শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ মূল্য বৃদ্ধিৰ মাৰাথনত প্ৰথম স্থান অধিকাৰ কৰি আছে পেট্ৰ’ল আৰু ডিজেলে৷ কোনোবাদিন যদিহে ৫ পইচা দাম হ্ৰাস পায় তেন্তে পুনৰাই ২০ পইচা বৃদ্ধিহে পায়৷ আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য৷ গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.০৫ টকা৷ আজি প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ১৭ পইচাকৈ৷ ১১ পইচা বৃদ্ধিৰে প্ৰতিলাটাৰ ডিজেলৰ মূল্য হ’ল ৭৭.৩৫ টকা৷ আজিৰ দিনটোত অসমৰ বিভিন্ন ঠাইন বিভিন্ন দাম দেখা গ’ল পেট্ৰ’ল আৰু ডিজেলৰ গোলাঘাটত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.১৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৭.৪৪ টকা। কোকৰাঝাৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.১৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৭.৪৫ টকা। আনহাতে, ধুবুৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.৭৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৭.৯৮ টকা। তেজপুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.৩১ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৭.৫৬ টকা। দেশৰ ৰাজধানী দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮২.৬১ টকা আৰু ডিজেল প্ৰতিলিটাৰৰ মূল্য ৭৩.৯৭ টকা৷ আজিৰ দিনটোত মুম্বাইতো বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য৷ মুম্বাইত মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮৯.৯৭টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰত ৭৮.৫৩টকা।