শেহতীয়া খবৰ
Home / ৰাজনীতি / মেঘালয়ৰ প্রাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ নেতা ডি ডি লাপাঙে কংগ্রেছৰ ত্যাগ

মেঘালয়ৰ প্রাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ নেতা ডি ডি লাপাঙে কংগ্রেছৰ ত্যাগ

ডিজিটেল ডেস্কঃ মেঘালয়ৰ প্রাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ নেতা ডি ডি লাপাঙে কংগ্রেছৰ পৰা পদত্যাগ কৰে৷ পাঁচবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ পদ গ্রহণ কৰা লাপাঙৰ পদত্যাগ কংগ্রেছৰ বাবে এক ডাঙৰ বিপর্যয় ৰূপে পৰিগণিত হৈছে৷ লাপাঙে দলটোৰ নেতৃত্বৰ বিৰুদ্ধে জ্যেষ্ঠ নেতাক উপেক্ষা কৰাৰ অভিযোগ কৰিছে৷ কালি নিশা কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীলৈ প্রেৰণ কৰা এখন পত্রত তেওঁ কয় যে অনিচছা সত্ত্বেও আৰু গধুৰ মনেৰে তেওঁ কংগ্রেছৰ পৰা পদত্যাগ কৰিছে৷ লাপাং মেঘালয় প্রদেশ কংগ্রেছ কমিটীৰ প্রাক্তন সভাপতিও৷ তেওঁ নিখিল ভাৰত কংগ্রেছ কমিটীয়ে (এ আই চি চি) দলটোৰ জ্যেষ্ঠ আৰু অভিজ্ঞ নেতাসকলক অৱহেলা কৰাৰ নীতি মানি চলা বুলি অভিযোগ কৰে৷ লাপাঙে গান্ধীলৈ লিখা পত্রখনত কয়, ‘এতিয়া জ্যেষ্ঠ আৰু অভিজ্ঞ লোকসকলৰ সেৱা তথা যোগদান দলটোৰ বাবে উপযোগী হৈ থকা নাই বুলি মই গণ্য কৰিছোঁ৷’ তেওঁ লগতে কয়, ‘এনে ধৰণৰ প্রতিবন্ধকতাই মোক হতাশ কৰিছে আৰু ই মোক দলটোৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ল’বলৈ বাধ্য কৰিলে৷’ ইফালে এ আই চি চিৰ মেঘালয়ৰ দায়িত্বত থকা সাধাৰণ সম্পাদক লুইজিনহো ফেলেৰিইয় কয় যে যোৱা তিনি বছৰে তেওঁ লাপাঙক লগ ধৰা নাই৷ লাপাঙে কংগ্রেছ ত্যাগ কৰাৰ সিদ্ধান্তটোত আশ্চর্য প্রকাশ কৰিছে মেঘালয় প্রদেশ কংগ্রেছৰ সভাপতি চেলেষ্টাইন লিংডোৱে৷ তেওঁ সোনকালেই এই বিষয়টো সমাধান কৰিব পাৰিব বুলি আশা প্রকাশ কৰিছে৷