শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / অসমত ৫টকাকৈ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য

অসমত ৫টকাকৈ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য

কেন্দ্ৰই ২.৫০ টকা হ্ৰাসৰ পিছতেই ৰাজ্য চৰকাৰে হ্ৰাস কৰিলে ২.৫০ টকা

শুক্ল হ্ৰাসৰ ফলত ৰাজ্যই ৪০০ কোটিৰ ক্ষতিৰ সন্মুখীন হ’বঃ হিমন্ত বিশ্ব

ডিজিটেল ডেস্ক, গুৱাহাটীঃ ইন্ধনৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মধামাৰ সোধোৱাৰ সময়ত এন ডি এ চৰকাৰে মূল্য বৃদ্ধিৰ ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি বিৰোধী দল তথা সমগ্ৰ দেশবাসীয়ে প্ৰশ্ন উত্থাপন কৰাৰ লগতে মূল্য হ্ৰাসৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে পদক্ষেপ গ্ৰহণ কৰিছে৷ লক্ষণীয় যে বিগত দুটা মাহ ধৰি কিঞ্চিত কিঞ্চিত কৰি বৃহৎ পৰিমাণে ইন্ধনৰ মূল্য বৃদ্ধি ঘটাত দেশজুৰি প্ৰবল বিৰোধৰ সন্মুখীন হ’বলগীয়া পৰিছে মোদী চৰকাৰ। আনহাতে ইন্ধনৰ মূল্য বৃদ্ধিয়ে দেশৰ কিছু প্ৰান্তত শতকৰ ঘৰ স্পৰ্শ কৰা আম জনতাই আইন হাতত তুলিবলৈ বাধ্য হৈছিল৷ অসমতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ ইন্ধনৰ মূল্য বৃদ্ধিক দুটাকৈ ভাৰত বন্ধ সফল হোৱাই দেশৰ জনতাই মূল্য বৃদ্ধিক সমৰ্থন নকৰে সেয়া স্পষ্ট হৈছিল৷ অসমত আজি প্ৰতি লিটাৰ পেট্ৰ’ল ৮৬.৫০ টকা আৰু প্ৰতিলিটাৰ ডিজেল ৭৮.৯১ টকা বিক্ৰী হৈ আছে৷ ইপিনে ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত মটৰ পৰিবহণ সন্থাই ভাৰা বৃদ্ধি কৰাত চকুৰে সৰিয়হৰ ফুল দেখিবলগীয়া পৰিছে সাধাৰণ জনতাই৷ এনে পৰিপ্ৰেক্ষিতত আজি মূল্য বৃদ্ধিৰ প্ৰসংগত কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে এক সংবাদ মাধ্যমৰ জৰিয়তে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাৰ ঘোষণা কৰে৷ পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক ১.৫০ টকা হ্ৰাস কৰাৰ লগতে অইল মাৰ্কেটিং কোম্পানীৰ তৰফৰ পৰা ১ টকা হ্ৰাস কৰা হ’ব। ইয়াৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতিলিটাৰ আঢ়ৈ টকাকৈ হ্ৰাস হ’ব। সংবাদ মেলত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰসূহকো আঢ়ৈ টকাকৈ শুল্ক হ্ৰাস কৰাৰ বাবে আহবান জনায়। ৰাজ্য চৰকাৰসমূহে প্ৰতিলিটাৰত আঢ়ৈ টকাকৈ হ্ৰাস কৰিলে সৰ্বমুঠ ৫ টকাকৈ ইন্ধনৰ মূল্য হ্ৰাস হ’ব বুলি মন্তব্য কৰি ইয়াৰ ফলত সাধাৰণ জনতা উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। ইপিনে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পিছতেই ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ক্ষেত্ৰত শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। টুইটাৰ যোগে ৰাজ্য বিত্তমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দি প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ২.৫০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শুল্ক হ্ৰাসে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত ৫ টকাকৈ মূল্য হ্ৰাস হ’ব বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। পেট্ৰ’ল-ডিজেলৰ ৰাজ্যিক শুল্ক হ্ৰাস কৰাৰ ফলত অসমে ৪০০ কোটি টকাৰ ৰাহজ ক্ষতি হ’ব বুলি টুইটাৰ যোগে মন্তব্য কৰে। এই নতুন মূল্য আজি মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব। তেনেস্থলত কাইলৈৰ পৰা ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮১.৫০ আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰ ৭৩.৯১ টকা হ’ব। লক্ষণীয় যে বিগত দুটা মাহ ধৰি পেট্ৰ’ল আৰু ডিজেলৰ যি মূল্য ঘটিছে তাৰ ফলত নিত্য ব্যৱহাৰযোগ্য সামগ্ৰী আৰু ভাৰা বৃদ্ধি ঘটিছে। তেনে সময়ত ৫ টকা হ্ৰাস কৰিলে সৰ্বসাধাৰণ ৰাইজ কিমান উপকৃত হ’ব তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। যিহেতু বিগত সময়ছোৱাত ১০ৰ পৰা ১৫ টকা মূল্য বৃদ্ধি ঘটিছে তেনেস্থলত ৫ টকা হ্ৰাস এপাচি শাকত এটা জলকীয়াৰ লেখিয়া৷