শেহতীয়া খবৰ
Home / ক্ৰীড়া / ২৫ ছেপ্টেম্বৰত কোহলী-মীৰাবাইক দিয়া হ’ব খেলৰত্ন বঁটা

২৫ ছেপ্টেম্বৰত কোহলী-মীৰাবাইক দিয়া হ’ব খেলৰত্ন বঁটা

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্রিকেট দলৰ কেটেইন বিৰাট কোহলী আৰু ভাৰোত্তোলক মীৰাবাই ছনু যুটীয়াভাৱে দেশৰ সর্বোচ্চ ক্রীড়া সম্মান ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰৰবাবে নির্বাচিত হৈছে। ক্রীড়া মন্ত্রালয়ে  নির্বাচক সমিতির প্ৰস্তাৱিত ক্রীড়াৰন্ত, অৰ্জুন বঁটা আৰু পানন্দ পুৰস্কাৰৰ নামসমুহৰ মঞ্জুৰি প্ৰদান কৰিছে৷ ২৫ ছেপ্টম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অনুষ্ঠানিকভাৱে এই বঁটাসমূহ প্ৰদান কৰিব৷ উল্লেখ্য যে জেভলিন থ্ৰ’ শাখাত অভিলেখীয় প্ৰদৰ্শন আগবঢ়োৱা ৱীৰজ চোপ্ৰাক অৰ্জুন পুৰষ্কাৰৰ ২০ গৰাকী  খেলুৱৈৰ তালিকাত অন্তর্ভুক্তকৰিছে। চোপ্ৰাৰ বাহিৰেও জুনিয়ৰ বিশ্ব চেম্পিয়ন হিমা দাস আৰু ৰামনাথ এছিয়ান ক্রীড়াত সোণৰ পদক জয়ী দৌৰবিদ জিনচন জংচন, ক্রিকেটাৰ স্মৃতি মানা, হকী খেলুৱৈ মনপ্রীত সিং তথা সবিতা পুনিয়া, কমনৱেলথ ক্রীড়াত সোণৰ পদক জয়ী টেবুল খেলুৱৈ মণিকা বাত্ৰা আৰু এছিয়ান ক্ৰীড়াৰ যুটীয়া শাখাত সোণৰপদক জয়ী টেনিছ খেলুৱৈ ৰোহন বোপান্নাৰ নাম অর্জুন পুৰস্কাৰৰ নির্বাচিত হৈছে। এই খেলুৱৈসকলক পুৰস্কাৰৰ বাবে ইতিমধ্যে ক্রীড়ামন্ত্ৰী ৰাজ্যবর্ধন সিং বাথোৰে অন্তিম সম্মতি প্রদান কৰিছে।ক্ৰীড়ামন্ত্ৰীগৰাকীৰ অনুমোদনৰ পিছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে২৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত পুৰষ্কাৰসমূহ বিতৰণ কৰিব৷কোহলীয়ে খেলৰত্ন পুৰষ্কাৰ লাভ কৰা তৃতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে৷ উয়াৰ পূৰ্বে জেষ্ঠ্য বেটছমেন শচীন টেণ্ডুলকাৰ ১৯৯৭ চনত অৰু দুবাৰকৈ বিশ্বকাপ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন কেপ্টেইন মহেন্দ্ৰ সিং ধোনী এই বঁটাৰে সন্মানিত হৈছে৷ ২৪ বৰ্ষীয়া ভাৰোত্তোলক তথা বিশ্ব চেম্পিয়ন মীৰাবাই ছানুৱে বিগত বৰ্ষত সোণৰ পদক জয় কৰি এই প্ৰতিষ্ঠিত পুৰষ্কাৰৰ তালিকাত অগস্থান লাভ কৰিছে৷