শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / এটি শুদ্ধ এন আৰ চিৰ আশা পূর্ণ হব নে ?

এটি শুদ্ধ এন আৰ চিৰ আশা পূর্ণ হব নে ?

✍পাৰভিন চুলতানা

অসমৰ ৰাজনীতিত বিদেশী সমস্যা সমাধানৰ বাবে এন আৰ চি প্রস্তুত প্রক্রিয়া বহু উৎসাহ উদ্দীপনাৰে আৰম্ভ কৰা হৈছিল। এফালে যত অসমীয়া সম্প্রদায়ে আশা কৰিছিল যে বিদেশী সমস্যাটো সঁচা অর্থত এইবাৰ সমাধান হব, আনফালে সদায় বিদেশীৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা অসমৰ সংখ্যালঘু সম্প্রদায়ো আশা কৰিছিল যে এন আৰ চি উন্নীতকৰণ হোৱাৰ লগে লগে বাৰে বাৰে তেওঁলোকৰ নিজৰ নাগৰিকত্বৰ প্রমাণ দিবলগীয়া নহব। নিজ দেশত তেওঁলোকক বাৰে বাৰে বিদেশী বুলি অভিযোগ উত্থাপন কৰা নহব।

হয়তো এইকাৰণেই এন আৰ চিৰ উন্নীতকৰণ প্রক্রিয়াত সকলো জাতি, সম্প্রদায়ৰ মানুহে সমর্থন কৰিছিল আৰু পূর্ণ সহযোগীতা আগবঢ়াইছিল। কিন্তু এন আৰ চিৰ পূর্ণ খচৰা প্রকাশ হোৱাৰ পিছৰ পৰা আৰম্ভ হোৱা বিভাজনমূলক ৰাজনীতিয়ে পৰিস্থিতি জটিল কৰি তুলিছে। ৩০ জুলাইৰ দিনা প্রকাশ পোৱা পূর্ণ খচৰাত প্রায় ৪০ লক্ষাধিক মানুহৰ নাম বাদ পৰিছে। যত এফালে ক্ষমতাধিষ্ট বিজেপি নেতা কেইজনমানে এই ৪০ লক্ষ মানুহক কোনো তথ্য অবিহনে অবৈধ প্রব্রজনকাৰী বুলি ঘোষণা কৰিছে, আনফালে ওচৰৰ ৰাজ্যৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এই ৪০ লক্ষক বাংলাভাষী বুলি কৈছে আৰু তেওঁৰ মতে এই বাংলাভাষীবোৰক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ চেষ্টা কৰি আছে বিজেপিয়ে। এনে ঠেক ৰাজনীতিত ৪০ লাখ মানুহৰ দুৰৱস্থাৰ কথা যেন তল পৰি গল।

বাদ পৰা নামবোৰ বিশ্লেষণ কৰাত কিছু চিন্তাজনক ধাৰা দেখা গল। প্রথমতে সম্পূৰ্ণ খচৰাত পৰিয়ালৰ কিছু সদস্যৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু কিছু সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। এইদৰে অন্তৰ্ভুক্ত নোহোৱা লোকৰ সংখ্যাই সৰ্বাধিক। আকৌ এইদৰে অন্তৰ্ভুক্ত নোহোৱা লোকৰ ভিতৰত গৰিষ্ঠ সংখ্যক মহিলা আৰু শিশু । এয়া মন কৰিবলগীয়া কথা। কণ কণ স্কুলীয়া লৰা-ছোৱালীৰ বাবে দিয়া বিদ্যালয়ৰ প্ৰমাণ পত্ৰসমূহক বৈধ নথি হিচাপে গ্ৰহণ নকৰাৰ বাবেই পিতৃ-মাতৃৰ নাম খচৰাত অন্তৰ্ভুক্তত হোৱাৰ পিছতো তেওঁলোকৰ নাম  সম্পূৰ্ণ খচৰাত অহা নাই বুলি জানিব পৰা গৈছে।

দ্বীতিয়তে লিংকেজ স্থাপনৰ বাবে জমা দিয়া গৰিষ্ঠ সংখ্যক মহিলাৰ পঞ্চায়তৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰা হোৱা নাই বাবেই পৰিয়ালৰ আন লোকসকলৰ নাম খচৰাত অন্তৰ্ভুক্ত হোৱাৰ পিছতো তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহল। কিয়নো মহামান্য উচ্চতম ন্যায়ালয়ে লিংকেজ স্থাপনৰ বাবে পঞ্চায়তৰ প্ৰমাণ  পত্ৰ বৈধ নথি বুলি ঘোষণা কৰিলেও পুংখানো-পুঙ্খভাৱে চাই-চিতিহে গ্ৰহণ কৰাৰ পৰামৰ্শ দিছিল। সেয়েহে পঞ্চায়তৰ প্ৰমাণ পত্ৰ দিয়া মহিলাসকলক পৰীক্ষণৰ সময়ত সংশ্লিষ্ট বিষয়াসকলে লিংকেজ স্থাপন কৰিব পৰাকৈ অন্য নথি-পত্ৰও বিচাৰিলে আৰু গৰিষ্ঠ সংখ্যক মহিলাই আন কোনো নথি জমা দিয়া বা প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰো নাম অন্তৰ্ভুক্ত হোৱা নাই।

তৃতিয়তে, স্বাধীনতা সংগ্ৰামৰ ঐতিহ্যৰ লগত সম্পৰ্ক থকা পৰিয়ালৰ মানুহ, সেনা বাহিনীত কাম কৰা, চৰকাৰী চাকৰি কৰা তথা বহু বিশিষ্ট মানুহৰ নামতো বিদেশী বুলি নোটিচ দিয়া হৈছে আৰু এইসকলৰ নামো সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰিছে। আনকি বিদেশী ন্যায়াধীকৰণৰ পৰা ভাৰতীয় বুলি প্রমাণিত হোৱাৰ পিছতো এওঁলোকৰ নাম এন আৰ চিত সন্নিবিষ্ট হোৱা নাই।

ইয়াৰ ওপৰিও বহু জনজাতীয় মূলৰ মানুহৰ নাম এন আৰ চিত সন্নিবিষ্ট হোৱা নাই একমাত্র যথোপযোগী নথি পত্র নথকাৰ বাবে। সময় যোৱাৰ লগে লগে স্পষ্ট হৈ পৰিল যে সম্পূৰ্ণ খচৰাৰ পৰা জাতি, ভাষা, ধর্ম নির্বিশেষে মূলত নিৰক্ষৰ আৰু দৰিদ্ৰ লোকসকলৰ নাম বাদ পৰিছে আৰু নাম বাদ পৰা গৰিষ্ঠসংখ্যক লোক ভাৰতীয় হোৱাৰ সম্ভাৱনাই অধিক। এনে বহু প্রকৃত ভাৰতীয় আছে যিসকলে হয়তো দৰিদ্রতা, অশিক্ষা আদিৰ বাবে নিজৰ পৰিচয় নথি-পত্রৰ জৰিয়তে প্রকাশ কৰিব নোৱাৰিব।

শুদ্ধ এন আৰ চিৰ আশা কৰাসকলে বিশ্বাস কৰিছিল যে চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ে অসমৰ এই সত্যতাক আওকাণ নকৰি লাগতীয়াল পদক্ষেপ লব। এনে পদক্ষেপ লোৱা হব যাৰ জৰিয়তে দুখীয়া নিৰীহ প্রকৃত ভাৰতীয় হাৰাশাস্তিৰ সন্মুখীন নহয়। এন আৰ চিৰ পৰা নাম বাদ পৰাৰ কাৰণৰ ভিতৰত এনে কিছু কাৰণ আছিল যিবোৰৰ বাবে দায়ী আবেদনকাৰী সাধাৰণ নাগৰিক নহয়। বহুতকে এন আৰ চি সেৱা কেন্দ্রৰ পৰা জনোৱা হৈছিল যে তেওঁলোকৰ নাম কাৰিকৰী সমস্যাৰ বাবে অহা নাই। ভাৰতৰ আন ৰাজ্যৰ বহু মহিলাৰ অসমত বিয়া হৈছে। এওঁলোকৰ নথি পত্র নিজা ৰাজ্যৰ পৰা নিৰীক্ষণ কৰি সময় মতে পঠোৱা হোৱা নাছিল বাবে এওঁলোকৰ নাম এন আৰ চিৰ খচৰাত অন্তর্ভূক্ত নহল। আশা কৰা হৈছিল যে এন আৰ চিৰ পৰা বাদ পৰা এইসকলক নিজৰ নাগৰিকত্ব প্রমাণ কৰিবলৈ যথেষ্ট সুযোগ আৰু সুবিধা দিয়া হব।

কিন্তু সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা মানুহৰ নাম অন্তর্ভূক্ত কৰিবলৈ SOP অর্থাৎ Standard Operating Procedure কি হব, সেইটো ঠিক হোৱাৰ পূৰ্বেই সম্পূৰ্ণ খচৰাক লৈ ক্ৰমশ সন্দেহ-সংশয় আৰু সমালোচনা বৃদ্ধি পাবলৈ ধৰিলে। আনকি দাবী আৰু আপত্তিৰ প্রক্রিয়াও দিনে দিনে পিছুৱাই দিয়া হৈছে উত্থাপিত এনে বিভিন্ন অভিযোগৰ ফলত। এন আৰ চিৰ প্রক্রিয়াকলৈ বুলি বিতর্কিত মন্তব্য প্রদান কৰিবলৈ আৰম্ভ কৰিলে ৰাজনৈতিক নেতাবোৰে। সংখ্যালঘু অধ্যুষিত অঞ্চল যেনে গোৱালপাৰা, বৰপেটা, ধুবুৰী আদিত বেছি সংখ্যক মানুহৰ নাম এন আৰ চিত সন্নিবিষ্ট হৈছে। এই কাৰনতে বহুজনে এন আৰ চিত অন্তর্ভূক্ত নহবলগীয়া নাম সোমাই পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। কেৱল সেয়াই নহয় বৰপেটা, গোৱালপাৰা, ধুবুৰী, নগাওঁ, মৰিগাঁও, দৰং আদি কৰি সংখ্যালঘূ প্ৰধান জিলা বিলাকত স্থানীয় বিষয়া সকলে এন আৰ চিৰ কামৰ লগত জড়িত আছিল বাবেই ব্যাপক হাৰত বিদেশীৰ নাম অন্তৰ্ভুক্তি হৈছে বুলি ভয়ংকৰ অভিযোগ তোলে আৰু সেই অঞ্চল বিলাকৰ এন আৰ চিৰ কাম অন্য জিলাৰ লোকৰ দ্বাৰা পুনৰীক্ষণৰ দাবী তোলে।

এনে গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা এক শুনানিৰ জৰিয়তে মাননীয় উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ খচৰাত নাম অহা লোকৰ প্ৰতিটো এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা ১০%কৈ লোকৰ নাম পুনৰীক্ষণৰ বাবে নিৰ্দেশ দিয়ে আৰু এই পুনৰীক্ষণ বেলেগ জিলাৰ বিষয়াসকলৰ দ্বাৰা কৰোৱা হব। এই নিৰ্দেশনাক লৈ একাংশ  ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এক শুদ্ধ এন আৰ চি বিচৰাসকলে পুনঃনিৰীক্ষণৰ নিশ্চয় বিৰোধিতা নকৰিব। কিন্তু মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু ত্বত্যাৱধানত চলি থকা এন আৰ চিৰ কেইবা তৰপিয়া পৰীক্ষণ (verification) ৰ অন্তত সম্পূৰ্ণ খচৰাত নাম অহা লোকসকলৰ পৰা ১০ % লোকৰ নাম বেলেগ জিলাৰ বিষয়াৰ দ্বাৰা পুনৰ পৰীক্ষণ কৰাৰ নিৰ্দেশে আচলতে এন আৰ চিৰ গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে সন্দেহৰ আঙুলি টোৱাবলৈ সুবিধা কৰি দিয়াৰ দৰেই হোৱা নাইনে?

ইয়াৰ ওপৰিও আসাম পাব্লিক ৱৰ্কছ নামৰ সংগঠনে পুনৰীক্ষণৰ বাবে কিছু নিৰ্বাচিত মানুহক লৈ উচ্চ পৰ্যায়ৰ এক  সমন্বয়ৰক্ষী সমিতি গঠন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে। মুকলিকৈ সাম্প্রদায়িক, পক্ষপাতমূলক, প্রৰোচনামূলক মন্তব্য কৰা আৰু এন আৰ চিৰ তীব্ৰ বিৰোধীতা কৰা লোকৰ নামো এই প্রস্তাৱিত সমিতিত ৰাখিবৰ বাবে আবেদন জনাইছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু তত্ত্বাৱধানত চলি থকা এন আৰ চিৰ প্রক্রিয়াত আন কোনো কমিটীৰ হস্তক্ষেপ বা তদাৰকীয়ে পুনঃ প্রক্রিয়াটোক লৈ সন্দেহ-সংশয়ৰ পৰিমাণ বঢ়াই তোলাৰ সম্ভাৱনাই অধিক।

পুনঃ নিৰীক্ষণৰ প্রশ্নকলৈ ৰাইজ চিন্তিত হৈ থকাৰ মাজতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা লোকসকলৰ নাম অন্তর্ভূক্ত কৰিবলৈ দাবী আৰু আপত্তি পৰ্যায়ত লিগেচী ডাটাৰ বাবে পূৰ্বৰ ১৫ খন নথি-পত্ৰৰ পৰা ৫ খন নথি-পত্ৰ কৰ্তন কৰি ১০ খন হে প্রযোজ্য হব লাগে বুলি মাননীয় উচ্চতম ন্যায়ালয়ত এক প্ৰতিবেদন দাখিল কৰে। প্ৰতীক হাজেলাই ১৯৫১ চনৰ এন আৰ চি, ১৯৭১ চনলৈ ভোটাৰ তালিকা, নাগৰিকত্ব প্রমাণ পত্র, শৰণার্থী পঞ্জীয়ন প্রমাণ পত্র আৰু ৰেশন কার্ড কৰ্তন কৰাৰ আগবঢ়োৱা পক্ষপাতিত্বমূলক আৰু অযুক্তিকৰ পৰামৰ্শক লৈ পুনৰ ৰাজ্য উত্তাল হৈ পৰে। The Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules 2003 amended in 2009 ত স্পষ্টকৈ উল্লেখ আছে যে ১৯৫১ চনৰ এন আৰ চি আৰু ১৯৭১ চনলৈ প্ৰকাশিত ভোটাৰ তালিকাৰ ওপৰত ভিত্তি কৰি অসমত এন আৰ চি উন্নীতকৰণ হব । সেয়ে এই মূল দুবিধ নথি কৰ্তন কৰি এন আৰ চি প্ৰস্তুতকৰণ কেনেকৈ সম্ভৱ?

ইয়াৰ ওপৰিও নিজৰ কোনো ভুল নথকা সত্ত্বেও এন আৰ চিৰ পৰা যিসকলৰ নাম বাদ পৰিছে তেওঁলোকক ১৫ টাৰ ভিতৰত মাত্র ১০ নথি পত্র জমা দিয়াৰ সুযোগ পক্ষপাতমূলক নহয় জানো? এন আৰ চিৰ প্রক্রিয়াকলৈ চাৰিওপিনৰ পৰা প্রশ্ন উত্থাপন হোৱা আৰম্ভ হৈ গৈছে। উচ্চতম ন্যায়ালয়ে যোৱা ১৯ ছেপ্টেম্বৰৰ দিনাৰ শুনানি মতে ২৫ অক্টোবৰলৈ এই ১০খন নথি পত্রৰ ভিত্তিতে দাবী আৰু অভিযোগ প্রক্রিয়া চলিব। ইয়াৰ পিছত বাকী ৫খন নথিৰ বৈধতাৰ বিষয়ে ৰায়দান কৰা হব।

এন আৰ চিৰ নিয়মাৱলীত এনে অসামঞ্জস্য, সমান্তৰালভাৱে বিদেশী চিনাক্তকৰণৰ প্রক্রিয়াৰ মাজত হোৱা খেলিমেলি আৰু সংখ্যালঘু সম্প্রদায়ৰ নথি পত্রবোৰৰ বৈধতাক বাৰে বাৰে প্রশ্ন কৰাৰ কার্য্যই এটি শুদ্ধ এন আৰ চিৰ সপোন দেখা সকলক চিন্তিত কৰি তুলিছে। কিছু সংগঠনে মুকলিভাৱে কৈছে যে ইমান কম সংখ্যক সংখ্যালঘু বাদ পৰাৰ অর্থ হল এন আৰ চি শুদ্ধ ভাৱে প্রস্তুত কৰা হোৱা নাই। এনে সন্দেহৰ মাজত যদিও এন আৰ চি প্রস্তুতকৰণৰ কাম পুনঃ আৰম্ভ হৈছে, বহুতে চিন্তিত যে এন আৰ চিক কিছু ব্যক্তি আৰ সংগঠনে নিজৰ ঠেক ৰাজনৈতিক লক্ষ্যক পৰিপূর্ণ কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে।

অসমৰ সমাজ জীৱন আৰু ৰাজনীতি সুস্থভাৱে আগুৱাই নিবলৈ হলে বিদেশী সমস্যাৰ স্থায়ী সমাধান জৰুৰী। কিন্তু বিদেশী সমস্যা সমাধানৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাটো গৰিহণাযোগ্য। বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে এক শুদ্ধ এন আৰ চি প্ৰস্তুতকৰণ প্ৰাথমিক চৰ্ত। এক শুদ্ধ এন আৰ চি প্ৰস্ততকৰণৰ বাবে সম্প্ৰতি এন আৰ চিক লৈ বিভিন্ন পক্ষ আৰু ৰাইজৰ মাজত সৃষ্টি হোৱা সন্দেহ,সংশয়, অবিশ্বাস আৰু অনিশ্চয়তাৰ ভাৱ অন্ত পৰাটো অতি জৰুৰী।

ফোন নংঃ ৮০১১৯০৩৬২৩