শেহতীয়া খবৰ
Home / আঞ্চলিক / অহা ৫৫ বছৰত শেষ হ’ব অসমৰ তৈল ভাণ্ডাৰ

অহা ৫৫ বছৰত শেষ হ’ব অসমৰ তৈল ভাণ্ডাৰ

কেন্দ্ৰৰ পৰা ৩,৩৯০.২২ কোটি টকাৰ ৰয়েল্টী পাবলৈ বাকী ঃঃ ব্যক্তিগত কোম্পানীক লীজত ৭ খন তৈলক্ষেত্ৰ

ডিজিটেল ডেস্ক, গুৱাহাটীঃ এছিয়াৰ ভিতৰত প্ৰথমটো তৈল ক্ষেত্ৰ হিচাপে ডিগবৈত যি ঐতিহ্য আছে সেয়া আৰু বেছি দিনলৈ নাথাকিব। অসমত তৈলক্ষেত্ৰসমূহৰ পৰা ব্যাপক পৰিমাণে তেল আহৰণ কৰি থকা হৈছে আৰু দেশৰ চাহিদা পূৰণত ব্যৱহাৰ কৰি থকা হৈছে। লক্ষণীয় কথা যে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে অসমৰ পৰা বাংলাদেশলৈ পাইপ লাইনযােগে খাৰুৱা তেল যােগান ধৰাৰ যি পৰিকল্পনা গ্রহণ কৰিছে তাৰ বিৰুদ্ধে ইতিমধ্যে নুমলীগড়ত তথা ৰাজ্যজুৰি জাতীয়তাবাদী সংগঠনসমূহে তীব্র আন্দোলন গঢ়ি তােলা পৰিলক্ষিত হৈছে। দেশৰ চাহিদাৰ উপৰি অধিক হাৰত তৈল উৎপাদন কৰি বাংলাদেশক ৰপ্তানি কৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিবাদ সৃষ্টি হােৱাৰ উপৰি অসমৰ একাংশ তৈলক্ষেত্র ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰাৰ যি সিদ্ধান্ত গ্রহণ কৰিছিল তাৰ বিৰুদ্ধেও প্রবল প্রতিবাদ গঢ়ি উঠা পৰিলক্ষিত হৈছিল। ইপিনে, আজি বিধানসভাত উত্থাপিত এক মৌখিক প্রশ্নৰ উত্তৰত ৰাজ্যত তৈলক্ষেত্র যে সংকুচিত হৈ আহিছে সেয়া প্রমাণিত হৈছে। অগপ দলৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ কলিতাই খনিজ আৰু খনিজাত সম্পদ বিভাগৰ ওপৰত উত্থাপন কৰাৰ প্ৰশ্নত অসমত কি কি খনিজ আৰু খনিজাত সম্পদ পােৱা যায় আৰু অসমৰ ভূ-গর্ভত কিমান পৰিমাণৰ খনিজাত সামগ্রী আছে আৰু এইবােৰৰ পৰা কিমান বছৰলৈ আহৰণ কৰিব পৰা যাব সেই প্ৰসংগ উত্থাপন কৰাৰ লগতে বর্তমানলৈ ৰাজ্যই খাৰুৱা তেলৰ পৰা কিমান ৰয়েল্টী লাভ কৰিছে আৰু কিমান বাকী আছে তাক লৈ প্রশ্ন উত্থাপন হৈছে। উক্ত প্রশ্নৰ খনিজ আৰু খনিজাত সম্পদ বিভাগৰ মন্ত্রী ছুম ৰাংহাঙে উত্তৰ দিয়াত ৰাজ্যৰ তৈলক্ষেত্র সংকুচিত হৈ অহাৰ ভয়ংকৰ তথ্য পােহৰলৈ আহে। উল্লেখ্য যে অসমত খাৰুৱা তেল, প্রাকৃতিক গেছ, কয়লা, চূণশিল, চিনা মাটি, আকৰিক লাে, গ্লাছছেণ্ড, চিলিমেনাইট, গ্রেনাইট আদি পােৱা যায় যদিও ইয়াৰে খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ ক্ষেত্ৰ দ্রুতগতিত শেষ হােৱাটো উদ্বেগ প্রকাশ কৰে। সদনত দাখিল কৰা তথ্য অনুসৰি অসমত ২০০ মিলিয়ন মেট্রিকটন খাৰুৱা তেল আছে।যি আগন্তুক ৫৫ বছৰত শেষ হ’ব। আনহাতে, ৰাজ্যৰ ১,০২,৮১৫ মিলিয়ন ঘন মিটাৰ প্রাকৃতিক গেছ আছে যি আগন্তুক ৪১ বছৰৰ ভিতৰত শেষ হ’ব। সদনৰ প্রশ্ন উত্তৰত উল্লেখ কৰা অনুসৰি খনিজাত সামগ্ৰীৰ আহৰণৰ হাৰ বৰ্তমানৰ তুলনাত দ্রুতগতিত হলে খনিজাত সামগ্ৰীৰ ভাণ্ডাৰ আনুমানিক বছৰৰ আগতে শেষ হ’ব পাৰে। অর্থাৎ অধিক। হাৰত খাৰুৱা তেল আৰু প্রাকৃতিক গেছ আহৰণ অব্যাহত ৰাখিলে ধার্য আনুমানিক বছৰ ক্ৰমে ৫৫ আৰু ৪১ বছৰ আগতে দুয়ােবিধ সামগ্রী শেষ হ’ব। অসমৰ অৰ্থনীতিত খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ ভূমিকা বৃহৎ। | তেনেস্থলত কেন্দ্রীয় চৰকাৰে ৰাজ্যখনৰ পৰা খাৰুৱা তেলৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে যি লক্ষ্য স্থিৰ কৰিছে সেয়া সম্ভৱ হ’লে আগন্তুক ৪০-৫০ বছৰৰ ভিতৰতে অসমৰ তৈল ভাণ্ডাৰ শেষ হ’ব। লক্ষণীয় যে কেন্দ্রীয় চৰকাৰৰ প্রতিষ্ঠানৰ উপৰি তৈলক্ষেত্রসমূহ লীজত দিয়া ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে অধিক লাভৰ আশাত দ্রুতগতিত খনিজাত সামগ্রী আহৰণ কৰিলে তেল আৰু প্রাকৃতিক গেছৰ যি ভাণ্ডাৰ সেয়া শেষ হৈ পৰিব। যাৰ ফলত আগন্তুক সময়ত ৰাজ্য বিত্তীয়ভাৱে লােকচানৰ সন্মুখীন হ’ব। সদনত উল্লেখ কৰা অনুসৰি ২০০৬-০৭ বিত্তীয় বৰ্ষৰ পৰা চলিত বিত্তীয় বৰ্ষৰ আগষ্ট মাহলৈকে খাৰুৱা তেলৰ পৰা ৰাজ্যই ২০,৪৭২.৫৭ কোটি টকা ৰযেল্টী লাভ কৰিছে। ২০০৬-০৭ চনত ১,৩৫১.৭১ কোটি টকা, ২০০৭-০৮ চনত ১,৫১১.৮২ কোটি টকা, ২০০৮-০৯ চনত ১,৫৪০.৮০ কোটি টকা, ২০০৯-১০চনত ১,৪০৮.৪১ কোটি টকা, ২০১০-১১চনত ১,৫১৫.৪৬ কোটি টকা, ২০১১-১২চনত ১,৮৩০.৮৩ কোটি টকা, ২০১২-১৩চনত ১,৪২১.১৪ কোটি টকা, ২০১৩-১৪চনত ১,৬১৩.৩১ কোটি টকা, ২০১৪-১৫চনত ১,২১৬.৭৬ কোটি টকা, ২০১৫-১৬চনত ১,৪৫৯.৮৭ কোটি টকা, ২০১৬-১৭চনত ২,৯৩২.৯৫ কোটি টকা, ২০১৭-১৮চনত ১,৭০০.৫০ কোটি টকা আৰু চলিত বিত্তীয় বৰ্ষৰ আগষ্টলৈকে ৯৬৮.৯৯ কোটি টকা ৰাজহ লাভ কৰিছে। এই ৰয়েল্টীসমূহ অইল ইণ্ডিয়া লিমিটেড আৰু অ’ এন জি চিৰ পৰা লাভ কৰা হৈছে। ৰাজ্য চৰকাৰে এতিয়ালৈকে ৩,৩৯০.২২ কোটি টকা ৰয়েল্টী পাবলৈ বাকী আছে। ইপিনে, অসমত থকা ক্ষুদ্র তৈলক্ষেত্রসমূহ কেন্দ্রীয় চৰকাৰে নিলামৰ বাবে দিয়া আবণ্টনৰ জৰিয়তে অসম চৰকাৰে সাতখন তৈলক্ষেত্র কোম্পানীক স্ট্রেলিয়াম মাইনিং লীজৰ অনুমতি প্রদান কৰিছে। ইয়াৰ ভিতৰত ৬.২২ বর্গকিলােমিটাৰ এলেকাৰ বৰশিলা ব্লক ৰামন্যা ইস্পট প্রাইভেট লিমিটেড, ৮.৭৯ বর্গ কিলােমিটাৰত দিপলীং ব্লক ৰামন্যা ইস্পাট প্রাইভেট লিমিটেড, ৮.৮১ বর্গ কিলােমিটাৰত দৌৰমাৰা ব্লক অইল মেক্স এনার্জী প্রাইভেট লিমিটেড, ৮.৯০ বর্গ কিলােমিটাৰত লক্ষ্মীজান ব্লক এম এছ ভাগ্যশ্রী ইণ্ডাষ্ট্রিছ প্রাইভেট লিমিটেডক, ১১.৪৮ বর্গ কিলােমিটাৰৰ চৰাইদেউ ব্লক অইল মেক্স এনার্জী প্রাইভেট লিমিটেডক, ১০.০৫ বর্গ কিলােমিটাৰত ডেৰিয়া পথাৰ ব্লক ইণ্ডিয়ান অয়ল কৰ্পৰেচন লিমিটেড ১৯.১৫ বর্গ কিলােমিটাৰত পথাৰিয়া ব্লক মেগা ইঞ্জিনীয়াৰিং এণ্ড ইনফ্রাস্ট্রাকচাৰ প্রাইভেট লিমিটেডক অর্পণ কৰা হৈছে।