শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত মুম্বাইত

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত মুম্বাইত

প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯০.৫৭ টকা ডিজেলৰ ৭৯.০১ টকা

ডিজিটেল ডেস্কঃ অব্যাহত আছে নিত্য প্ৰয়োজনীয় সামগ্ৰী পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি। পূৰ্বৰ ধাৰা অব্যাহত ৰাখি আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ২২ পইচা আৰু ডিজেলত ১৯ পইচাকৈ আজি বৃদ্ধি পাইছে। আজি মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ৯০.৫৭ টকা। আনহাতে ডিজেলৰ মূল্য হৈছেগৈ ৭৯.০১ টকা। আনহাতে ৰাজধানী দিল্লীত আজি পেট্ৰ’লৰ মূল্য ২২ পইচা হ্ৰাস পাইছে। কিন্তু প্ৰতিলিটাৰ ডিজেলত ১৮ টকা বৃদ্ধি পাইছে। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য আজি হয়গৈ ৮৩.২২ টকা। আনহাতে ডিজেলৰ মূল্য ৭৪.৪২ টকা হৈছেগৈ। মনকৰিবলগীয়া যে কালি দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত ১২ টকাকৈ বৃদ্ধি পাইছিল। একেদৰে মুম্বাইত ১৩ টকাকৈ বৃদ্ধি পাইছিল।