শেহতীয়া খবৰ
Home / Fashion / Health & Fitness / কেন্সাৰ ৰোগৰ সতৰ্কীকৰণৰ দহটা লক্ষণ

কেন্সাৰ ৰোগৰ সতৰ্কীকৰণৰ দহটা লক্ষণ

ধূমপান, বিভিন্ন ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী সেৱন, সূৰ্যৰ ক্ষতিকাৰক ৰশ্মি, বিভিন্ন ৰাসায়নিক পদাৰ্থ, অতিমাত্ৰা শৰীৰৰ ওজন বৃদ্ধি আদিকে ধৰি বিভিন্ন কাৰণত মানুহৰ শৰীৰ কেন্সাৰ ৰোগত আক্ৰান্ত হ’ব পাৰে৷ বহু ক্ষেত্ৰত দেখা যায় যে এই ৰোগৰ লক্ষণসমূহ ভালদৰে নজনাৰ বাবেই গোটেই শৰীৰত কেন্সাৰ ৰোগৰ কোষবোৰ বিয়পি পৰে৷ বহু সময়ত শৰীৰত ইমানকৈ ই বিয়পি পৰে যে চিকিৎসা কৰি আৰোগ্য কৰা সম্ভৱ নহয়গৈ৷ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় কৰিব পাৰিলে কেন্সাৰ ৰোগ নিৰ্মূল কৰাত সম্ভৱ হৈ উঠে৷ সেয়েহে কেন্সাৰ ৰোগৰ সতৰ্কীকৰণ লক্ষণসমূহ সকলোৱে জনা উচিত আৰু এই লক্ষণসমূহ অৱহেলা কৰিব নালাগে৷ এনে লক্ষণসমূহ ধৰা পৰা মাত্ৰকে চিকিৎসকৰ কাষলৈ যোৱা উচিত, কিয়নো এনে লক্ষণৰ ভিত্তিত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ যোগেদি এই ৰোগ নিশ্চিত কৰিব পৰা যাব পাৰে৷ তলত কেন্সাৰ ৰোগৰ দহটা সতৰ্কীকৰণ লক্ষণ উল্লেখ কৰা হ’ল–

কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন কমি যোৱাঃ যদিহে কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন অধিক হাৰত কমি যায়, তেন্তে এই বিষয়ত সতৰ্ক হওক৷ ডায়েটিং, খাদ্য অভ্যাসৰ পৰিৱৰ্তন, আন কোনো সাধাৰণ অসুখ আদিৰ ক্ষেত্ৰত কম পৰিমাণে ওজন কমি যোৱাটো বিশেষ ক্ষতিকাৰক নহয়৷ কিন্তু এইসমূহৰ অবিহনে ওজন কমি যোৱাটো অতি লক্ষণীয়৷

কিছুদিনৰ বিৰতিৰ মূৰে মূৰে জ্বৰ হৈ থকাঃ যদি কিছু সময়ৰ মূৰে মূৰে একেৰাহে জ্বৰ হৈ থাকে তেন্তে ই তেজৰ কেন্সাৰ, অৰ্থাৎ লিম্ফোমা বা লিউকোমিয়া হোৱাৰ প্ৰধান লক্ষণ হ’ব পাৰে৷

শৰীৰৰ বিভিন্ন অংগত বিষঃ একেৰাহে বহুদিন ধৰি মূৰৰ বিষ হোৱাটো মগজু কেন্সাৰৰ প্ৰাথমিক লক্ষণো হ’ব পাৰে৷ ইয়াৰ উপৰি পিঠিৰ তলভাগত একেৰাহে বিষ হোৱাটো ৰেক্টল আৰু অভাৰিয়ান কেন্সাৰৰ লক্ষণ হ’ব পাৰে৷

একেৰাহে বহুদিন কাহ হোৱাঃ ঠাণ্ডা দিনত চৰ্দি লাগি কাহ হোৱাটো স্বাভাৱিক যদিও একেৰাহে বহুদিনৰ বাবে কাহ হৈ থাকিলে হাঁওফাঁওৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে৷ গতিকে এই বিষয়ত সতৰ্ক হোৱা প্ৰয়োজন৷

ছালৰ তলত উখহি উঠাঃ শৰীৰৰ যিকোনো অংগৰ ছালৰ তলত গুটি গুটি আকাৰৰ ফুলি উঠা গোটা মাংসপিণ্ড কেন্সাৰৰ প্ৰথম আৰু প্ৰধান লক্ষণ৷ তথাপি এই গুটিসমূহ বুকুৰ ওচৰে-পাঁজৰে থাকিলে ইয়াক কেন্সাৰৰ লক্ষণ হিচাপে গণ্য কৰা হয়৷ অৱশ্যে শৰীৰৰ আন অংগ, যেনে- হাত-ভৰি আদিত দেখা দিলে বিশেষ ভয়ৰ কাৰণ নাই৷

অতিৰিক্ত আৰু অস্বাভাৱিক ৰক্তপাতঃ কফ বা কাহৰ লগত তেজ ওলালে ইয়াক হাঁওফাঁওৰ কেন্সাৰৰ লক্ষণ হিচাপে গণ্য কৰা হয়৷ প্ৰস্ৰাৱ-পায়খানাৰ লগত তেজ গ’লে ই ব্লাডাৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে৷ স্তনৰ পৰা তেজ ওলালে স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে৷ এনে লক্ষণসমূহ দেখা দিলে লগে লগে চিকিৎসকক দেখুওৱা উচিত৷

মূত্ৰনলীৰ সমস্যাঃ প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ অনুভৱ কৰা আৰু প্ৰস্ৰাৱৰ লগত তেজ ওলালে একেবাৰেই অৱহেলা কৰা অনুচিত৷ অতি সোনকালেই চিকিৎসকক দেখুৱাব লাগে৷

মুখৰ ভিতৰত ঘা লগা আৰু খজুওৱাৰ সমস্যাঃ যদি মুখৰ ভিতৰত ঘা লাগে আৰু এই ঘা বহুদিন ধৰি ঠিক নহয়, ডিঙিৰ বিষ আৰু খচখচাই থকা আদিবোৰ লক্ষণ মুখগহ্বৰৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে৷

শৰীৰৰ ছালৰ কিছুমান উল্লেখযোগ্য পৰিৱৰ্তনঃ যদিহে শৰীৰৰ ছালৰ বৰণ মাজে মাজে সলনি হৈ থাকে, কোনো কাৰণ নোহোৱাকৈ আঘাতৰ দৰে দাগ দেখা পোৱা যায়, তেন্তে এইসমূহ ছালৰ কেন্সাৰৰ লক্ষণ৷ এনেবোৰ দাগ আৰু ৰঙৰ পৰিৱৰ্তন ভালদৰে লক্ষ্য কৰি থকা উচিত৷ অৱশ্যে ছালৰ যিকোনো পৰিৱৰ্তন হ’লেই ছাল বিশেষজ্ঞৰক দেখুওৱাটো উচিত৷

সকলো সময়তে দুৰ্বল অনুভৱ হোৱাঃ বহু সময় জিৰণি লোৱাৰ পিছতো যদি ভাগৰ নপলায় তেন্তে আমি সাধাৰণভাৱে ভাবি লওঁ যে আমাৰ প্ৰয়োজনীয় জিৰণি লোৱা সময় কম হৈছে৷ কিন্তু আমাৰ মনলৈ এইটো ভাব নাহে যে এইটো এটা কেন্সাৰৰ লক্ষণ হ’ব পাৰে৷ কম সময়তে ভাগৰ লগা আৰু সকলো সময়তে দুৰ্বল ভাব হৈ থাকিলে এই লক্ষণবোৰ অৱহেলা নকৰি অনতিপলমে চিকিৎসকৰ কাষ চাপিব লাগে৷

(উৎসঃ ইন্টাৰনেট)