শেহতীয়া খবৰ
Home / ৰাজনীতি / অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথম দিনটোতেই নজিৰবিহীন ঘটনা

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথম দিনটোতেই নজিৰবিহীন ঘটনা

মূল্যবৃদ্ধিক লৈ উত্তাল সদন, অধ্যক্ষৰ সন্মূখতে বিজেপি গ’ বেক ধ্বনি বিৰোধীৰ

ডিজিটেল ডেস্ক, গুৱাহাটীঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্রথম দিনটোতেই একনজীবিহীন ঘটনা সংঘটিত হ’ল৷ অধিৱেশনৰ কাম কাজ চলি থকাৰ সময়তেই অধ্যক্ষৰ সন্মূখতেই বিৰােধী বিধায়কসকলে বিজেপি গ’ বেক ধ্বনিৰে উত্তাল কৰি তােলে। পেট্র’ল-ডিজেলৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈ বিৰােধী দল কংগ্ৰেছ আৰু এ আইইউ ডি এফৰ বিধায়কসকলে সদনৰ মজিয়াত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। কিছু সময়লৈকে বিজেপি চৰকাৰ গ’ বেক, লেই লেই চেই চেই, উইৱান্ট জাষ্টিছ ধ্বনিৰে সদনৰ মজিয়া উত্তাল হৈ পৰে। বিৰােধী বিধেয়কসকলৰ এনে আচৰণত ক্ষুব্ধ হৈ অধ্যক্ষ হিতেন্দ্রনাথ গােস্বামীয়ে সকীয়নি প্রদান কৰি কয় যে, মাইণ্ড ইয়ৰ লেংগুৱেজ।পৰিস্থিতি এনে পর্যায় পায়গৈ যে পাঁচ মিনিটৰ বাবে সদনৰ কাম কাজ স্থগিত ৰখাৰ নির্দেশ দিয়ে অধ্যক্ষগৰাকীয়ে। উল্লেখ্য যে প্রশ্নোত্তৰকাল শেষ হােৱাৰ পিছতেই পেট্রল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক জুৰুলা কৰি অহা প্ৰসংগটো সদনৰ মজিয়াত আলােচনা কৰিবলৈ অধ্যক্ষৰ অনুমতি বিচাৰিছিল কংগ্ৰেছৰ বিধায়কসকলে। সদনৰ কাম-কাজ স্থগিত ৰাখি মূল্যবৃদ্ধি প্রসংগটো বিস্তাৰিতভাৱে আলােচনাৰ প্ৰস্তাৱ আগবঢ়াই কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়িকা অজন্তা নেওগে কয় যে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাত চূড়ান্তভাৱে ব্যর্থ হৈছে চৰকাৰখন। ৰাজ্যত শেহতীয়াকৈ যি হাৰত মূল্যবৃদ্ধি ঘটিছে তাৰ বাবে ৩ কোটি ২৯ লাখ মানুহৰ মাজত হাহাকাৰ লাগিছে। মূল্যবৃদ্ধিৰ জুইয়ে সর্বসাধাৰণ ৰাইজক মাধমাৰ শােধাইছে। একেদৰে পেট্রে’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পিছত বাছভাড়া পঞ্চাশ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে সন্থাই। যাৰ বাবে সৰ্বসাধাৰণ জনতাৰ ওপৰত মাধমাৰ পৰিছে। বিধায়িকাগৰাকীয়ে লগতে কয় যে ২০১৪ চনত আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি পাইছিল যদিও পেট্রে’ল-ডিজেলৰ মূল্য নিয়ন্ত্রণত আছিল। কিন্তু চৰকাৰ সলনি হােৱাৰ পিছত আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্রাস পােৱাৰ পিছতাে পেট্রে’ল-ডিজেলৰ মূল্য নিয়ন্ত্রণ হােৱা নাই৷ চৰকাৰে আচ্ছে দিন আহিব বুলি কৈছিল কিন্তু আচ্ছে দিন কেতিয়া আহিব বুলি প্রশ্ন কৰে বিধায়িকাগৰাকীয়ে। ৰাজ্যৰ শেহতীয়াকৈ সৰ্বসাধাৰণ জনতাৰ বাবে মূল্য সমস্যা হিচাপে চিহ্নিত মূল্যবৃদ্ধিৰ প্ৰসংগটো সদনৰ মজিয়াত বিশেষভাৱে আলােচনা কৰিবলৈ অনুমতি বিচাৰে। কংগ্রেছী বিধায়িকাগৰাকীৰ উক্ত প্রস্তাৱক সমর্থন জনাই এ আইইউ ডি এফৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাচিমিয়ে কয় যে যি ধৰণে মূল্যবৃদ্ধি হৈছে বিষয়টো আলােচনা কৰাৰ প্রয়ােজন আছে। ২০১৬ চনৰ পৰা ২০১৮ চনৰ ভিতৰত সর্বাধিক হাৰত সকলাে সামগ্রীতে মূল্যবৃদ্ধি ঘটিছে। ৰাইজে নির্বাচন কৰি দিয়া চৰকাৰৰ পলিচী ভুলৰ বাবেই এতিয়া মূল্যবৃদ্ধি ঘটিছে বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে। বিৰােধী বিধায়কৰ এনে প্রস্তাৱৰ উত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে সদনৰ মজিয়াত যুক্তি দর্শাই কয় যে মূল্যবৃদ্ধি এটা লং প্রছেছ। সেয়া কাচিমিয়ে যােৱা পাঁচ বছৰত হােৱা মূল্যবৃদ্ধি সন্দৰ্ভত দিয়া তথ্যই কয়। আন্তঃৰাষ্ট্ৰীয় বজাৰে পেট্রে’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে এই দুয়ােবিধ ইন্ধনৰ দাম বৃদ্ধি পাইছে সদনৰ বাকী কাম কাজ বাদ দি মূল্যবৃদ্ধিক লৈ সভা স্থগিতৰ প্ৰস্তাৱ আনিব নালাগে ইয়াৰ কোনাে যুক্তি নাই। অধ্যক্ষই সদন স্থগিত কৰি আলােচনাৰ প্ৰস্তাৱক সন্মতি প্রদান নকৰাত কংগ্ৰেছ আৰু এ আইইউডি এফৰ বিধায়কসকল সৰৱ হৈ পৰে। পিছত কংগ্ৰেছৰ বিধায়কসকলে হাতত প্লেকার্ড লৈ মূল্যবৃদ্ধি ৰােধ কৰক, পেট্ৰ’লজাত সামগ্ৰীৰ জি এছ টি হ্রাস কৰক, সর্বসাধাৰণ ৰাইজক সকাহ দিয়ক আদি শ্ল’গানেৰে সদনৰ পৰিৱেশ উত্তাল কৰি তােলে। পিছত বিৰােধী বিধেয়কসকলে অধ্যক্ষৰ সন্মূখলৈ গৈ মূল্যবৃদ্ধিক লৈ আলােচনাৰ অনুমতি প্রদান কৰিবলৈ দাবী কৰি প্রতিবাদ সাব্যস্ত কৰে। সেই সময়ত শাসকীয় দলৰ বিজেপি বিধায়কসকলে অধ্যক্ষৰ ওচৰলৈ গৈ বিৰােধী বিধায়কসকলক চোকা ভাষাৰে সমালােচনা কৰে। শাসক-বিৰােধী বিধায়কসকলৰ মাজত তীব্র বাকযুদ্ধ হয়। পৰিস্থিতি অধিক উত্তেজিত হৈ পৰাত অধ্যক্ষগৰাকীয়ে পাঁচ মিনিটৰ বাবে সদন স্থগিত ৰখাৰ নির্দেশ দিয়ে। তাৰ পিছতেই প্রায় পােন্ধৰ মিনিট সময় ধৰি সদনৰ কাম কাজ স্থগিত হৈ পৰে। পুনৰ সদনৰ কাম কাজ চলাই নিবলৈ অধ্যক্ষই আহ্বান জনােৱাৰ সময়তেই বিৰােধী বিধায়কসকল মূল্যবৃদ্ধিৰ প্রসংগক লৈ জাঙুৰ খাই উঠে আৰু আলােচনাৰ প্ৰস্তাৱ আগবঢ়াই। এই সন্দৰ্ভত বিধায়ক আব্দুল খালেকে কয় যে মূল্যবৃদ্ধিৰ প্ৰসংগটোক লৈ আলােচনা অতি জৰুৰী। অধ্যক্ষগৰাকীয়ে বিধায়কগৰাকীক সৈমান কৰাবলৈ কালি ৰােলিং দিম আৰু ইউ কেননট ফোর্চ মি বুলি কোৱাৰ লগে লগে জাঙুৰ খাই উঠে কংগ্ৰেছৰ বিধায়কসকলে। অধ্যক্ষৰ এনে পক্ষপাতমূলক আচৰণৰ অভিযােগ তুলি বিৰােধী বিধায়কসকলে পুনৰবাৰ অধ্যক্ষ আসনৰ কাষলৈ গৈ প্রতিবাদ সাব্যস্ত কৰে। এনে হুলস্থুলীয়া পৰিৱেশৰ মাজতে কংগ্ৰেছৰ কেইবাজনাে বিধায়কে বিজেপি চৰকাৰ মুর্দাবাদ, বিজেপি চৰকাৰ গ’ বেক, বিজেপি লেই লেই চেই চেই ধ্বনিৰে পৰিৱেশটো উত্তাল কৰি তােলে। এনে হুলস্থুলীয়া পৰিৱেশৰ মাজতে অধ্যক্ষ হিতেন্দ্রনাথ গােস্বামীয়ে সদনৰ কাম-কাজ চলাই নিয়ে।