচাপে নাৰী গৰাকীৰ গধুৰ দায়িত্ব। যিয়েই এই দায়িত্ববোধৰ প্ৰতি অধিক সজাগ হয় তেঁৱেই এগৰাকী সফল মাতৃ হ’ব পাৰে ৷ আৰু তেনে এগৰাকী দায়িত্ববোধ থকা মাতৃ হ’বলৈ প্ৰতিগৰাকী নাৰী উপযুক্ত শিক্ষাৰে শিক্ষিত হ’বই লাগিব ৷ কিয়নো
এখন সমাজ পৰিচালিত হ’বলৈ যিবোৰ নীতিৰ প্ৰয়োজন হয় তাৰ মূল উৎস হৈছে ঘৰখন অথবা পৰিয়ালটো আৰু ইয়াৰ মূল চালিকা শক্তি হ’ল নাৰী। এটি শিশুৰ জন্মৰ পৰা লালন-পালন আৰু চৰিত্ৰ গঠনত অৱদান আগবঢ়োৱা প্ৰথম ব্যক্তি গৰাকী হ’ল মাতৃ অৰ্থাৎ এগৰাকী নাৰী। সেইবাবেই ছাগে এগৰাকী মাতৃক প্ৰথম শিক্ষক হিচাপে বিবেচনা কৰা হয়৷ মাতৃৰ মৰম বা মাতৃস্নেহ এনে এটি বস্তু যাৰ প্ৰভাৱ স্থায়ী আৰু সৰ্বব্যাপি হয়। প্ৰতিগৰাকী মাতৃৰে আচাৰ ব্যৱহাৰ আদিৰ শক্তিশালী প্ৰভাৱ নিজৰ সন্তানৰ ওপৰত পৰে । কুমলীয়া বাহঁ এডালক যিফালে ভাজ লগাই দিয়া হয়, ঠিক সেইমুৱা হৈয়ে বাহঁডাল দীঘল আৰু পূৰঠ হয় ৷ ঠিক একেদৰে বাল্যকালত সন্তানৰ মনত মাতৃগৰাকীয়ে সুমুৱাই দিয়া চিন্তা তথা ধাৰণবোৰ পিছৰ জীৱনত তেওঁলোকৰ কাৰ্যত প্ৰতিফলিত হয় ৷ মাতৃৰ পৰা লাভ কৰা এই শিক্ষাৰ পৰা শিশু এটিৰ যি চাৰিত্ৰিক বৈশিষ্ট গঢ় লয় সেইয়া কোনো স্কুলীয়া শিক্ষাই দিব নোৱাৰে। আমি সকলোৱেই জানো যে এটি শিশুৱে দেউতাকতকৈ মাকৰ সান্নিধ্য বেছি লাভ কৰে। সেই কাৰণেই হয়তো শিশুৰ আচৰণ আৰু কাৰ্যৰ ওপৰত মাতৃ গৰাকীৰ প্ৰভাৱ বেছি হয়। নিজৰ অজ্ঞাতেই তেওঁলোকে মাকক অনুসৰণ কৰিবলৈ ধৰে।
পৃথিৱীৰ সকলো ঠাইতে নাৰীৰ প্ৰভাৱ একে। সকলো দেশতে মানুহৰ নীতি-নিষ্ঠা, আচৰণ আৰু চৰিত্ৰ নাৰীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ উদাহৰণ অনেক পোৱা যায়। এই ক্ষেত্ৰত নেপোলিয়ন বোনাপাৰ্টে কোৱা এষাৰ কথা মনত পেলাব পাৰি। তেওঁ কৈছিল –তেওঁৰ জীৱনৰ সফলতাৰ চাবি-কাঠি আছিল তেওঁৰ মাতৃ। কিয়নো তেওঁ বিশ্বাস কৰিছিল যে, তেওঁৰ জীৱনৰ চমকপ্ৰদ সাফল্য সমুহৰ মূলতে আছিল বাল্যকালতে মাকৰ পৰা পোৱা শিক্ষা। মাকে তেওঁৰ ইচ্ছা শক্তিক প্ৰভাৱিত কৰিছিল, কৰ্ম শক্তিক দৃঢ় কৰিছিল। বিশ্ববিখ্যাত বিজ্ঞানী থমাচ আলভা এডিচনৰ নাম নুশুনা মানুহ ছাগে কমেই ওলাব ৷ এইগৰাকী বিশ্ববৰেণ্য বিজ্ঞানীৰ সফলতাৰ আঁৰত আছিল তেখেতৰ মাকৰ বিশেষ অৱদান ৷ এডিচনৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল ৷ কিয়নো প্ৰাথমিক বিদ্যালয়ত মাকে যেতিয়া এডিচনৰ নাম ভৰ্ত্তি কৰাই দিছিল তাৰ পিছত মাত্ৰ তিনিমাহমান সময়হে তেওঁ সেইখন স্কুলত পঢ়িবলৈ পাইছিল ৷ কিয়নো স্কুলৰ শিক্ষকসকলক নানা ধৰণৰ প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি ৰাখিছিল ৷ শেষত উপায় নাপাই এডিচনক সেইখন স্কুলৰ পৰা বাহিৰ কৰি দিযা বুলি মাকলৈ চিঠি লিখি জনাই দিছিল স্কুলৰ প্ৰধান শিক্ষকে ৷ চিঠিখন মাকে পঢ়ি কেৱল চকুলো টুকি থকা দেখি এডিচনে মাকক সুধিছিল চিঠিখনত কি লিখা আছে বুলি ৷ তেতিয়া মাকে আচল কথাটো লুকুৱাই এডিচনক কৈছিল ” তাৰ দৰে চোকা বুদ্ধিৰ ছাত্ৰক পঢ়াবলৈ হেনো সেইখন স্কুলত শিক্ষকেই নাই ৷ সি সকলো কথাই জানে আৰু সি এদিন বহুত ডাঙৰ মানুহ হ’ব ৷” এইবুলি কৈ মাকে চিঠিখন বাকচত ভৰাই থৈছিল ৷ তাৰ পিছত একমাত্ৰ নিজৰ বুদ্ধিমত্তা আৰু মাকৰ তত্ত্বাৱধানত থাকি কোনো আনুষ্ঠানিক শিক্ষা অবিহনেই এডিচন বিশ্ববিখ্যাত হৈ পৰিছিল ৷ তেওঁৰ মাকৰ মৃত্যুৰ পিছত এদিন এডিচনে সেই বাকচটো খুলিছিল আৰু সেই চিঠিখনো পাইছিল ৷ কিন্তু চিঠিখন তেওঁ যেতিয়া পঢ়িছিল তেতিয়া তেওঁৰ চকু চলচলীয়া হৈ পৰিছিল ৷ কাৰণ সেই চিঠিখনত মাকে কোৱাৰ দৰে কথাবোৰ লিখা নাছিল ৷ চিঠিখনত বৰ কৰ্কশ ভাষাৰে লিখা আছিল যে এডিচন এটা মানসিক ভাৰসাম্যহীন ল’ৰা ৷ সি এটা অলগৰ্ধ পাগল ৷ এনেকুৱা পাগল ছাত্ৰক স্কুলত ৰাখিলে স্কুলৰ পৰিৱেশ বিনষ্ট হ’ব ৷ গতিকে তাৰ দৰে এটা পাগলক স্কুলত ৰাখি বাকী ছাত্ৰছাত্ৰীৰ জীৱন নষ্ট হ’বলৈ দিব নোৱাৰি ৷ সেইবাবেই তাক স্কুলৰ পৰা বাহিৰ কৰি দিয়া হ’ল ৷ অথচ সেইজন পাগল এডিচন আজি বিশ্ববিখ্যাত হৈছে একমাত্ৰ মাতৃৰ বাবেই ৷ পৃথিৱীত আৰু এনেকুৱা বহু সফল ব্যক্তিৰ উদাহৰণ আছে যি সকলে এগৰাকী সৎ আদৰ্শ মাতৃৰ সান্নিধ্য লাভ কৰিছিল আৰু মাতৃ গৰাকীৰ সফলতাক গৌৰৱেৰে স্মৰণ কৰিছিল।
এইখিনিতে আৰু এটা কথা অপ্ৰিয় হ’লেও ক’ব লাগিব যে –যেনেকৈ এগৰাকী মাতৃয়ে সন্তানক ভালৰ পিনে পোনাব পাৰে ঠিক তেনেকৈ বেয়াৰ ফালেও ঢাল খুৱাব পাৰে। কিয়নো এগৰাকী অস্থিৰ চৰিত্ৰৰ, উগ্ৰ-স্বভাৱী বা আঁকোৰগোজ স্বভাৱৰ মাতৃয়ে নিজৰ প্ৰতিভাশালী সন্তানৰ মনত কিছু বিৰূপ ভাৱ, চিন্তা সুমুৱাই দি সন্তানৰ ভৱিষ্যত নষ্ট কৰি পেলোৱাৰ উদাহৰণো এই পৃথিৱীত নোহোৱা নহয়। সাম্প্ৰতিক সময়ত ভয়ংকৰ সামাজিক ব্যধিৰ ৰূপ ধাৰণ কৰা যুৱ উশৃঙ্খলতাৰ বাবেও এনে একাংশ উশৃঙ্খল মাতৃ সম্পূৰ্ণৰূপে দায়ী ৷ কিয়নো সেইসকল মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি যি দায়িত্ব পালন কৰিব লাগিছিল সেয়া কৰিব পৰা নাই ৷ সন্তানৰ প্ৰতিটো আবদাৰ বিনাবাক্যে মানি লৈ সন্তানক ক্ৰমে উশৃংখল স্বভাৱৰ হোৱাত উদগনি দি আহিছে ৷ এইবোৰৰ উপৰিও সংসাৰ এখনত বিভিন্ন জনৰ মাজত থকা সম্পৰ্কৰ মাজত ফাট মেলা দেখা যায় যাৰ মুলতে থাকে এগৰাকী নাৰীৰ কু-অভিসন্ধি ৷ যাৰ ফলত বহুত নঘটিবলগীয়া ঘটনাও ঘটি যায় সমাজত বা পৰিয়ালত ৷
সেইবাবেই সাংসাৰিক দায়িত্ব পালনৰ বাবে বিচক্ষণতা গুণ বা ব্যৱহাৰিক জ্ঞান পুৰুষৰ সমানে নাৰীৰো প্ৰয়োজন। ইয়াৰ উদ্ভৱ হয় পৰিশীলিত বিচাৰ বুদ্ধিৰ পৰা ৷ কোনো কাম কৰাৰ আগতে উচিত-অনুচিত ভাবি-চিন্তি কাৰ্য সাধনৰ উপায়, ক্ৰম, উপযুক্ত সময়, পদ্ধতি আদি নিৰ্ণয় কৰা উচিত। এইখিনি কৰিবলৈ যাওঁতে বহু সময়ত নাৰীয়ে কৰ্মশক্তি আৰু উদ্দেশ্যৰ দৃঢ়তাৰ ক্ষেত্ৰত অধিক সজাগ হ’ব লগা হয়। এখন সংসাৰ সূচাৰুৰূপে চলাবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ জ্ঞান, শ্ৰম, সু-শৃঙ্খলা, মিতব্যয়িতা, কৰ্ত্তব্যপৰায়ণতা, সাংগঠনিক শক্তি আদি অনেক গুণৰ প্ৰয়োজন হয়। এনেবোৰ গুণৰ অধিকাৰী হ’বলৈ এগৰাকী নাৰী নিশ্চিতভাৱেই সু শিক্ষাৰে শিক্ষিত হ’ব লাগিব ৷ কাৰণ এগৰাকী শিক্ষিতা নাৰীয়েহে এগৰাকী আদৰ্শ মাতৃ হ’ব পাৰে ৷ এগৰাকী শিক্ষিতা নাৰীৰ গাতহে এনেবোৰ গুণ থাকে যিবোৰৰ জৰিয়তে নিজৰ পৰিয়ালটোৰ লগতে সমাজখনকো সুস্থভাৱে পৰিচালিত কৰাত আগভাগ ল’ব পাৰে ৷ সেইবাবেই শিক্ষাৰ ক্ষেত্ৰত যি লিংগ বৈষম্য সমাজত এতিয়াও প্ৰচলিত হৈ আছে সেই বৈষম্য প্ৰথমে দুৰ কৰিব লাগিব ৷ ছোৱালী শিক্ষাৰ ক্ষেত্ৰত এতিয়াও যিসকলে অৱহেলা কৰি আহিছে সেইসকলৰ মাজত সজাগতা সৃষ্টি কৰি এই সমস্যা সমাধানৰ ক্ষেত্ৰত আমি আগভাগ লব লাগিব ৷ অন্যথা আমাৰ এনেবোৰ সমস্যা কেৱল সমস্যা হৈয়ে থাকিব ৷
এতিয়া হৈছে একবিংশ শতিকাৰ যুগ ৷ শিক্ষা-দীক্ষা, জীৱিকা, শিল্প-কলা, ৰাজনীতি, সমাজসেৱা আদি কোনো ক্ষেত্ৰতে নাৰী পিছ পৰি থকা নাই। কিন্তু এই সকলোবোৰৰ ওপৰত থকা এগৰাকী মাতৃৰ দায়িত্ব নাৰীয়ে কেতিয়াও পাহৰি যোৱা নাই বা পাহৰি যোৱা উচিত নহয়। ল’ৰা-ছোৱালী দুয়োৰে চৰিত্ৰ গঠনত মা-দেউতা দুয়োৰে  ভূমিকা থাকিলেও কিন্তু এই ক্ষেত্ৰত মাতৃ গৰাকীকহে অধিক সজাগ হোৱা দেখা যায় বা হোৱাটো বাঞ্ছনীয়। বহু সময়ত তেওঁলোকৰ এই প্ৰভাৱ কিন্তু চকুত নপৰাকৈয়ে ৰৈ যায়। আৰু তেতিয়াই বিভিন্ন ধৰণৰ বিশৃংখলতাই দেখা দিয়ে ৷ তেওঁলোকৰ এই কামবোৰ ব্যক্তিগত বা পৰিয়াল সংক্ৰান্তীয় হোৱা বাবে এগৰাকী গৃহিনী হিচাপে পৰিয়ালৰ বাবে কৰা চমৎকাৰ সফলতা সমূহো কেতিয়াবা লেখত নপৰাকৈয়ে ৰৈ যায়। কিন্তু ইয়াৰ বাবে তেওঁলোকৰ কোনো আক্ষেপ নাথাকে বা তাৰ বাবে নিজৰ কৰ্ত্তব্যৰ প্ৰতিও অৱহেলা কৰা দেখা নাযায়। জীৱনৰ বিভিন্ন ক্ষেত্ৰত সকলো ধৰণৰ সফলতা পালেও প্ৰতি গৰাকী সৎ নাৰীয়ে সন্তানক প্ৰকৃত ৰূপত মানুহ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত সফল হ’ব পাৰিলেহে আটাইতকৈ বেছি গৌৰৱ অনুভৱ কৰে বুলি ধাৰণা কৰিব পাৰি৷ গতিকে সমাজ বা ৰাষ্ট্ৰ গঠনত নাৰী-পুৰুষ উভয়ৰে অৱদান যথেষ্ট আছে ৷ আৰু আমিও পৰস্পৰে পৰস্পৰৰ সেই অৱদানক স্বীকৃতি দিয়াটো সময়ৰ আহ্বান ৷
মোবাইলঃ ৭০০২৬৪২৮১২