শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / দেশত আৰম্ভ হ’ব ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’, কি কি সুবিধা পাব হিতাধীকাৰীয়ে

দেশত আৰম্ভ হ’ব ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’, কি কি সুবিধা পাব হিতাধীকাৰীয়ে

ডিজিটেল ডেস্কঃ ২৫  ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা৷ এই যোজনাৰ অন্তৰ্গত লাভবান হ’ব ২৭ খন জিলাৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চসমূহ৷ নীতি আয়োগৰ সূত্ৰ মতে ১৫ হাজাৰতকৈ অধিক চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয় এই আচনিৰ সৈতে সংযোগ হ’লৈ ইচ্ছা প্ৰকাশ কৰিছে৷

২৩ ছেপ্টেম্বৰত এই আচনি উদ্ধোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই শিতানত কেন্দ্ৰৰ খৰচ হ’ব প্ৰায় ৩,৫০০ কোটি টকা৷ এই আচনিৰ অধীনত বাৰ্ষিক প্ৰায় ৫ লাখ পৰ্যন্ত স্বাস্থ্যবীমা প্ৰদান কৰিব৷ এই সুবিধা পাব প্ৰায় ১ কোটিৰো অধিক অৰ্থিক ভাৱে অস্বচ্ছল পৰিয়ালে৷ ভাৰত সৰ্বমূঠ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশই এই আচনিৰ আওতালৈ আহিব৷ এই আচনিৰ ক্ষেত্ৰত ৬০ শতাংশ খৰচ বহন কৰি কেন্দ্ৰ চৰকাৰে বাকী ৪০ শতাংশ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি সূত্ৰত প্ৰকাশ পাইছে৷