শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গাড়ী বিক্ৰীৰে পাক চৰকাৰে সংগ্ৰহ কৰিলে ৬০ হাজাৰ ডলাৰ

গাড়ী বিক্ৰীৰে পাক চৰকাৰে সংগ্ৰহ কৰিলে ৬০ হাজাৰ ডলাৰ

ডিজিটেল ডেস্কঃ আৰ্থিকভাৱে সকাহ পাবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এক পদক্ষেপ গ্ৰহণ কৰে৷ উক্ত দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিলাসী গাড়ী নিলামেৰে ৬০ লাখ ডলাৰ আয় কৰাৰ লক্ষ্য ৰাখে৷ ইয়াৰ বাবে পাক চৰকাৰে এক নিলাম কেন্দ্ৰৰ জৰিয়তে গাড়ী বিক্ৰীৰ ব্যৱস্থা লয়৷ উক্ত কেন্দ্ৰত দেশখনৰ ধনী ব্যক্তিসকল গাড়ী ক্ৰয়ৰ বাবে হেতা-ওপৰা লাগে৷ পাছে গাড়ীৰ মূল্য শুনি ক্ৰেতাসকল কোঁচ-মোচ খাবলগীয়া হয়৷ বুলেটপ্ৰুফ বাহনকে ধৰি আন বিলাসী গাড়ীসমূহৰ অত্যধিক দাম হোৱাত গাড়ী কিনাৰ পৰা অধিকসংখ্যক লোক আঁতৰি থাকে৷ অৱশ্যে একাংশই গাড়ী কিনাৰ ফলত ৬০ হাজাৰ ডলাৰ আয় হয় পাক চৰকাৰৰ৷ ৬০ লাখ ডলাৰৰ লক্ষ্য ৰখা পাক চৰকাৰখনৰ মাত্ৰ ৬০ হাজাৰ ডলাৰ আয় হোৱাত আৰ্থিক দিশত অন্য এক আঘাত হোৱা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ৷