শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / অসমে লাভ কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ বঁটা

অসমে লাভ কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ বঁটা

ডিজিটেল ডেস্ক, গুৱাহাটীঃ সমগ্ৰ দেশতে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ দ্বাৰা অলপতে সামৰণি পৰা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ ২০১৮ত অসমে লাভ কৰিছে এক বিশেষ বঁটা। সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা বাবে অসমে লাভ কৰিছে এই স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ বঁটা।

বিগত ২ অক্টোবৰত নতুন দিল্লীৰ প্ৰসাৰ ভাৰতী কেন্দ্ৰত আয়োজিত ৰাষ্ট্ৰীয় স্বচ্ছতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত দেশৰ কেন্দ্ৰীয় খোৱাপানী আৰু অনাময় দপ্তৰৰ মন্ত্ৰী শ্ৰী উমা ভাৰতীয়ে এই বঁটা প্ৰদান কৰে। স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ হৈছে এক বিশেষ সমীক্ষা, যাৰ যোগেদি দেশৰ ৰাজ্য তথা জিলাসমূহক গুণগত পৰিচ্ছন্নতাৰ দিশেৰে মূল্যায়ণৰ মাধ্যমেৰে ৰেংক প্ৰদান কৰা হয়। স্বচ্ছতা পৰিচ্ছন্নতাৰ বিভিন্ন দিশৰ উপস্থাপনেৰে, ৰাজহুৱা স্থানৰ সমীক্ষা, স্বচ্ছতা সন্দৰ্ভত জনসাধাৰণৰ মতামত আদিৰ উপৰিও গ্ৰামাঞ্চলত ‘স্বচ্ছ ভাৰত অভিযান’ৰ তৰফৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই ৰেংকিং প্ৰদান কৰা হয়।

এই অভিযানৰ ৪ টা বৰ্ষত স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ অসমে সমগ্ৰ অসমতে নিৰ্মাণ কৰিছে যথেষ্ট সংখ্যক শৌচালয়। সমগ্ৰ দেশৰ দৰেকৈ অসমেও অনাময় ব্যৱস্থাক অগ্ৰাধিকাৰযোগ্য বিষয় হিচাপে গ্ৰহণ কৰি আগ্ৰাসী মনোভাৱেৰে কাম কৰিবলৈ লয়। উল্লেখ্য যে ২০১৬ চনৰ মাজভাগলৈ ৰাজ্যৰ মাথো ১৭২ খন গাওঁহে মুকলিত শৌচমুক্ত গাওঁ হিচাপে চিহ্নিত হৈ আছিল, তাৰ পৰিৱৰ্তে বৰ্তমান অসমৰ ২০৩২৪ খন গাওঁ মুকলিত শৌচমুক্ত গাওঁ হিচাপে ঘোষিত হৈছে। আৰু এই অভিযানে ৰাজ্যৰ ৫১.৩৮ লাখ গ্ৰামীণ পৰিয়ালক সামৰি ল’বলৈ সক্ষম হৈছে। ইয়াৰ উপৰি ৰাজ্যৰ ২৪ খন গাওঁ ইতিমধ্যেই সম্পূৰ্ণৰূপে মুকলিত মলত্যাগ মুক্ত জিলা হিচাপে ঘোশিত হৈছে।

এই পৰ্যন্ত, ৰাজ্যখনত অনাময় ব্যৱস্থাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে, যিয়ে স্বাভাৱিকতেই অভিযানলৈ লৈ আহিবলৈ সক্ষম হৈছে সফলতা। স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ অসমৰ তৰফৰ পৰা লাভ কৰা কেইটিমান সফলতা ক্ৰমে পৰিচ্ছন্ন গাওঁ বঁটা, দান শৌচালয়, মিছন সম্ভৱ, এই আটাইকেইটাই এই পৰ্যন্ত ৰাজ্যৰ ৩৩ খন জিলাক সামৰি লোৱাৰ লগতে উপকৃত হৈছে ১ লাখ পৰিয়াল, তদুপৰি একেদিনাই ১,১২,৭৪৮ টা শৌচালয় নিৰ্মাণেৰেও দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ অসম, ইয়াৰ ভিতৰত ৯৯৪ টা শৌচালয় আছিল দান শৌচালয়। ইয়াৰ উপৰিও বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্ৰ – এক্সোছেন আৰু অনাময়ৰ ওপৰত নিৰ্মাণ কৰা হৈছিল অসমীয়া ছবি অজানিতে মনে মনে।

উল্লেখ্য যে বিগত দুটা বছৰত অনাময়ৰ ছবি অসমত লক্ষণীয়ভাৱে সলনি হৈছে। ২০১৪-১৬ চনত প্ৰায় ৬ লাখ শৌচালয় নিৰ্মাণ কৰাৰ বিপৰীতে ২০১৬ চনৰ মে’ মাহৰ পৰা ২০১৮ চনৰ জুন মাহৰ ভিতৰত নিৰ্মাণ কৰা হৈছে ২০,৮৭,০১২ টা শৌচালয়। সমাজ আৰু অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে স্বচ্ছ ভাৰত মিছনে দেশৰ জনসাধাৰণক পৰিস্কাৰ আৰু অনাময়ৰ মাজেৰে এক সুস্থ জীৱন অতিবাহিত কৰাৰ এক পৰিৱেশ গঢ়ি তুলিছে। তাৎপৰ্যপূৰ্ণভাৱে কেৱল শৌচালয় নিৰ্মাণ কৰাতেই ক্ষান্ত নাথাকি অভিযানৰ তৰফৰ পৰা জনাসাধাৰণৰ মাজত ব্যৱহাৰিক পৰিৱৰ্তন অনাৰ বাবেও যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত চৰকাৰে চলোৱা এক স্বতন্ত্ৰ সমীক্ষা অনুসৰি সম্প্ৰতি দেশৰ ৯৫ শতাংশ লোকে শৌচালয় ব্যৱহাৰ কৰে।