শেহতীয়া খবৰ
Home / আঞ্চলিক / অসমলৈ আহিব অভিনেত্ৰী ৰবীনা টেণ্ডন

অসমলৈ আহিব অভিনেত্ৰী ৰবীনা টেণ্ডন

ডিজিটেল ডেস্ক, হোজাইঃ বলিউডৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী তথা বৰ্তমান মহাৰাষ্ট্ৰ চৰকাৰৰ বন বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ ৰবীনা টেণ্ডনৰ সৈতে যোৱা নিশা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ অৰ্কিড মানৱ ৰহমত আলী লস্কৰ ৷ লস্কৰে মহাৰাষ্ট্ৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে বন বিভাগৰ এক কৰ্মশালাত মিলিত হ’বলৈ মায়ানগৰী মুম্বাইলৈ গৈছে ৷ সেই আলোচনাৰ সময়ৰ ৰহমত আলী লস্কৰ ৰবীনা টেণ্ডনৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ আলোচনাকালত অভিনেত্ৰী গৰাকীক অসমত আহিবলৈ আমন্ত্ৰণ জনায় ৷ অৰ্কিড মানৱ ৰহমত আলী লস্কৰৰ আমন্ত্ৰণ গ্ৰহণ কৰি অতি শীঘ্ৰে অভিনেত্ৰী গৰাকী অসমলৈ আহিব ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা ইতিমধ্যে বিলুপ্তপ্ৰায় অৰ্কিড আৰু পৰিৱেশ সুৰক্ষাৰ হকে একেলগে মিলি কাম কৰি যাব বুলি অভিনেত্ৰী গৰাকীয়ে ৰহমত আলী লস্কৰক জানিবলৈ দিয়ে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে ৰহমত আলী লস্কৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দুষ্প্ৰাপ্য অৰ্কিড সংৰক্ষণ কৰি চৰ্চাত আহিছে ৷