শেহতীয়া খবৰ
Home / ৰাজনীতি / হাত ধৰিবলৈ গৈ মুখ ঠেকেচা আজমলৰ

হাত ধৰিবলৈ গৈ মুখ ঠেকেচা আজমলৰ

বদৰুদ্দিনৰ মিত্ৰতাৰ প্ৰস্তাৱ নস্যাৎ কংগ্ৰেছৰ, এআইইউডিফ এতিয়া কাগজতহে চলিছেঃ ৰিপুণ বৰা

ডিজিটেল ডেস্কঃ সংখ্যালঘু জনতাক পোনবন্দী কৰি ৰাজনৈতিক মুনাফা লুটা এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কংগ্ৰেছৰ হাতত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাং পাতিছিল যদিও সেয়া বাস্তৱত ৰূপায়িত নহ’ল। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ঘৰিয়ালৰ চকুপানী টুকি ভাওনা কৰি অহা বদৰুদ্দিন আজমলৰ আশাত চেঁচা পানী পৰিল। মূলতঃ হাত ধৰিবলৈ গৈ চৰম ভাবে মুখ ঠেকেচা খালে আজমলে। প্ৰতিমুহূৰ্তত মিথ্যাচাৰ আৰু ঠগ প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা আজমলৰ প্ৰকৃত স্বৰূপটো পোহৰলৈ অহাৰ পিছত গণ বিচ্ছিন্ন হৈ পৰা এআইইউডিফ দলটোক পুনৰবাৰ উদ্ধাৰ কৰিবলৈ কংগ্ৰেছৰ হাত ধৰিবলৈ কৌশল অৱলম্বন কৰিছিল যদিও শেষ মুহূৰ্তত নৰজিল। বদৰুদ্দিন আজমলৰ মিত্ৰতাৰ প্ৰস্তাৱ একমুখে নস্যাৎ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। কালি দলীয় সভাত বদৰুদ্দিন আজমলে হঠাৎ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়োৱা ঘটনাটোত এক ৰহস্য জড়িত হৈ আছে বুলি উল্লেখ কৰি ৰিপুণ বৰাই আজি তেওঁলোকৰ স্থিতি স্পষ্ট কৰি কয় যে অসমৰ তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈকে এআইইউডিএফৰে মিত্ৰতা নিবিচাৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সৈতে কোনো কাৰণতে আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দি ৰিপুণ বৰাই আৰু কয় যে আজমলৰ সৈতে ভৱিষ্যতলৈকো মিত্ৰতা অসম্ভৱ। আজিৰ তাৰিখত কংগ্ৰেছ শক্তিশালী, দূৰ্বল স্থিতিত থাকিলেহে আনৰ সৈতে মিত্ৰতা কৰে। এআইইউডিএফ দল বৰ্তমান কাগজতহে চলিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে ৰাইজৰ মাজত আজমল নাই। সম্পূৰ্ণৰূপে গণ বিচ্ছিন্ন হৈ পৰিছে এআইইউডিএফ। ইপিনে বদৰুদ্দিন আজমলৰ এই নাটক সন্দৰ্ভত একাংশ কংগ্ৰেছীয়ে মুকলিভাৱে অভিযোগ কৰে যে আজমলে নিৰ্বাচন আহিলে ভাওনাৰ দৰে অভিনয় কৰে। আগন্তুক নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ফন্দি পাতিছে আজমলে। বিগত বিধান সভাৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে গণ বিচ্ছিন্ন হৈ পৰা বদৰুদ্দিন আজমলে এতিয়া চলে-বলে-কৌশলে নিজৰ স্বাৰ্থপূৰ্ণত উঠি পৰি লাগিছে। বিগত বিধান সভাৰ নিৰ্বাচনত বিজেপি সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়োৱা আজমলে শেহতীয়াকৈ আন এক গোপন পৰিকল্পনা ৰচনা কৰিছে বুলিও একাংশই অভিযোগ কৰিছে। মন কৰিবলগীয়া যে বিগত বিধানসভা নিৰ্বাচনত গেৰুৱা দল বিজেপিক বদৰুদ্দিন আজমলে প্ৰত্যক্ষভাৱে সহযোগিতা কৰা বুলি অভিযোগ উত্থাপিত হৈছে। পাঁচ জনমতো আজমলৰ দলৰ প্ৰাৰ্থীয়ে জয়ী হ’ব নোৱাৰা সমষ্টিটো প্ৰাৰ্থীত্ব প্ৰদান কৰি কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাস্ত কৰাৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰা বদৰুদ্দিনৰ মুখা খোল খাইছিল। বিজেপিক দিছপুৰৰ গাদীত বহুৱাৰ স্বাৰ্থতেই বিগত বিধানসভা নিৰ্বাচনত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বাৰম্বাৰ কংগ্ৰেছৰ নাম লৈ মেৰু বিভাজন ঘটাইছিল সেয়া সৰ্বজনবিদিত। আজমলৰ দলৰ একাংশ শীৰ্ষ নেতাই দল ত্যাগ কৰি বিগত বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে গোপন বুজাবুজি আছিল সেয়া ফাদিল কৰিছিল। নিৰ্বাচনৰ পিছতেই আজমলৰ স্বৰূপ পোহৰলৈ অহাত একপ্ৰকাৰ দলটোক সাধাৰণ জনতাৰ পৰা বিচ্ছিন হৈ পৰিছিল। সমষ্টিয়ে সমষ্টিয়ে গঢ়াহ খহনীয়াৰ সৃষ্টি হৈছে। এআইইউডিএফ দল ত্যাগ কৰি আন দলত যোগদান কৰিছিল এআইইউডিএফ দলৰ তৃণমূল কৰ্মীয়ে। মূলত দলটোত এতিয়া শীৰ্ষ নেতা বুলিবলৈ যেন কোনোৱে নাই। সম্পূৰ্ণৰূপে আজমল এণ্ড কোম্পানীৰ দৰে এআইউডিএফ দলটো চলিছে সেয়া সকলোৰে মুখে মুখে শুনিবলৈ পোৱা যায়। যি কি নহওক গণ বিচ্ছিন্ন হৈ পৰা তথা ভৰিৰ তলৰ মাটি হেৰুৱাৰ উপক্ৰম হোৱা দেখি এতিয়া আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ নাটক ৰচনা কৰি পুনৰবাৰ ৰাজনৈতিক মুনাফা লুতিবলৈ কৌশল অৱলম্বন কৰিছিল যদিও শেষ মুহূৰ্তত কংগ্ৰেছে নস্যাৎ কৰিলে।