শেহতীয়া খবৰ
Home / ৰাজনীতি / আদালত চৌহদত অনিল ৰাজাৰ গালৈ চিঁয়াহী নিক্ষেপ

আদালত চৌহদত অনিল ৰাজাৰ গালৈ চিঁয়াহী নিক্ষেপ

ডিজিটেল ডেস্ক, গুৱাহাটীঃ অসমৰ ৰাজনীতিত এক নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছিল। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে পত্ৰ বোমাৰে ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰা অনিল ৰাজা আজি আদালত চৌহদত আক্ৰোশৰ বলি হ’ব লগীয়া হ’ল। আদালতৰ ভিতৰৰ পৰা বাহিৰলৈ আহি সাংবাদিকৰ সন্মুখত মন্তব্য দিয়াৰ সময়তেই অনিল ৰাজা মূৰ্দাবাদ ধবনি দি এজন যুৱকে সন্মুখলৈ আহি ৰাজাৰ দেহলৈ চিঁয়াহী নিক্ষেপ কৰে। লগে লগে অনিল ৰাজা মূৰ্দাবাদ ধবনিৰে আদালত চৌহদ উত্তাল হৈ পৰে। অৱশেষত দৌৰাদৌৰিকে অনিল ৰাজাৰ উক্ত স্থান ত্যাগ কৰে। চিঁয়াহী নিক্ষেপ কৰা যুৱকজন ৰকিবুল সমৰ্থক বুলি অভিযোগ কৰে যদিও অনিল ৰাজাৰ উক্ত অভিযোগ খণ্ডন কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে অনিল ৰাজাৰ সমৰ্থকে এই কাম কৰিছে। ৰাজাই নিগেটিভ পাব্লিচিটিৰ বাবে এই কাম কৰিছে। উল্লেখ্য যে কংগ্ৰেছৰ আমোলত মন্ত্ৰী হৈ থকা সময়ত ৰকিবুল হুছেইনে নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছিল বুলি অনিল ৰাজাই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। উক্ত অভিযোগৰ ভিত্তিত ৰকিবুল হুছেইনে অনিল ৰাজাৰ বিৰুদ্ধে কামৰূপ জিলাৰ  মুখ্য ন্যায়িক দণ্ডাধিকৰ আদালতত মান হানি গোচৰ তৰে। উক্ত গোচৰ সন্দৰ্ভত বিগত সময়ত আদালতে অনিল ৰাজাক কেবাবাৰো আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল যদিও অসুস্থতাৰ দোহাই দি উপস্থিত থকাৰ পৰা বিৰত থাকে। অৱশেষত আজি উক্ত মান হানি গোচৰ সন্দৰ্ভত চিজেএম আদালতত হাজিৰ হয় অনিল ৰাজা। আদালতে অনিল ৰাজাৰ পৰা বিষয়টো সন্দৰ্ভত কেতবোৰ নথি বিচাৰে। কিন্তু অনিল ৰাজাৰ অধিবক্তাই তথ্যপাতিৰ বাবে অতিৰিক্ত সময় বিচাৰি আবেদন দাখিল কৰে। আদালতে ১ অক্টোবৰৰ সময়সীমা দিয়ে। উক্ত দিনা পুনৰ আদালতত শুনানী অনুষ্ঠিত হ’ব। আজি আদালত চৌহদৰ সাংবাদিকৰ সন্মুখত ৰকিবুল হুছেইনে অনিল ৰাজাৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ পৰে। প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয় “অনিল ৰাজাই যি অভিযোগ আনিছিল বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে চলিব লাগে আৰু যদি অভিযোগ প্ৰমাণিত হয় মোৰ শাস্তি হ’ব।” এতিয়া অভিযোগ প্ৰমাণিত কৰাৰ বিপৰীতে সময় বিচাৰিছে। অনিল ৰাজাই পলায়নবাদী মনোভাৱ লৈছে। কেতিয়াবা বেমাৰৰ কথা কৈ আদালতত উপস্থিত হোৱাৰ পৰা বিৰত থাকে। আজি আদালতত উপস্থিত হৈ অধিক তথ্য বিচাৰি আবেদন দাখিল কৰা বিষয়টোৱে ৰাজাৰ ৪২০ স্বৰূপটোক উদঙাই দিছিল। কাৰোবাৰ প্ৰৰোচনাত পৰি এই কাণ্ড কৰিছে বুলিও ৰকিবুলে অভিযোগ কৰে। ইপিনে অনিল ৰাজাৰ দেহলৈ চিয়াঁহী নিক্ষেপ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰকিবুল হুছেইনে কয় যে যি গৰাকী যুৱকে চিঁয়াহী নিক্ষেপ কৰিছে তেওঁ মোৰ  সমৰ্থক নহয়। মোৰ সমৰ্থকে এনেকুৱা কাণ্ড নকৰে। নিগেটিভ পাব্লিচিটিৰ বাবে অনিল ৰাজাই এনেকুৱা কাম কৰিছে বুলি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে আৰু কয় যে বিগত সময়ত স্নাতক উত্তীৰ্ণ নহয় বুলি অভিযোগ আনিছিল আৰু উক্ত অভিযোগ প্ৰমাণিত কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ ৰাজহুৱা কৰাৰ পিছতো অনিল ৰাজাই কিয় ৰাজহুৱা জীৱন ত্যাগ কৰা নাই সেয়া উত্তৰ দিয়ক বুলি হুছেইনে প্ৰশ্ন কৰে। অনিল ৰাজাক ঠগ প্ৰৱঞ্চক আখ্যা দিয়ে হুছেইনে। মন কৰিবলগীয়া যে বিগত সময়ত অনিল ৰাজাৰ প্ৰত্যাহবান গ্ৰহণ কৰি এটাৰ পিছত এটাকৈ অভিযোগ খণ্ডন কৰি গৈছিল হুছেইনে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাই যি অভিযোগ আনিছে সেয়া এতিয়ালৈ প্ৰমাণিত কৰিবলৈ সক্ষম হোৱা নাই। যি কি নহওক এক প্ৰকাৰ অনিল ৰাজাৰ মিথ্যাচাৰৰ স্বৰূপ ক্ৰমাৎ পোহৰলৈ আহিব ধৰিছে।