শেহতীয়া খবৰ
Home / ৰাজনীতি / ১০ বিধ নথিৰেই কৰিব লাগিব দাবী আবেদন, ৫ নথি কৰ্তনৰ আবেদন গ্ৰহণ সৰ্বোচ্চ ন্যায়ালয়ৰ

১০ বিধ নথিৰেই কৰিব লাগিব দাবী আবেদন, ৫ নথি কৰ্তনৰ আবেদন গ্ৰহণ সৰ্বোচ্চ ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত মাননীয় উচ্চতম ন্যায়ালয়ত চলি থকা WP(c) No. 274/2009 গোচৰৰ আজি ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত শুনানী অনুষ্ঠিত হয়। দাবী আবেদনকাৰীৰ ক্ষেত্ৰত লিগেচি নথিৰ ৫ বিধ নথি কৰ্তন কৰি ১০ বিধ নথি প্ৰযোজ্য কৰিব লাগে বুলি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই উচ্চতম ন্যায়ালয়ক আগবঢ়োৱা পৰামৰ্শ সম্পৰ্কে আজি মূলতঃ আদালতত শুনানী হয়। আছাম পাব্লিক ৱৰ্কছ, সচেতন নাগৰিক মঞ্চ, আমছু, জমিয়ত উলেমাই প্রতীক হাজেলাৰ পৰামৰ্শক বিৰোধ কৰাৰ লগতে অযুক্তিকৰ পৰামৰ্শ বুলি মাননীয় আদালতত যুক্তি প্ৰদৰ্শন কৰে। The Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules 2003 amended in 2009 ত যিহেতু উল্লেখ আছে যে ১৯৫১ চনৰ NRC আৰু ১৯৭১ চনলৈ প্ৰকাশিত ভোটাৰ তালিকাৰ ওপৰত ভিত্তি কৰি NRC হ’ব সেয়ে এই মূল দুবিধ নথি কৰ্তন কৰা সম্ভৱ নহয়। সমান্তৰালকৈ যিহেতু এই দুবিধ নথিয়েই সমগ্ৰ অসমৰ সকলো ঠাইতে নাই সেয়ে বাকী নথি সমূহ সকলো পক্ষৰ লগত কৰা আলোচনাৰ অন্তত অনুমোদিত হৈছিল। সকলোকে সমান ভাবে নাগৰিকত্ব প্ৰমান কৰিবলৈ সুযোগ প্ৰদান নকৰিলে ভাৰতীয় সংবিধানৰ সমতাৰ অধিকাৰ অনুচ্ছেদ ১৪ খৰ্ব কৰাৰ লগতে যিসকল বৈধ ভাৰতীয় নাগৰিকে নথি থকা স্বত্বেও নিজৰ নাগৰিকত্ব প্ৰমান কৰিব নোৱাৰিব তেওলোকৰ লগত অন্যায় কৰা হব বুলিও যুক্তি আগবঢ়ায়।

আদালতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আমছু, ছৈয়দ আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়তৰ লগতে অন্যান্য পক্ষৰ অধিবক্তা সকলৰ যুক্তিৰ লগতে প্ৰতীক হাজেলাৰ মন্তব্য শুনি অহা ২৫ ছেপ্টেম্বৰ, ২০১৮ ইং তাৰিখৰ পৰা দাবী আপত্তি আবেদন দাখিল ও গ্ৰহন কৰিব পাৰিব বুলি নিৰ্দেশনা দিয়ে। দাবী-আপত্তি আবেদন দাখিলৰ প্ৰথম এমাহত যি সকলে ১০ বিধ নথিৰ যিকোনো এবিধেৰে আবেদন কৰিব ইচ্ছা কৰে তেওলোকে আবেদন কৰিব পাৰিব। যি সকলৰ এই ১০ বিধ নথি নাই তেনেলোকে আবেদন নকৰি প্ৰথম এমাহ অপেক্ষা কৰিব লাগিব। দাবী আবেদনৰ সময়সীয়া পূৰ্বৰ ৩০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ বৃদ্ধি কৰিবলৈ আদেশ দিছে সৰ্ব্বোচ্চ ন্যায়ালয়ে৷ পৰবৰ্তী শুনানীৰ পূৰ্বে ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই প্ৰথম এমাহত কিমান সংখ্যক আবেদনকাৰীয়ে ১০ বিধ নথিক ভিত্তি কৰি আবেদন কৰিল সেই সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বাকী ৫ বিধ নথি প্ৰযোজ্য কৰিব নে নকৰে সেয়া মাননীয় আদালতে বিবেচনা কৰিব। মাননীয় আদালতে আজি এই ৫ বিধ নথিক অগ্ৰাহ্য নকৰি এমাহৰ বাবে হোল্ডত ৰাখিছে। প্ৰয়োজনবোধে আদালতে পৰবৰ্তী এমাহৰ বাবে এই ৫ বিধ নথিক অৰ্থাৎ মুঠতে ১৫ বিধ নথিকে সকলোৰে বাবে প্ৰযোজ্য কৰি দিব বুলিয়ো মন্তব্য কৰে। পৰবৰ্তী শুনানী অহা ২৩ অক্টোবৰ, ২০১৮ ইং তাৰিখে দিনৰ ২ বজাত অনুষ্ঠিত হ’ব।