শেহতীয়া খবৰ
Home / ৰাজনীতি / নিজৰ কথাৰ মূল্য ৰাখি অনিল ৰাজাই ক্ষমা খোজকঃ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া

নিজৰ কথাৰ মূল্য ৰাখি অনিল ৰাজাই ক্ষমা খোজকঃ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে আজি অনিল ৰাজাই যি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে তাক সম্পূৰ্ণৰূপে নশ্যাৎ কৰিছে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে। অনিল ৰাজাৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনে কয় যে অনিল ৰাজাৰ কথাৰ কোনো মূল্য নাই। পূৰ্বতে তেওঁৰ বিৰুদ্ধে স্নাতকৰ ডিগ্ৰী ভূৱা বুলি অভিযোগ উত্থাপন কৰি সেয়া প্ৰমাণিত কৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰাৰ লগতে ক্ষমা খুজিব বুলি সংবাদমেলত মন্তব্য কৰাৰ পিছত কি কাৰণত ৰকিবুল হুছেইনে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰমাণপত্ৰ দেখুৱাৰ পিছতো অনিল ৰাজাই ৰাজহুৱা জীৱন ত্যাগ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে তেওঁৰ ওচৰত কেতিয়া ক্ষমা খুজিব আহিব বুলি ওলোটাই প্ৰশ্ন উত্থাপন কৰে। হকে বিহকে আয়তকৈ অধিক সম্পত্তি থকা বুলি অভিযোগ উত্থাপন কৰি থকা অনিল ৰাজাই বদৰুদ্দিনৰ আত্মীয়ৰ সৈতে অবৈধ ব্যৱসায় অব্যাহত ৰখা বুলি অভিযোগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে। ইয়াৰ উপৰি হাউচফেডত কৰ্মৰত থকা সময়ত বহুতো অবৈধ ব্যৱসায়ীৰে সম্পত্তি গঢ়া বুলিও অভিযোগ কৰে ৰকিবুল হুছেইনে। কোনো কাৰণতে অনিল ৰাজাৰ কথাত গুৰুত্ব নিদিয়ে বুলি মন্তব্য কৰি অনিল ৰাজাই নিজেই কংগ্ৰেছৰ ইতিহাস নাজানে বুলি অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ ইতিহাস জনা হ’লে এআইইউডিএফ আৰু বিজেপিৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে কংগ্ৰেছক তুলনা নকৰিলেহঁতেন। কংগ্ৰেছত থাকি আবুল কালাম আজাদ আৰু চৈয়দ তৈয়বুল্লা আদিৰ দৰে নেতাই জনসাধাৰণক  সেৱা আগবঢ়োৱাৰ লগতে সম্প্ৰীতিৰ এনজৰী গঢ়ি তুলিছিল। তেনে এটা দলক সাম্প্ৰদায়িক দলৰ সৈতে তুলনা কৰা জন ইতিহাস নজনাটোকে সূচাইছে। সততে অভিযোগ উত্থাপন কৰি থকা অনিল ৰাজাৰ বিৰুদ্ধে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক গৰাকীয়ে আদালতত পুনৰ গোচৰ তুলিব বুলি হুংকাৰ দিয়াৰ লগতে তেওঁৰ প্ৰশ্নৰ উত্তৰসমূহ পলাই নুফুৰি আদালতৰ চৌহদত দিবলৈ আহবান জনায়। বিভিন্ন মন্তব্য কৰি থকা অনিল ৰাজাৰ কথাৰ কোনো গুৰুত্ব নোহোৱাৰ লগতে তেওঁৰ মতিভ্ৰম ঘটা বাবেই যিহকে তিহকে অনবৰকে মন্তব্য কৰি থাকে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰকিবুল হুছেইনে।