শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ১৩,৪৯৯ টকাত দিল্লীৰ পৰা ৱাশ্বিংটন যাত্ৰা সুলভ

১৩,৪৯৯ টকাত দিল্লীৰ পৰা ৱাশ্বিংটন যাত্ৰা সুলভ

ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা আমেৰিকা যাত্ৰা এতিয়াৰে পৰা সুলভ হৈ পৰে৷ কানাডাৰ বিমানৰ জৰিয়তে ভাৰত-আমেৰিকাৰ মাজত যাত্ৰা অতি সুলভ হৈ পৰা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ৷ জানিব পৰা অনুসৰি নতুন দিল্লীৰ পৰা ৱাশ্বিংটনলৈ বিমানেৰে যাত্ৰা এতিয়াৰে পৰা মাত্ৰ ১৩,৪৯৯ টকা৷ পৰৱৰ্তী সময়ত নতুন দিল্লীৰ পৰা ইউৰোপলৈও যাত্ৰা অতি সুলভ কৰিব বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ৷ ৱাও নামৰ বিমান কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি উক্ত পৰিমাণৰ টকাত দিল্লীৰ পৰা ৱাশ্বিংটন যাত্ৰাকে ধৰি চিকাগো, আয়াৰলেণ্ড, ছান ফ্ৰান্সিস্কো, বাল্টিমোৰ আদি স্থানতো ভ্ৰমণ কৰিব পাৰিব৷ উল্লেখ্য যে ইয়াৰ বাবে ১৮ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰৰ ভিতৰত যাত্ৰীয়ে টিকটৰ বাবে বুক কৰিব পাৰিব৷ যাতায়াত ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি প্ৰকাশ৷