শেহতীয়া খবৰ
Home / ক্ৰীড়া / অসম ক্ৰিকেটত উপেক্ষিত পেচবলাৰ কৃষ্ণ দাস, পেছাদাৰী খেলুৱৈ হিচাপে গোৱা দলত যোগদান

অসম ক্ৰিকেটত উপেক্ষিত পেচবলাৰ কৃষ্ণ দাস, পেছাদাৰী খেলুৱৈ হিচাপে গোৱা দলত যোগদান

ডিজিটেল ডেস্ক, বৰপেটাঃ অসম ক্ৰিকেট সন্থাই ৰাজ্যত খেলুৱৈ জন্ম দিয়াৰ পৰিৱৰ্তে বহি:ৰাজ্যৰ খেলুৱৈক অধিক গুৰুত্ব দিয়া বুলি সততে চৰ্চিত হৈ থকা কথাষাৰ পুনৰ এবাৰ প্ৰমাণিত হল ৰাজ্যৰ প্ৰতিভাবান পেছবলাৰ কৃষ্ণ দাসৰ ক্ষেত্ৰত ৷ অসম ক্ৰিকেট সন্থাৰ দ্বাৰা বিগত বৰ্ষত পেছবলাৰ গৰাকী উপক্ষিত হোৱাৰ বাবেই ২০১৮- ১৯ বৰ্ষৰ বাবে গোৱা দলত যোগদান কৰিছে ৰাজ্যৰ প্ৰতিভাবান পেছবলাৰ কৃষ্ণ দাসে৷ ২০১৬ বৰ্ষৰ ৰঞ্জী ট্ৰফীত অসমৰ হৈ খেলি “বৰপেটা এক্সপ্ৰেছ” বুলি  পৰিচিত কৃষ্ণ দাসে বছৰটোত দেশৰ ভিতৰতে সৰ্বাধিক ৬০ টা উইকেট লাভ কৰিছিল যদিও তাৰ পিছৰ বছৰটোত অসম দলত অন্তৰ্ভূক্ত হোৱা নাছিল কৃষ্ণ দাসে৷ একেদৰে উক্ত বছৰটোতে ৰাজ্যৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ হিচাপে ইৰাণী ট্ৰফীতো উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল কৃষ্ণ দাসে৷ ভাল প্ৰদৰ্শন কৰিও  অসম ক্ৰিকেট দলত স্থান লাভ নকৰাত যোৱা বৰ্ষত ক্ৰিকেটাৰগৰাকীয়ে কিছু হতাশাত ভূগিছিল যদিও গোৱা দলৰ প্ৰশিক্ষক প্ৰকাশ মায়েংকাৰে কৃষ্ণ দাসৰ সৈতে যোগাযোগ কৰে৷ গোৱা দলৰ প্ৰশিক্ষক গৰাকীৰ তৎপৰতাত কৃষ্ণ দাসে পেছাদাৰী খেলুৱৈ হিচাপে ২০১৮- ১৯ বৰ্ষৰ বাবে গোৱা দলত যোগদান কৰে আৰু ১৭ ছেপ্তেম্বৰত গোৱালৈ ৰাওনা হয়৷ চলিত বৰ্ষত কৃষ্ণ দাসে গোৱা দলৰ হৈ ৰঞ্জী ট্ৰফী, বিজয় হাজাৰে ট্ৰফী আৰু ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷ গোৱাৰ হৈ প্ৰথমখন খেলত কৃষ্ণ দাসে আজি বাংগালোৰত খেলিব৷ উল্লেখ্য যে, ৪০ খন ৰঞ্জী ট্ৰফীত ১৪০ টা উইকেট লাভ কৰা কৃষ্ণ দাসৰ শ্ৰেষ্ঠ প্ৰদৰ্শন উৰিষ্যাৰ বিৰুদ্ধ ২১ ৰাণত ৭ টা উইকেট লাভ৷  ১৯ বছৰ অনুৰ্ধৰ ভাৰতীয় দল, ভাৰতীয় ব্লু দল, ভাৰতীয় “এ” দল, অৱশিষ্ট ভাৰতীয় দলৰ লগতে ইৰানী ট্ৰফীত অংশগ্ৰহণ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে কৃষ্ণ দাসে৷ প্ৰশিক্ষক সনথ কুমাৰ আৰু ঘৰুৱা প্ৰশিক্ষক জাভেদ খানৰ প্ৰচেষ্টাত ক্ৰিকেট জগতত নিজৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে কৃষ্ণ দাসে৷