শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / অতিশীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব প্রথমটো চি এন জি ষ্টেছন

অতিশীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব প্রথমটো চি এন জি ষ্টেছন

ডিজিটেল ডেস্কঃ পেট্রলজাত সামগ্রীৰ (পেট্রল, ডিজেল) আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে উজনি অসমৰ ৰাইজৰ বাবে আহিছে এক ভাল খবৰ৷ ডিব্রুগড় নগৰত নির্মাণ কৰি থকা অসমৰ প্রথমটো চি এন জি (কমপ্রেছ নেচাৰেল গেছ) ষ্টেছনটো অহা নৱেম্বৰ মাহত কার্যক্ষম হৈ উঠিব৷ উল্লেখযোগ্য যে ডিব্রুগড়ৰ চৌকিডিংগিস্থিত অসমৰ ৰাজ্যিক পৰিবহণ নিগম আস্থানৰ সমুখতে অসম গেছ কোম্পানী লিমিটেডে এই চি এন জি ষ্টেছনটো নির্মাণ কৰি আছে৷

যোৱা বছৰৰ (২০১৭) নৱেম্বৰ মাহত এই ষ্টেছনৰ নির্মাণকার্য কৰি আছে৷ যোৱা বছৰৰ (২০১৭) নৱেম্বৰ মাহত এই ষ্টেছনৰ নির্মাণ কার্য আৰম্ভ কৰা হৈছিল৷ এই ষ্টেছনটোত প্রথমে দৈনিক ৪০০ যান-বাহনে চি এন জিৰ সুবিধা ল’ব পাৰিব৷ অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক আদিত্য কুমাৰ শর্মাই জনোৱা মতে, অসমৰ প্রথম চি এন জি ষ্টেছনৰ নির্মাণকার্য প্রায় সম্পূর্ণ হৈ উঠিছে৷ আশা কৰা মতে অহা নৱেম্বৰ মাহত শুভাৰম্ভ কৰা হ’ব৷ উত্তৰ-পূর্বাঞ্চলৰ ত্রিপুৰাতহে চি এন জি ষ্টেছন আছে বুলিও বিষয়াগৰাকীয়ে কয়৷ তেওঁ আৰু জনাই যে ডিব্রুগড়ত আৰু দুঠাইত চি এন জি ষ্টেছন স্থাপনৰ পৰিকল্পনা কৰা হৈছে৷

আনহাতে, উজনি অসমৰ তিনিচুকীয়া, মৰাণ, শিৱসাগৰ আৰু যোৰহাটত চি এন জি ষ্টেছন স্থাপনৰ পৰিকল্পনা অসম গেছ কোম্পানী লিমিটেডে লৈছে বুলি শর্মাই জনায়৷ পেট্রল আৰু ডিজেলতকৈ তুলনামূলকভাৱে কম খৰচৰ ইন্ধন হিচাপে বিবেচিত চি এন জিৰ বাবে উজনিৰ বহু যান-বাহনৰ গৰাকীয়ে সকাহ পাব বুলি ঠাৱৰ কৰা হৈছে৷ চি এন জিৰ সুবিধা উপলব্ধ কৰিবলৈ হ’লে যান-বাহনৰ গৰাকীয়ে বাহনত চি এন জি কিট এটা স্থাপন কৰিব লাগিব৷ চি এন জি ইন্ধন প্রতিকেজিত ৪২ টকা ধার্য কৰা হৈছে৷ আজিৰ তাৰিখত পেট্রলৰ প্রতি লিটাৰত ৮৫ টকা আৰু ডিজেলৰ মূল্য ৭৭ টকা৷ এনে প্রেক্ষাপটত চি এন জিৰ দ্বাৰা নিঃসন্দেহে জনসাধাৰণ লাভৱান হ’ব৷

উল্লেখযোগ্য যে এক লিটাৰ পেট্রলত এখন বাহন প্রায় ১৩ কিঃমিঃ যাত্রা কৰিব পাৰে৷ কিন্তু তাৰ বিপৰীতে এক কেজি চি এন জিত এখন বাহন ১৮ কিঃমিঃ পর্যন্ত যাত্রা কৰিব পাৰিব৷ যাৰ ফলত এজন গ্রাহকে ইন্ধনৰ দাম আৰু দূৰত্ব দুই দিশৰ পৰা লাভৱান হ’ব৷ তদুপৰি চি এন জি কম কার্বনযুক্ত এক পৰিষ্কাৰ ইন্ধন হিচাপেও বিবেচিত৷ প্রদূষণ নিয়ন্ত্রণৰ স্বার্থত অসম গেছ কোম্পানী লিমিটেডে প্রথমে স্কুলভান আৰু অট’ৰিক্সাসমূহ লক্ষ্য হিচাপে লোৱাৰ পৰিকল্পনা কৰিছে৷

প্রসংগতে উল্লেখযোগ্য যে অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য কার্যালয় দুলীয়াজানত অৱস্থিত৷ গেছ কোম্পানীয়ে ভূগর্ভৰ প্রাকৃতিক গেছ টেংকৰ জৰিয়তে অসমৰ ৩৮০খন সৰু-বৰ চাহ বাগিচা, ৯০০ব্যাৱসায়িক প্রতিষ্ঠান, ২৭,৫০০ গৃহত আৰু বহু বৃহৎ ঔদ্যোগিক প্রতিষ্ঠানলৈ প্রাকৃতিক গেছৰ যোগান ধৰিছে৷ বর্তমান গেছ কোম্পানীয়ে ডিব্রুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু কাছাৰ জিলাত গেছ যোগান ধৰিবলৈ সক্ষম হৈছে৷