শেহতীয়া খবৰ
Home / ৰাজনীতি / ৪৫ দিনত পাঁচশ কোটি টকা সংগ্ৰহৰ পৰিকল্পনা কংগ্ৰেছৰ

৪৫ দিনত পাঁচশ কোটি টকা সংগ্ৰহৰ পৰিকল্পনা কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ ২০১৯ ৰ লোকসভা নিৰ্বাচনলৈ ছমাহ মান বাকী আছে যদিও কংগ্ৰেছ দলে নিৰ্বাচনী পুঁজি সংগ্ৰহৰ পৰিকল্পনা প্ৰস্তুত কৰি তুলিছে। প্ৰকাশিত বাতৰি অনুসৰি নিৰ্বাচনৰ প্ৰচাৰৰ ব্যয় সংগ্ৰহৰ বাবে কংগ্ৰেছ অহা দুই অক্টোবৰৰ পৰা লোক সম্পৰ্ক আন্দোলন আৰম্ভ কৰিব। গান্ধী জয়ন্তীৰ পৰা দলটোৱে আৰম্ভ কৰিব লগা এই আভিযানৰ জৰিয়তে কংগ্ৰেছে ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰিব। ইতিমধ্যে দলটোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ পৰা দান-বৰঙণি বিচাৰি আবেদন কৰিছে। কংগ্ৰেছৰ ৰাজস্থানৰ সভাপতি শচীন পাইলটে টুইটাৰত ৰাজ্যবাসীৰ পৰা দান-বৰঙণি বিচাৰি দলটোৱে পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰিছে। গণ সংযোগ আন্দোলনৰ জৰিয়তে কংগ্ৰেছে ৪৫ দিনৰ ভিতৰত পাঁচশ কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দলটোৰ প্ৰতিগৰাকী সাংসদ আৰু বিধায়কে এমাহৰ বেতন এই পুঁজিলৈ আগবঢ়াব। তদুপৰি সমগ্ৰ দেশত থকা ১০ লাখ বুথৰ পৰা কংগ্ৰেছে পাঁচ হেজাৰ টকাকৈ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।