শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ডিটেনশ্বন কেম্প পৃথিৱীৰ নৰকখানা

ডিটেনশ্বন কেম্প পৃথিৱীৰ নৰকখানা

 

✍ছফিকুল ইছলাম

বিদেশী চিনাক্ত কৰিবলৈ গৈ অসংখ্য ভাৰতীয় লোকক বিদেশী সজাই ডিটেনশ্বন কেম্পত বন্দী কৰি ৰখাৰ অভিযোগ আজি নতুন নহয়। ভাৰতীয় লোককে যধে-মধে সামান্য নাম-উপাধিৰ ভুলতে বিদেশী বুলি ঘোষণা কৰি কৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। বিদেশীৰ নামত আজি অসংখ্য ভাৰতীয় লোকে কাৰাগাৰত জীৱ-জন্তুৰ দৰে বন্দী জীৱন কটাবলগীয়া হৈছে। একাংশ বিদেশী ন্যায়াধিকৰণ আদালতে যধে-মধে ভাৰতীয় লোককে বিদেশী বুলি ৰায় দিয়াৰ প্ৰমাণ উন্মোচিত হৈছে। বিচাৰৰ নামত নিম্ন আদালতবোৰত যে এক অবিচাৰ আৰম্ভ হৈছে সেই কথা  সৰ্বোচ্চ আদালত উচ্চতম ন্যায়ালয়ে আজি প্ৰমাণিত কৰি দিছে। বৰপেটা জিলাৰ ছুফিয়া খাতুন তাৰ বাস্তৱ উদাহৰণ। ২০১৬ ৰ ছেপ্তেম্বৰত ছুফিয়া খাতুনক বিদেশী বুলি ঘোষণা কৰি কোকৰাঝাৰ ডিটেনশ্বন কেম্পত নিক্ষেপ কৰা হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ে চলিত মাহৰ ১২ তাৰিখত ছুফিয়া খাতুনক ভাৰতীয় বুলি ঘোষণা কৰি ডিটেনশ্বন কেম্পৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পিছতেই পিছদিনা ছুফিয়া খাতুনক ডিটেনশ্বন কেম্পৰ পৰা মুকলি কৰি দিয়া হয়। ছুফিয়া খাতুনক এবাৰ বিদেশী বুলি কাৰাগাৰত নিক্ষেপ, আকৌ স্বদেশী বুলি মুকলি কৰি দিয়া এই বিষয়টোৱে আদালতৰ বিচাৰ ব্যৱস্থাৰ প্ৰতি ৰাইজৰ মনলৈ বহু প্ৰশ্ন উদ্ভৱ হৈছে। ছুফিয়া খাতুনৰ বন্দী জীৱনৰ এই সমগ্ৰ কাহিনী জানিবলৈ সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক হিচাপে মই নিজে ছুফিয়া খাতুনৰ ঘৰলৈ গৈ এক সাক্ষাৎকাৰ গ্ৰহণ কৰো। এই সাক্ষাৎকাৰটোত ছুফিয়া খাতুনক কেনেকৈ বিদেশী ঘোষণা কৰিলে, কেনেকৈ আৰক্ষীয়ে প্ৰতাৰণা কৰি চিকিৎসকৰ ওচৰত মিছা কথা ক’বলৈ শিকাই দিছে, বন্দী জীৱন কেনেদৰে কটাইছে, ডিটেনশ্বন কেম্পৰ পৰিৱেশ কেনেকুৱা এই সকলোবোৰ কথা ছুফিয়া খাতুনৰ নিজ মুখৰ পৰা শুনো। ছুফিয়া খাতুনৰ ২ বছৰ ৮ দিনৰ বন্দী জীৱনৰ সমগ্ৰ কাহিনীৰে এই প্ৰতিবেদন যুগুত কৰি পাঠকৰ জ্ঞাতাৰ্থে আগবঢ়ালো–

যোৱা ১৮ ছেপ্তেম্বৰত জামাত-ই-ইছলামী হিন্দ বৰপেটা জিলাৰ সম্পাদক ছাইফুল ইছলাম ফালাহী আৰু সৰভোগ সমষ্টিৰ সচেতন যুৱক ছাহজাহান আলীৰ সৈতে ছুফিয়া খাতুনৰ ঘৰলৈ বুলি ৰওনা হওঁ। ছুফিয়া খাতুনৰ ঘৰ বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত বগুৰিগুৰী গাঁৱত। ছুফিয়া খাতুনৰ বয়স ৫১ বছৰ। তেওঁৰ স্বামী ফুলজাৰ হুছেইন। তেওঁৰ তিনিজন পুত্ৰ, এজন কন্যা আছে। ভয়, আতংক আৰু চিন্তামগ্ন ছুফিয়া খাতুনক দুবছৰ পূৰ্বে কেনেকৈ প্ৰথমে গ্ৰেপ্তাৰ কৰিলে সেই কথা সোধাত তেওঁ কয়- ‘মোৰ নামত ‘ডি’ ভোটাৰৰ নটিচ আহে। পিছত আমি উকীল ধৰো। উকীলে কেচ কৰে। কাগজ-পাতি সকলো উকীলে লয়। বৰপেটা কোৰ্টত জমা দিয়ে। দুবাৰ-তিনিবাৰ কেচ উঠে। কেচটো ভাল হ’ব বুলি উকীলে কয়। চতুৰ্থ বাৰ কেচ উঠে। সেইদিনা মই কোৰ্টত হাজিৰ থাকিবই লাগিব বুলি উকীলে জোৰ কৰি কয়। পিছত মই কোৰ্টত গৈ হাজিৰ হও। হাকিমে মোক সোধ-পোছ কৰে। মই ভয়-আতংকত কথাই ক’ব পৰা নাছিলোঁ। অলপ পিছতে মোৰ দুই ফালে মহিলা পুলিচ আহি মোক ধৰি লৈ গাড়ীত উঠাই বতাহৰ বেগেৰে বৰপেটা ৰোডলৈ আহে। আহোতে  গাড়ীত পুলিচে মোক শিকাই দিয়ে যে তোমাক চিকিৎসকৰ ওচৰত লৈ গৈ আছো। চিকিৎসকে সুধিলে তোমাৰ বেমাৰ নাই বুলি ক’বা। বেমাৰ আছে বুলি ক’লে কিন্তু তোমাক এৰি দিয়া নহয়। পিছত চিকিৎসকৰ ওচৰলৈ যেতিয়া লৈ আনে তেতিয়া মোৰ গাত জ্বৰ আছে যদিও মোৰ কোনো বেমাৰ নাই বুলি কওঁ। অলপ পিছত চিকিৎসকে কিবা কাগজ লিখি দিয়ে। তাৰপিছত মোক গাড়ীত উঠাই লৈ আকৌ বতাহৰ বেগেৰে গাড়ী চলাই সন্ধিয়া জেলখানালৈ গৈ জেলৰ পুলিচৰ হাতত গতাই দিয়ে। জেলৰ ভিতৰত যোৱাৰ পিছত মোক পাঁচখন কম্বল দিয়ে। ৰাতি একো খাবলৈ নিদিলে। ৰাতি তেনেকৈ থাকো। পিছদিনা পুৱা সাত বজাত নাম লিখি মোক কাহি-গিলাচ দিয়ে। ৰাতিপুৱা বিনা চেনীৰে চাহ আৰু ৰুটি দিলে। আৰম্ভ হ’ল মোৰ বন্দী জীৱন।’

ভিতৰৰ পৰিৱেশ, গা-ধোৱা, পেচাপ-পায়খানাৰ সা-সুবিধা কেনেকুৱা বুলি সোধাত কয়– ‘সাতটা ঘৰ আছে। আমাৰ ঘৰত ৩৫ জন মহিলা আছিল। ৰাতিপুৱা ছ বজাত আমাৰ ঘৰৰ দৰজা খুলি দিছে। সাত বজাত চাহ ৰুটি দিছে। ১০ বজাত ভাত দিছে। আবেলি চাৰি বজাত আকৌ ভাত দিছে। ভাত খোৱা-লোৱাৰ পিছত আমাক ঘৰৰ ভিতৰত সোমাই তলা মাৰি দিছে। পকী মজিয়াত আমাক থাকিবলৈ দিছে। এফুট এফুট কৰি আচ টানি এজনক ঠাই দিয়া হৈছে। সেই এফুটতে শুই থাকিব লগা হৈছে। এফুট জাগাত শুৱাটো কিমান যে কষ্ট হৈছে সেয়া থকাজনহে অনুভৱ কৰিব পাৰিব। জন্তু-জানোৱাৰো এনেকৈ নাথাকে। ১৪০ জন মানুহ। চাৰিটা দমকল, দুটা গা-ধোৱা কোঠা, দুটা শৌচালয়, আৰু দুটা পেচাপখানা মাত্ৰ। ৰাতিপুৱা ছ বজাৰ পৰা আবেলি ৪ বজালৈ গা-ধোৱাৰ বাবে শাৰি পাতি থাকিবই লাগে।’

এইবোৰ অসুবিধাৰ কথা জেল কৰ্তৃপক্ষক জনোৱা নাই নেকি বুলি সোধাত কয়– ‘মাজে- মাজেই কৈছো। ওপৰৰ পৰা মানুহ আহি এইবোৰ চাই গৈছে, আৰু কেইটা শৌচালয়, বাথৰুম বনাই দিব বুলি কৈছে কিন্তু মই অহালৈ দিয়া নাই।’

খোৱা-লোৱাৰ সুবিধা কেনেকুৱা বুলি সোধাত কয়– ‘মাহত এবাৰ মাংস, মাজে মাজে কণী, মাছ দিছে। ডালি-চবজিয়েই বেছি। সেইবোৰ খাব নোৱাৰি। ঘৰৰ পৰা  খোৱা বস্তু নিদিলে মানুহ সেইবোৰ খাই জীয়াই থকা সম্ভৱ নহয়।’

খোৱা-লোৱাৰ এইবোৰ অসুবিধাৰ কথা কোৱা নাই নেকি বুলি সোধাত কয়– ‘কৈছো, কোনো গুৰুত্ব দিয়া নাই। কিয় গুৰুত্ব দিব আমাক এইবোৰ খুৱাই খুৱাই মাৰিবলৈহে বিচাৰিছে।’

জেলৰ ভিতৰত কোনোধৰণৰ অত্যাচাৰ কৰিছে নেকি বুলি সোধাত কয়- ‘নাই কোনো ধৰণৰ অত্যাচাৰ কৰা নাই। জেলৰ ভিতৰত পুলিচবোৰে আমাৰ দুখ-কষ্ট দেখি তেওঁলোকে আফছোছ কৰি কয় যে এইবোৰ চাকৰি কিয় কৰিব আহিছো। ভগৱানৰ ওচৰত আমি কি জবাব দিম। মুক্তি পালে কোনো মানুহ যাতে জেললৈ নাহে সেই বিষয়ে মানুহক ক’বলৈ পুলিচসকলে আমাক কৈ দিছে।’

দিনটো কেনেদৰে কটাইছে বুলি সোধাত কয়- ‘ৰাতিপুৱা উঠি কেতিয়াবা দিনটো গা-ধোৱাৰ বাবেই অপেক্ষা কৰিব লাগিছে। শৌচালয়ৰ বাবে দুই-চাৰি ঘণ্টাও শাৰি-পাতি থাকিব লগা হৈছে। সময়বোৰ এইদৰেই গৈছে। চাহ খোৱাৰ পিছত কন্দা-কটা কৰি, পৰিয়ালৰ কথা, ভৱিষ্যত জীৱনৰ কথা চিন্তা-ভাৱনা কৰি ভাগৰি গৈছো।’ মুঠতে বহুত কষ্ট হৈছে বুলি সোধাত কয়- ‘কষ্ট মানে মানুহ যাতে তাতে নাযায়। জীৱ-জন্তুকো তেনেকৈ থাকিবলৈ দিয়া নহয়। সেইটো জেলখানা নহয়, দুনিয়াৰ নৰকখানাহে। অন্তত্য মোৰ সন্মুখেদি কেনো মানুহক সেই জেললৈ যাব নিদিওঁ।’

 আপোনাক এই দুবছৰ জেলত ৰাখি যি অন্যায় কৰিলে ইয়াৰ বিৰুদ্ধে আপুনি কি ক’ব বিচাৰে বুলি সোধাত কয়– ‘ এই অন্যায়ৰ মোৰ বিচাৰ লাগে। মোক ক্ষতিপূৰণ দিব লাগিব। মোৰ যি টকা-পইচা গৈছে সেয়া মোক দিব লাগিব। নিদিলে মই কেচ কৰিম। অসম চৰকাৰকো কওঁ যে জেলৰ পৰা সকলো মানুহক এৰি দিয়ক। তেওঁলোক বাংলাদেশী নহয়। মোৰ দৰে সকলোৱে এই দেশৰ লোক।’

ছুফিয়া খাতুনৰ বন্দী জীৱনৰ এই বাস্তৱ কাহিনীয়ে বিদেশীৰ নামত ভাৰতীয় লোকক কেনেদৰে অকথ্য-নিৰ্যাতন, হাৰাশাস্তি কৰা হৈ আছে সেই কথা নিশ্চয় সকলোৱে উপলব্ধি কৰিব পাৰিব। উল্লেখ্য যে ছুফিয়া খাতুনক প্ৰথমে বৰপেটা বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰি ডিটেনশ্বন কেম্পত নিক্ষেপ কৰিছিল। পিছত ছুফিয়া খাতুনৰ পৰিয়ালে এই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হয়। উচ্চ ন্যায়ালয়েও ছুফিয়া খাতুনক বিদেশী বুলি ৰায় দিয়ে। ভাৰতীয় প্ৰমাণৰ সকলো নথি-পত্ৰ থকা সত্বেও কিয় আদালতবোৰে ছুফিয়া খাতুনক বিদেশী বুলি ৰায় দি আছে সেই লৈ পৰিয়ালৰ লোক হতভম্ব হৈ পিছত এই অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সংকল্প লয় ছুফিয়া খাতুনৰ পৰিয়ালে। দ্বাৰস্ত হয় উচ্চতম ন্যায়ালয়ৰ। পিছত উচ্চতম ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰি অসম চৰকাৰক ছুফিয়া খাতুনৰ ভাই-ভনী সকল ভাৰতীয় হয় নে নহয় সেই বিষয়টো তদন্ত কৰি প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ এই কঢ়া নিৰ্দেশৰ পিছত অসম চৰকাৰে বৰপেটা সীমান্ত আৰক্ষীৰ জড়িয়তে এক প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰে। যি প্ৰতিবেদনত  কোৱা হয় যে ছুফিয়া খাতুনৰ পৰিয়ালৰ সদস্য সকল ভাৰতীয়। পিছত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোৰিয়ান যোছেফ আৰু ন্যায়াধীশ এছ কে কৌলৰ খণ্ড বিচাৰপীঠে যোৱা ১২ ছেপ্তেম্বৰত ছুফিয়া খাতুনক নিজ জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

ম’বাইলঃ ৯৩৬৫৮০৬৬১৫