শেহতীয়া খবৰ
Home / ক্ৰীড়া / আজিৰে পৰা ফুটবলৰ মহাৰণ ইণ্ডিয়ান ছুপাৰ লীগ আৰম্ভ

আজিৰে পৰা ফুটবলৰ মহাৰণ ইণ্ডিয়ান ছুপাৰ লীগ আৰম্ভ

ডিজিটেল ডেস্ক, ক’লকাতাঃ ভাৰতত ফুটবলৰ জনপ্ৰিয়তাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা বৃহৎ ফুটবল টুৰ্নামেণ্ট ইণ্ডিয়ান ছুপাৰ লীগত পঞ্চম শৃংখলাৰ শুভাৰম্ভণী কাইলৈৰ পৰা। প্ৰাক্তন চেম্পিয়ন এথলেটিক’ ডি ক’লকাতা আৰু দুবাৰকৈ ৰাৰ্ণাছআপ খিতাপ দখল কৰা কেৰেলা ব্লাষ্টাৰ্ছ এফ চিক দলে অভিযান মেছত কাইলৈ ক’লকাতাত মুখামুখি হ’ব। উল্লেখ্য যে আইএছএল পঞ্চম শৃংখলাত দলৰ সম্প্ৰসাৰণ ঘটি দহটা হৈছে। ২০১৭-১৮ শৃংখলাত মাৰ্চত সামৰণি পৰিছিল। বিগত শৃংখলাত লিগ মেছ হিচাপে প্ৰতিষ্ঠা লাভ কৰা আইএছএল টুৰ্নামেণ্ট ছমাহলৈ আয়োজিত হ’ব। অক্টোবৰ আৰু নৱেম্বৰত ২০১৯ এএফচি এছিয়া কাপৰ প্ৰস্তুতিৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আইএছএল প্ৰতিযোগিতা। বিগত শৃংখলাত ক’লকাতা দলটোক সংঘৰ্ষত লিপ্ত হোৱা পৰিলক্ষিত হোৱাৰ লগতে তিনিটাকৈ প্ৰশিক্ষকৰ সালসলনি দেখা গৈছে। কেৰেলা ব্লাষ্টাৰ্ছ দলটোৱে বিগত শৃংখলাত শোচনীয় প্ৰদৰ্শনৰ পিছত প্ৰশিক্ষক ৰেনে মুৱেলষ্টিনৰ ঠাইত ইংলেণ্ডৰ গ’লকীপাৰ ডেভিদ জেনছক দায়িত্ব প্ৰদান কৰিছে। ৩০ ছেপ্টেম্বৰত বেংলুৰু এফ চি দলটোৱে চেন্নায়েন এফচিৰ মুখামুখি হোৱাৰ লগতে নৰ্থ ইষ্ট ইউনাইটেড দলটোৱে গোৱাৰ বিৰুদ্ধে সোমবাৰে অভিযান আৰম্ভ কৰিব।