শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ২.৫০ টকাকৈ হ্ৰাস পাব পেট্ৰ’ল ডিজেলৰ মূল্যঃ ঘোষণা বিত্তমন্ত্ৰী অৰুণ জেটলীৰ

২.৫০ টকাকৈ হ্ৰাস পাব পেট্ৰ’ল ডিজেলৰ মূল্যঃ ঘোষণা বিত্তমন্ত্ৰী অৰুণ জেটলীৰ

ডিজিটেল ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ ক্ৰমাগত মূল্য বৃদ্ধিত কিছু সকাহ দিব ওলাইছে কেন্দ্ৰীয় চৰকাৰে৷ পেট্ৰ’ল-ডিজেলৰ উৎপাদন শুল্ক ২-৫০ টকালৈ হ্ৰাসৰ কথা আজি এক সংবাদ মেল যোগে ঘোষণা কৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে৷ বিহাৰ, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জনসাধাৰণৰ মন জয় কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা বুলি আলোচলা হৈ আছে বিভিন্ন মহলত৷

আজিৰ সংবাদ মেলত জেটলিয়ে এই সংক্ৰান্তত ৰাজ্য চৰকাৰ সমূহক চিঠি লিখি ৰাজ্যসমূহে ৰাজ্যিক কৰ ২.৫০ টকাকৈ কমবলৈ আবেদন জনাব বুলি সদৰি কৰে৷ বিত্তমন্ত্ৰী অৰুণ জেটলীৰ এই ঘোষণাত দামবৃদ্ধিত জুৰুলা হৈ পৰা কোটি কোটি লোকৰ মুখত সামান্যকৈ হ’লেও হাঁহি বিৰিঙি উঠা দেখা গৈছে। দিনে দিনে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে আন্তৰ্জাতিক বজাৰকে দায়ী কৰে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে দেশত পেট্ৰ’ল-ডিজেলৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে বুলি স্পষ্ট কৰি দিয়ে জেটলিয়ে।

পেট্ৰ’ল-ডিজেলৰ দামৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাই যদিও নিয়ন্ত্ৰণত থকা উৎপাদন শুল্ক ২.৫০ টকাকৈ হ্ৰাস কৰা বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। ৰাজ্য চৰকাৰসমূহে আৰোপ কৰা কৰৰ পৰিমাণ হ্ৰাস কৰিলে দেশত পেট্ৰ’ল-ডিজেলৰ দাম আৰু হ্ৰাস পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ‘ৰাজ্য চৰকাৰসমূহকো আমি আহ্বান জনাইছো কৰ হ্ৰাস কৰিবলৈ। তেতিয়া দেশবাসীয়ে ৫টাক পৰ্যন্ত সকাহ পাবলৈ সমৰ্থ হ’ব।’-জেটলিয়ে কয়।