শেহতীয়া খবৰ
Home / ক্ৰীড়া / পাকিস্তানৰ বিৰুদ্ধে ৯ উইকেটত ভাৰতৰ বৃহৎ জয়

পাকিস্তানৰ বিৰুদ্ধে ৯ উইকেটত ভাৰতৰ বৃহৎ জয়

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপত পুনৰ বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছে টীম ইণ্ডিয়া। দেওবাৰে ডুবাইত অনুষ্ঠিত ছুপাৰ চাৰিৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে চিৰবৈৰী দলটোক ৯ উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত কৰে।

বেটিং আৰম্ভ কৰি পাকিস্তানে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৩৭ ৰান। দলীয় ইনিংছত ছোৱেইব মালিকে সৰ্বাধিক ৭৮ আৰু অধিনায়ক ছৰফৰাজ আহমেদে ৪৪ ৰানৰ বৰঙণি আগবঢ়ায়।

ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহ, যুজৱেন্দ্ৰ চহল আৰু কুলদীপ যাদৱ প্ৰত্যেকে দখল কৰে দুটাকৈ উইকেট। বাবৰ আজমক দুৰ্দান্ত ফিল্ডিঙেৰ ৰান অাউট হ’বলৈ বাধ্য কৰায় ৰবীন্দ্ৰ জাডেজা আৰু চহলে।

প্ৰত্যুত্তৰত ভাৰতে দুই অপেনাৰ ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানৰ আকৰ্ষণীয় শতকৰ সহায়ত অনায়াসে বিজয় সাব্যস্ত কৰে। ধাৱানে ১১৪ ৰান কৰি ৰান আউট হোৱাৰ বিপৰীতে ৰোহিতে অপৰাজিত ১০৯ ৰান স্কৰ কৰে।

ধাৱানে মাত্ৰ ৯৫ টা বলতে এদিনীয়া কেৰিয়াৰৰ ১৮ সংখ্যাক শতকত উপনীত হোৱাৰ বিপৰীতে অধিনায়ক ৰোহিতে ১০৬ টা বলত ১৯ সংখ্যাক শতক অৰ্জন কৰিবলৈ সমৰ্থ হয়। দুই অপেনাৰৰ এনে বিস্ফোৰক বেটিঙৰ সহায়ত মাত্ৰ ৩৯.৩ অভাৰত ১টা উইকেট হেৰুৱায়েই বিজয় লক্ষ্যত উপনীত হয় ভাৰত।

উল্লেখ্য যে, প্ৰথমখন মেচত পাকিস্তানক ৮ উইকেট পৰাস্ত কৰিছিল ভাৰতীয় দলটোৱে। ইফালে আজিৰ এই জয়ৰে ২ পইণ্ট লাভ কৰাৰ লগতে ফাইনেলত প্ৰৱেশ প্ৰায় নিশ্চিত হৈ পৰিছে ভাৰতৰ।