শেহতীয়া খবৰ
Home / আঞ্চলিক / বাজেটৰ ৪৭ শতাংশ ধন ব্যয়ত ব্যৰ্থ সোণোৱাল চৰকাৰ

বাজেটৰ ৪৭ শতাংশ ধন ব্যয়ত ব্যৰ্থ সোণোৱাল চৰকাৰ

ডিজিটেল ডেস্ক, গুৱাহাটীঃ বাজেটৰ ধন ব্যয় কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি মিত্ৰজোঁট চৰকাৰখনে। ২০১৭-১৮ বিত্তীয় বৰ্ষত ধাৰ্য কৰা বাজেটত ৪৭ শতাংশ ধন ব্যয় কৰাত ব্যৰ্থ হৈছে চৰকাৰখন। সংশ্লিষ্ট বিভাগ সমূহৰ পৰা সময়মতে ধন মুকলিৰ পৰ্যাপ্ত প্ৰস্তাৱ নপোৱাৰ বাবেই চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ ধন ব্যয় কৰিবলৈ সক্ষম নহ’ল বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত জানিবলৈ দিয়ে। উল্লেখ্য যে বিধায়ক আব্দুল খালেকৰ এক প্ৰশ্নৰ উত্তৰত বাজেটৰ ধন ব্যয় সন্দৰ্ভত এই চিত্ৰ পোহৰলৈ আহে। বিধায়ক গৰাকীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০১৭-১৮ বিত্তীয় বৰ্ষত বাজেটত উন্নয়নমূলক শিতানত মুঠ ৪৮,১৮,৯৯০.১২ লাখ টকা ধাৰ্য কৰা হৈছিল। বাজেটত ধাৰ্য কৰা এই ধনৰ বিপৰীতে ১৭-১৮ বিত্তীয় বৰ্ষত উন্নয়নমূলক শিতানত আনুমানিক প্ৰায় ২৫,৬১,৯৮৩.১৯ লাখ টকা ব্যয় কৰা হৈছে। অৰ্থাৎ বাজেটত ধাৰ্য কৰা ধনৰ ৫৩ শতাংশ ধনহে ইতিমধ্যে ব্যয় কৰিবলৈ সক্ষম হৈছে চৰকাৰখনে। বাকী ৪৭ শতাংশ ধন এতিয়ালৈ ব্যয় কৰিবলৈ সক্ষম হোৱা নাই। অতি পৰিতাপৰ বিষয় যে বিধান বিভাগ, সংসদীয় পৰিক্ৰমা বিভাগ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ নিৰাময় বিভাগ, পাৰ্চনেল বিভাগ, পৰিৱেশ আৰু বন বিভাগ, পাব্লিক এন্টাৰপ্ৰাইজ ডিপাৰ্টমেন্ট আৰু স্কীল ডেভলেপমেন্তত বাজেটত ধাৰ্য কৰা ধনৰ এটকাও ব্যয় কৰা দেখা নগ’ল। যি কি নহওক স্কীল ডেভলেপমেন্টৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁট চৰকাৰখনে একাধিক প্ৰচাৰ চলাইছে যদিও বাজেটত ধাৰ্য কৰা এটা টকাও ব্যয় কৰিব নোৱাৰাটো অতি ৰহস্যজনক হৈ পৰিছে। মন্ত্ৰী গৰাকীয়ে বিধায়ক গৰাকীৰ প্ৰশ্নৰ উত্তৰত আৰু কয় যে বিত্ত বিভাগে বিগত ২ বছৰ ধৰি বাজেটত ধাৰ্য কৰা ধন যথোপযুক্তভাৱে ব্যয়ৰ বাবে অত্যন্ত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। তৎসত্তেও সংশ্লিষ্ট বিভাগ সমূহৰ পৰা সময়মতে ধন মুকলিৰ পৰ্যাপ্ত প্ৰস্তাৱ নপোৱাৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেটত ধাৰ্য কৰা ধন ব্যয় কৰিব পৰা নগ’ল। একেদৰে চিএছএছ, ইএপি আদি আঁচনিৰ বাবে অধিক ধন বাজেটত ধাৰ্য কৰাৰ বাবে সময়মতে ধন ব্যয় কৰিব নোৱাৰা বুলিও উল্লেখ কৰি মন্ত্ৰী হিমন্তই কয় যে তৃণমূল পৰ্যায়ত উন্নয়নমূলক কাম-কাজ সমূহ ৰূপায়ণ ব্যৰ্থ হোৱাৰ অন্যতম কাৰণ হ’ল ২০১৭ বৰ্ষত ৰাজ্যখনত সংঘটিত হোৱা অভূতপূৰ্ব বানপানী। যাৰ ফলস্বৰূপে প্ৰশাসনীয় আৰু উন্নয়নমূলক কাম-কাজ সমূহৰ গতি লেহেমীয়া হৈ পৰে। ২০১৭-১৮ বিত্তীয় বৰ্ষত বিভিন্ন শিতানৰ পৰা সংগ্ৰহীত ৰাজহৰ পৰিমাণ ক্ৰমে কৰ ৰাজহ ৩৩,২৬,৫৪১.৪২ লাখ, অনাকৰ ৰাজহ ৪০,৭,১৭৮.১২ লাখ আৰু সাহায্যমঞ্জুৰি ১৪,৪৪,৮৫৪.৯৯ লাখ অৰ্থাৎ সৰ্বমুঠ ৫১,৭৮,৫৭৪.৫৩ লাখ। মন্ত্ৰী গৰাকীয়ে সদনত দিয়া তথ্য অনুসৰি প্ৰশাসনীয় আৰু প্ৰশিক্ষণ বিভাগত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেটত ৬,৭৮৫.২৮ লাখ টকা ধাৰ্য কৰা হৈছিল। কিন্তু ৪,১১৮.০১ লাখ টকা ব্যয় কৰা হৈছে। একেদৰে কৃষি বিভাগত বাজেটত ১,৬৫,২৪৭.৯০ লাখ টকা ধাৰ্য কৰা হৈছিল যদিও ৯০,১৬২.০৭ লাখ টকা ব্যয় কৰা হৈছে। পশুপালন আৰু পশুচিকিৎসা বিভাগত ২০,৩২৫.১০ লাখ টকা ধাৰ্য কৰা হৈছিল যদিও বৰ্তমানলৈকে মাত্ৰ ৬,০১৯.৮১ লাখ টকা ব্যয় কৰা হৈছে। নিৰ্বাচনী বিভাগত ০.০৭ লাখ টকা ধাৰ্য কৰা হৈছিল যদিও বৰ্তমানলৈকে এটকাও খৰচ হোৱা নাই। যি কি নহওক ৰাজ্যৰ ৫৮ টা বিভাগত ২০১৭-১৮ বিত্তীয় বৰ্ষত ৪৮,১৮,৯৯০.১২ লাখ টকা ধাৰ্য কৰা হৈছিল যদিও বৰ্তমানলৈকে মাত্ৰ ২৫,৬১,৯৮৩.১৯ টকাহে ব্যয় কৰা হৈছে। শতাংশৰ হাৰত মাত্ৰ ৪৭ শতাংশ ধন এতিয়াও ব্যয় কৰিবলৈ বাকী আছে।