শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব প্ৰ’ কাবাদী লীগ

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব প্ৰ’ কাবাদী লীগ

ডিজিটেল ডেস্কঃ প্ৰ’ কাবাডী লীগত ষষ্ঠ শৃংখলা ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে এই শৃংখলাৰ বাবে ৩০ আৰু ৩১ মে’ত খেলুৱৈ নিলাম কাৰ্য সম্পন্ন হৈছে। তেৰ সপ্তাহলৈ চলিবলগীয়া এই টুৰ্নামেণ্টৰ বাবে ইতিমধ্যে দৰ্শকৰ মাজত উত্তেজনা দেখা গৈছে। কাবাডী লীগত প্ৰথমখন মেছত তামিল খালাইবাজ আৰু তেলেগু টাইটানছ মুখামুখি হোৱাৰ লগতে দ্বিতীয়খন মেছত নামিব ইউমুমম্বা আৰু জয়পুৰ পিংক পেন্থাৰছ। প্ৰ’  কাবাডী লীগত ফাইনেল মেছখন প্ত জানুৱাৰীত আয়োজিত হ’ব। শৃংখলাত বাৰটা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।