শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / পুনৰ বৃদ্ধি পেট্ৰ’ল ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পেট্ৰ’ল ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ পুনৰ বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য। শুক্ৰবাৰে ৰাতিপুৱা নতুনকৈ বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য। চেন্নাইত ৭ পইচা বৃদ্ধিৰে পেট্ৰ’লৰ মূল্য হৈছে ৮৫.৪৮ টকা। দেশৰ ভিতৰত মুম্বাইত পেট্ৰ’লৰ মূল্য সৰ্বাধিক। শুক্ৰবাৰ ৰাতিপুৱা ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৮২.৩২ টকা আৰু ডিজেলৰ মূল্য হৈছে ৭৩.৮৭ টকা। বাণিজ্য নগৰী মুম্বাইত ডিজেলৰ মূল্য ৭৮.৪২ টকা।

বৃহস্পতিবাৰেই পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি হৈছে সমগ্ৰ দেশতে। প্ৰতি লিটাৰ পেট্ৰলত ৬ পইচাকৈ মূল্য বৃদ্ধি হয়। দিল্লী, মুম্বাই আৰু কলিকতাত এই মূল্য বৃদ্ধি দেখিবলৈ পোৱা যায়। দিল্লীত ৮২.২২ টকা, মুম্বাইত ৮৯.৬০ টকা আৰু কলিকতাত ৮৪.৭০ টকা প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য । বিগত কেইবা সপ্তাহত ধৰিয়েই বৃদ্ধি হৈ আছে পেট্ৰ’ল-ডিজেলৰ  মূল্য। আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্বাভাৱিকভাৱে ইন্ধনৰ মূল্যবৃদ্ধি হোৱা বাবেই ধাৰাবাহিক ভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হৈ আছে বুলি জনায় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।