শেহতীয়া খবৰ
Home / Uncategorized / গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনী ফলাফল ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনী ফলাফল ঘোষণা

ডিজিটেল ডেস্ক, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন ২৪ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হয় আৰু আজি ঘোষণা কৰা হয়৷ ফলাফলত আছু সমৰ্থিত সভাপতি পদৰ প্ৰাৰ্থী লাকিমণি বৰুৱাই জয়লাভ কৰিবলৈ সক্ষম হয়৷ লাকিমণিয়ে ১৫০৫ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দী দীপক দেউৰীক ৫১৩টা ভোটত পৰাস্ত কৰি সভাপতি হিচাপে নিৰ্বাচিত হয়। উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ ইতিহাসত এগৰাকী ছাত্ৰী সভাপতি পদত নিৰ্বাচিত হোৱাতো এয়াই প্ৰথম। উপ-সভাপতি পদত নিৰ্বাচিত জিতুমণি কলিতাই লাভ কৰে ১৪৬৩ টা ভোট। জিতুমণিয়ে নিকটতম প্ৰতিদ্বন্দী ৰূপক দাসক ৪৮৫টা ভোটত পৰাস্ত কৰি জয় লাভ কৰে।

সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে আছু সমৰ্থিত নয়নজ্যোতি গগৈ। নয়নজ্যোতিয়ে লাভ কৰে মুঠ ১১৩৫ টা ভোট। তেওঁ নিকটতম প্ৰতিদ্বন্দী সুব্ৰত দত্তক ১৬৪ টা ভোটত পৰাস্ত কৰে৷ সুব্ৰত দত্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী আছিল৷ সহঃ সাধাৰণ সম্পাদক পদত জয়ী হয় হেলেনা স্বৰ্গীয়াৰী। হেলেনাই ১৩৬০ টা ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী জুৰি দেৱীক ২৬৭টা ভোটত পৰাভূত কৰে। সাহিত্য বিভাগৰ সম্পাদক নিৰ্বাচিত হয় বিদ্যুৎ বিকাশ বৰুৱা। বিদ্যুৎ বিকাশে লাভ কৰে ৯৭৭ টা ভোট। আনহাতে, সংগীত বিভাগত অনন্যা শৰ্মা, সাংস্কৃতিক বিভাগত হীৰকজ্যোতি শৰ্মা, তৰ্ক বিভাগত জেৰুলিনা হাফিজ, লঘু ক্ৰীড়া বিভাগত ডেভিদ নাথ, ক্ৰীড়া বিভাগত শুভম দেৱ আৰু সমাজসেৱা বিভাগত নৱজ্যোতিয়ে জয়লাভ কৰে।