শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / কন্যা সন্তান আৰু সামাজিক মানসিকতা

কন্যা সন্তান আৰু সামাজিক মানসিকতা

 

✍হাচান উল্লাহ

বিগত কিছুদিনৰ পৰা অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশখনকেই কঁপাই গৈছে৷ প্ৰায় প্ৰতিদিনেই সংঘটিত ধৰ্ষণৰ ঘটনাই প্ৰতিজন অভিভাৱক তথা সৰ্বসাধাৰণ ৰাইজক চিন্তাশীল কৰি তুলিছে৷ এই সমগ্ৰ ধৰ্ষণ কাণ্ডসমূহৰ এটা দিশে এনে দানৱীয় কৰ্মৰ, আন এটি বিবেকশূন্য বিকাৰতাক আঙুলিয়াইছে৷ সেইটো হ’ল- ধৰ্ষণৰ বলি হোৱাসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে নাবালিকা কিম্বা ফুলকুমলীয়া কণমানি শিশু৷

অলপতে মোৰ মোবাইলত এটা Whatsapp message পাইছিলো। ই এটা শ্ৰাব্য message আছিল- যিটো শুনি মোৰ গাৰ নোম থিয় হৈ গৈছিল। messageটো সকলোৰে আগত দাঙি ধৰাৰ একান্ত প্ৰয়োজনীয়তা অনুভৱ কৰি ইয়াৰ বাৰ্তালাপখিনি হুবহু তুলি ধৰিলো৷

ব্যক্তি- আপুনি স্ত্ৰীৰোগ বিশেষজ্ঞা ডাঃ চিনায়া নহয় জানো ?

ডাঃ- হয়৷

ব্যক্তি- আপোনাৰ সৈতে কিছু কথা পাতিবলগীয়া আছিল৷…….. মোৰ পত্নী গৰ্ভৱতী।

ডাঃ- কিমান মাহ হৈছে ?

ব্যক্তি- চাৰি মাহ হৈছে বাইদেউ। কিন্তু আপোনাক কেনেকৈ কওঁ ? কথাবিলাকতো গম পোৱা যায়। মোৰ পত্নীয়েও গম পাইছে। ছোৱালী হয়। গৰ্ভপাত কৰাব লাগিছিল।

ডাঃ- কিবা অসুবিধা ?

ব্যক্তি- অসুবিধা একো নাই। ছোৱালী যেতিয়া….

ডাঃ- আপুনি কি কথা কৈছে ? চাওক, আপুনি মোৰ সময় নষ্ট নকৰিব। আপুনি বুজি পাইছেনে ? গৰ্ভপাত কৰাব বিচাৰিছে! জে’ললৈ যাব আপুনি। সঁচাকৈ কৈছো মই আপোনাক জে’ললৈ পঠিয়াই দিম। আপোনাৰ শিক্ষা-দীক্ষা আছে নে নাই ? আপুনি জানে নে নাই যে আপুনি এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ সৈতে কথা পাতি আছে, যি নিজেই এগৰাকী নাৰী হয় ? আৰু আপুনি কৈছে যে আপোনাৰ পত্নীৰ ছোৱালী সন্তান হ’বলগীয়া আছে, সেয়ে গৰ্ভপাত কৰাই দিব লাগে। কেনেকুৱা কথা কৈছে· ল’ৰা সন্তান লাগে চাগে আপোনাক ?

ব্যক্তি- নাই, মোক ল’ৰা সন্তান নালাগে। ছোৱালীয়েই লাগে।

ডাঃ- তেন্তে কিয় কৰাব বিচাৰিছে গৰ্ভপাত ?

ব্যক্তি- কাৰণ তাই ধৰ্ষণৰ বলি হ’ব। ডাক্তৰ, মই নিবিচাৰো যে তাইৰ ধৰ্ষণ হওক। ক্ষমা কৰিব ডাক্তৰ, মই ৰেডিঅ’ মিৰ্চিৰ পৰা নাভেদে কৈ আছো। মই জানো যে আপোনালৈ নিশ্চয় এনেধৰণৰ ফোন কল আহে। কিন্তু তাৰ কাৰণ এইটো হ’ব পাৰে যে ‘মই মোৰ কন্যাৰ লগত যৌতুক দিব নোৱাৰো বা তাইক ভালদৰে শিক্ষা দিব নোৱাৰো’। কিন্তু এতিয়া আপোনালৈ এনে ফোনো আহিব যে ‘মই মোৰ কন্যা সন্তানক জন্ম দিব নিবিচাৰো, কাৰণ তাইৰ ধৰ্ষণ হ’ব পাৰে’। ডাক্তৰ, এটা সময় আছিল যেতিয়া মানুহৰ কন্যা সন্তান জন্ম হৈছিল, তেতিয়া চিন্তা কৰিছিল যে তাই যেতিয়া গাভৰু হ’ব তেতিয়া কি হ’ব ? ডাক্তৰ, এতিয়াতো সেই পৰ্যায় পোৱা গৈয়ে নাই। দিল্লীত আঠমহীয়া কন্যাশিশু ধৰ্ষণৰ বলি হৈছে। আঠমহীয়া সন্তান এটিৰ আকাৰেই কিমান হয়, যেতিয়া তাই হৃষ্ট-পুষ্ট নহয়· মানুহৰ হাতত তুলি ল’ব পৰা এটি টুকুৰা মাথোঁ। তেনে এটি শিশুৰো ধৰ্ষণ হৈছে। মোক ক্ষমা কৰিব ডাক্তৰ, মই আপোনাৰ মূল্যৱান সময় নষ্ট কৰিছো। কিন্তু মই সকলোকে ক’ব বিচাৰিছো যে এনে ঘটনা পুনৰ হ’ব….. আৰু নহ’বৰ বাবে কন্যা সন্তান জন্ম দিয়া বন্ধ কৰি দিয়ক। মই বুজিব নোৱাৰো যে মানুহে এই শ্ল’গানটো দেখিলে সুখী হৈ যায় যে ‘বেটী বচাও, বেটী পঢ়াও’। কিয় ? কিয় আমি প্ৰথমেই এইটো প্ৰকাশ কৰি দিওঁ যে কন্যা সন্তান দুৰ্বল, ইহঁত শিক্ষিতও নহয় আৰু ইহঁতক সুৰক্ষা দিব লাগে· এনে শ্ল’গান কিয় ওলোৱা নাই যে ‘ল’ৰা সন্তানক গঢ় দিয়া আৰু নামানিলে দুই চৰ মাৰি শিক্ষা দিয়া ?’ …..আৰু যিমান মানুহে এই কথাটো বিশ্বাস কৰিছিল যে কন্যা সন্তান ঘৰৰ বাহিৰলৈ গ’লে ধৰ্ষণৰ বলি হয়, তেওঁলোকৰ আত্মীয়ই তেওঁলোকৰ ঘৰৰ শোৱনি কোঠাৰ ভিতৰতেই তেওঁলোকৰ কন্যাক ধৰ্ষণ কৰিছিল। যেতিয়া তাইৰ পিতৃ-মাতৃয়ে তাইক দেখিছিল, তাই তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল, গোটেই হাস্পতাল তাইৰ আৰ্তনাদত ৰজনজনাই গৈছিল। আৰু হিন্দু-মুছলিম! আপোনালোকে কৰি থাকক নিজৰ কাম, এজনে আনজনক দোষাৰোপ কৰি আৰু সদলবলে এজনে আনজনক হত্যা কৰি। যদি অলপো লাজ আছে তেন্তে ইয়াতকৈ ভয়ংকৰ যি ঘটনা আমাৰ দেশত ঘটি আছে য’ত আমাৰ নিজৰেই সন্তানক ধৰ্ষণ কৰিছে, সেই নীচ মানুহৰূপী দানৱক ৰাজহুৱা স্থানলৈ নি শিক্ষা দিয়ক। আৰু এইটো কাৰো কোৱাৰ প্ৰয়োজন নাই যে ‘ছোৱালী ল’ৰাতকৈ কোনোগুণে কম নহয়’। কাৰণ যদিহে আমি কাৰোবাক কওঁ যে ছোৱালী কোনোগুণে ল’ৰাতকৈ কম নহয়, তেন্তে এইটো স্পষ্ট হয় যে আমি আমাৰ মগজুত কেনেবাকৈ এই ধাৰণাটোক ঠাই দি থৈছো যে ছোৱালী ল’ৰাতকৈ কম হয়। এশ কোটিৰ ওপৰৰ জনতাৰ কোনোবা এজনেও যদি মোৰ এই ভাষ্য শুনিছে আৰু তেখেতে যদি ভাবে যে ছোৱালী ৰাতি ঘৰৰ পৰা ওলালে ধৰ্ষণৰ বলি হয়, তেন্তে মোৰ লগত তৰ্ক কৰক। মই শপত খাই কৈছো যে যদি তেখেতে মোক এই ক্ষেত্ৰত হৰুৱাব পাৰে, তেন্তে মই জীৱনত কেতিয়াও ৰেডিঅ’লৈ নাহো আৰু মোৰ মাত কাকো নুশুনাওঁ। ডাক্তৰ, মোক ক্ষমা কৰিব। মই আপোনাৰ বহু সময় নষ্ট কৰিলো।

ডাঃ- নহয় নাভেদ। আপুনি একেবাৰেই সঠিক কথা কৈছে। এইটো সঁচাকৈয়ে অতি লজ্জাজনক কথা যে ধৰ্মৰ নামত দেশত ইমান হত্যা হৈছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে ধৰ্ষণৰ দৰে ইমান এটা সংবেদনশীল বিষয়ত দেশৰ প্ৰায় সকলো জনতা নিমাত।

কিমান বাস্তৱিক ছবি এখন ফুটি উঠিছে messageটোত! কিমান কঠিন হৃদয়ৰ পিতৃ-মাতৃ হ’ব লাগিব, যেতিয়া সন্তানৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উপায়বিহীন হৈ এনেদৰে চিন্তা কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ’ব ? কিন্তু এনে এটা পৰিস্থিতি, এনে এটা সময় সমাগত।

একাংশ পুৰুষৰ সামাজিক পৰিৱেশৰ মাজতে শিপাই থকা অনৈতিক তথা নিৰ্লজ আচৰণে নাৰীক কেৱল ভোগ্য সামগ্ৰীস্বৰূপ কৰি তোলাটোৱে ব্যৱস্থাটোক অসন্তুলিত কৰি পেলাইছে। তেনে মনোবৃত্তিৰ মানুহৰ এয়া আজিৰ আচৰণ নহয়, বৰঞ্চ যুগ-যুগান্তৰৰ পৰা চলি থকা এটা সুপ্ত কুটিল মানসিকতা– যি আজি সুপ্ততাৰ পৰা ওলাই আহি মুকলিকৈ আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে।

যদিও দুই-এটা এনে ঘটনাৰ ক্ষেত্ৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰি অপৰাধীক মৃত্যুদণ্ড বিহা হৈছে, কিন্তু তাক কাৰ্যকৰী কৰাৰ বিপৰীতে অপৰাধীয়ে আন নানা ধৰণৰ আইনী সুৰুঙাৰ সুবিধা গ্ৰহণ কৰা দেখা যায়। দেখাত ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত মৃত্যুদণ্ড এটা সঠিক শাস্তি যেনেই লাগে, কিন্তু কেৱল আইনগত ব্যৱস্থাৰ দ্বাৰা প্ৰকৃততে এই সমস্যাটো নিৰ্মূল কৰিব পৰা যায়নে ? এটা সমীক্ষাৰ পৰা এইটো স্পষ্ট হয় যে শতকৰা ৯০-৯৫% ধৰ্ষণৰ ঘটনা ঘৰৰ চাৰি বেৰৰ মাজতেই ঘটে। আইনে কেতিয়াও এনে ঘটনাক ঢুকি নাপায়। এনে সুপ্ত ঘটনাক আইনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা সম্ভৱো নহয়। যদিও ধৰ্ষণৰ বেলিকা যৌন ভূমিকা থকাৰ সম্ভাৱনীয়তাই আটাইতকৈ বেছি, কিন্তু এয়া কেৱল যৌন তাড়না বুলি বিশ্বাস কৰাটোতো কিছু অসুবিধা আছে। ইয়াৰ সম্বন্ধ বহু সময়ত অধিকাৰ তথা প্ৰাধান্যতা বিস্তাৰ কৰাৰ সামৰ্থ্যৰ সৈতেও জড়িত হৈ থাকিব পাৰে।

বৰ্তমানে সংঘটিত হৈ থকা ঘটনাবোৰলৈ মন কৰিলে ভৱিষ্যতৰ সময়ছোৱাত পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা স্পষ্ট হৈ পৰে। মই বা আপুনি কোন হয় সেয়া অন্য এজন ব্যক্তিৰ মত অথবা তৃতীয় পক্ষৰ উপস্থিতিত বুজিব পৰা কথা নহয়। মাথোঁ মনত ৰখা উচিত যে আমাৰ চাৰিওফালৰ প্ৰতিজন ব্যক্তিক বিভিন্ন দিশত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। কাৰণ বন্ধ কোঠাৰ ভিতৰৰ ধৰ্ষণকাৰী আৰু ৰাজহুৱা স্থানৰ ধৰ্ষণকাৰীৰ মাজত কোনো পাৰ্থক্য থাকিব নোৱাৰে। অধিকাংশ মানুহৰ মাজত এটা প্ৰবৃত্তি থাকে, সেইটো হৈছে আন এজন ব্যক্তিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰা অথবা তেওঁক দমন কৰা।

সেয়েহে ইয়াৰ সমাধান কেৱল ইয়াৰ ওপৰত নিয়ন্ত্ৰণ অনায়েই নহয়, বৰঞ্চ প্ৰতিজন ব্যক্তিৰ ৰূপান্তৰণহে ইয়াৰ প্ৰতিকাৰৰ একমাত্ৰ উপায়। যদি সমাজ সংশোধন কৰিব লাগে, তেন্তে প্ৰথমেই নিজকে ৰূপান্তৰণৰ বাবে প্ৰস্তুত কৰিব লাগিব। প্ৰতিজন পিতৃ-মাতৃয়ে এই দিশটোৰে নিজৰ সন্তানৰ ওপৰত গুৰুত্ব দিয়া উচিত- যাতে সিঁহতে এটা সম্পূৰ্ণ পৰিৱেশৰ মাজেৰে নিজৰ ব্যক্তিত্বক সন্তুলিত কৰি তুলিব পাৰে।

জম্মু-কাশ্মীৰৰ কথুৱা জিলাত সংঘটিত ৮ বছৰীয়া ‘আচিফা’ ধৰ্ষণৰ ঘটনাটোৱে বহুতো প্ৰশ্নৰ অৱতাৰণা কৰে। এটা মন্দিৰৰ ভিতৰত অপহৰণ কৰি ৰাখি ধৰ্ষণ কৰি হত্যা কৰা বুলি প্ৰচাৰিত ঘটনাটোক লৈ বিভিন্ন মহল বিভিন্ন ধৰণেৰে তৎপৰ হোৱা দেখা গ’ল। প্ৰথমেই ইয়াক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰা দেখা গ’ল। মুছলমানে চিঞৰিলে মন্দিৰৰ দৰে উপাসনাস্থলীত হোৱা এনে ঘৃণনীয় ঘটনাৰ অজুহাতত। এই চিঞৰক তল পেলাবলৈ কথুৱাৰ একাংশ অধিবক্তাই ধৰ্ষণ কাণ্ডত অভিযুক্তসকলৰ সপক্ষে থাকি ‘অপৰাধ শাখা’ক চাৰ্জশ্বীট দাখিল কৰাৰ ক্ষেত্ৰত বাধা দিয়া দেখা গ’ল। এচামে ভাৰতৰ জাতীয় পতাকা হাতত লৈ অভিযুক্তৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাজপথত ‘ভাৰত মাতা কী জয়’ শ্ল’গান দি ইয়াক ৰাজনীতিকৰণ কৰা দেখা গ’ল।

কিন্তু প্ৰকৃততে সেই ধৰ্ষণৰ প্ৰতিবাদ কোনে কৰিলে ? কোনে কৰিলে এজনী কণমানিৰ লগত কৰা জঘন্যতম নৃশংসতাৰ প্ৰতিবাদ ? কোনে কৰিলে কেৱল মানৱতাৰ আধাৰত মানৱতাক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰতিবাদ ? সকলোতে কেৱল স্বাৰ্থ ? সাম্প্ৰদায়িকতাৰ মাধ্যমেৰে কেৱল ৰাজনৈতিক মুনাফা লুটা এনে ব্যৱস্থা কেতিয়ালৈকে বাহাল থাকিব ? অকথ্য নিৰ্যাতন চলাই ধৰ্ষণ কৰাৰ অন্তত অন্তৰ কঁপাই যোৱাকৈ হত্যা কৰা ঘটনাবোৰে কিয় এবাৰলৈ হ’লেও মানুহৰ অন্তৰত দুখৰ সঞ্চাৰ কৰিব নোৱাৰে ? কেনেকৈ মানুহে যান্ত্ৰিকতাৰে সেই ধৰ্ষণ আৰু হত্যাৰ মাজতো নিজৰ লাভালাভৰ সন্ধান কৰিব পাৰিছে ? ৰাতিটোৰ ভিতৰতে দেশৰ মুদ্ৰা-ব্যৱস্থাক সলাই পেলাব পৰা এখন চৰকাৰে ইমান দিনে ধৰ্ষণ ৰোধৰ বাবে এখন কঠোৰতম আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত কোনো উদ্যোগ লোৱাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰা নাই।

আনহাতে আজিকালি এনেকুৱাও হৈছে যে ধৰ্ষিতা আৰু ধৰ্ষণকাৰী কোন ধৰ্মৰ সেই প্ৰশ্নৰ অৱতাৰণা প্ৰথমেই হয়। ধৰ্ষণৰ বেছিভাগ ঘটনাত একাংশ দল-সংগঠন কিম্বা ব্যক্তিয়ে কোনো এটা ধৰ্মক দোষাৰোপ কৰাটো নিয়মত পৰিণত হৈছে। এনেধৰণৰ ঘটনাৰ বাবে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মক কিয় দোষাৰোপ কৰিবলৈ লৈছে অথবা ধৰ্মৰ সমালোচনা এনে ঘটনাৰ সৈতে কিমান প্ৰাসঙ্গিক ? পৃথিৱীত এনে এটা ধৰ্ম আছেনে যি এনেধৰণৰ দানৱীয় কাৰ্যক সমৰ্থন কৰে ? এটা লম্পট বা কামাতুৰে কোনো ধৰ্মকেই প্ৰতিনিধিত্ব কৰিব নোৱাৰে। কাৰণ সিঁহতৰ কোনো ধৰ্ম নাথাকে, থাকিব নোৱাৰে। এজনৰ ধৰ্ম থাকিলে বা এজন প্ৰকৃত ধৰ্মাৱলম্বী লোক কেতিয়াও এনেধৰণৰ অধৰ্মত লিপ্ত হ’ব নোৱাৰে। এটা নামে বা এটা উপাধিয়ে এটা ধৰ্মক তেতিয়ালৈকে প্ৰতিনিধিত্ব নকৰে, যেতিয়ালৈকে সেই উপাধিধাৰীয়ে সেই ধৰ্মৰ আদৰ্শ তথা নৈতিকতাৰে নিজকে পৰিচালিত কৰিব নোৱাৰে।

ভাৰতত পুৰুষতকৈ মহিলাৰ বাবে আইন, সংগঠন তথা চৰকাৰী মন্ত্ৰালয় বহু বেছি। মহিলাৰ সুৰক্ষাৰ বাবে আৰক্ষী, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ৰাজ্যসমূহত ৰাজ্যিক মহিলা আয়োগ, মহিলাৰ হৈ কাম কৰা অগণন সংগঠন, মহিলা বিকাশ তথা শিশু কল্যাণ মন্ত্ৰালয়, নাৰীৰ সহায়ৰ বাবে বিভিন্ন আইন থকা সত্ত্বেও নাৰীৰ ক্ষেত্ৰত সংঘটিত অপৰাধ নিৰ্মূল বা নিয়ন্ত্ৰণ হোৱা পৰিলক্ষিত হোৱা নাই। প্ৰতিবাৰেই যেতিয়া এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে, তেতিয়াই ৰাজহুৱা প্ৰতিক্ৰিয়া হয় যে ‘আইন পংগু বা আইন অসহায়’। কিছুৱে এনেকৈও মন্তব্য কৰে যে ‘ধৰ্ষণকাৰীক ৰাজহুৱা স্থানত ফাঁচি দিব লাগে’। আচলতে বহু সময়ত মানুহ ধৰ্ষণ সম্পৰ্কীয় আইনসমূহৰ বিষয়ে অজ্ঞ হৈ ৰয় আৰু ইয়াৰ প্ৰকৃত সুবিধাসমূহ লাভ কৰাৰ পৰা বঞ্চিত হয়, যাৰ পৰিপ্ৰেক্ষিতত এনে কিছুমান মন্তব্য শুনিবলৈ পোৱা যায়। ধনৰ মোহত সকলো জানিও অভিযুক্তৰ হৈ ওকালতি কৰিবলৈ আগবাঢ়ি অহা অধিবক্তাৰ সংখ্যা কম নহয়। যদি ধৰ্ষণৰ দৰে এটা সংবেদনশীল বিষয়ত অধিবক্তাসকলে কিছু সতৰ্কতা অৱলম্বন কৰিলেহেঁতেন, তেন্তে নিশ্চয় ইয়াৰ মাত্ৰা কিছু পৰিমাণে হ’লেও হ্ৰাস পালেহেঁতেন।

ধৰ্ষণৰ ক্ষেত্ৰত ভাৰতীয় আইনী ব্যৱস্থা যথেষ্ট কঠোৰ, তথাপি এই অপৰাধ দিনকদিনে কিয় বৃদ্ধি পাবলৈ ধৰিছে· দিল্লী আৰক্ষীৰ এটা প্ৰতিবেদন মতে ধৰ্ষণ সংক্ৰান্তীয় প্ৰতি দহটা গোচৰৰ চাৰিটা গোচৰেই ভুৱা। কাৰণ হৈছে কাৰোবাৰ সৈতে থকা শত্ৰুতাৰ প্ৰতিশোধ, live in relationship ত থকাৰ পিছত বিবাহৰ সিদ্ধান্তত উপনীত হ’ব নোৱাৰা, মাটি-বাৰীৰ বিবাদ, শহুৰ-শাহুৰ পৰা আঁতৰি থকাৰ মানসিকতা আদি। নিৰ্ভয়া কাণ্ডৰ পিছতেই বিখ্যাত হৈ পৰা মধু কিশ্বৰৰ মতে – ‘কঠোৰ আইনৰ পৰা পীড়িতাই ন্যায় লাভ কৰে নে নকৰে সেইটো বেলেগ কথা, কিন্তু ধৰ্ষণ সংক্ৰান্তীয় গোচৰৰ ক্ষেত্ৰত সাধাৰণতেই একাংশ আৰক্ষী লাভান্বিত হয়। অৰ্থাৎ বহু সময়ত তেনে আৰক্ষীৰ লোকে ভুৱা গোচৰত নিৰ্দোষীক অভিযুক্ত কৰিবলৈ এনে আইনৰ অপপ্ৰয়োগ কৰে’।

অৱশ্যে মানুহৰ মানসিকতাত কিছু পৰিৱৰ্তনো আহিছে। আজিকালি পিতৃ-মাতৃয়ে নিজৰ ছোৱালীক এইটো শিক্ষা দিবলৈ আৰম্ভ কৰিছে যে তাইৰ সৈতে হোৱা যিকোনো ধৰণৰ আপত্তিজনক কথা যাতে লুকুৱাই নথৈ নিঃসংকোচে সকলো তৎক্ষণাৎ পিতৃ-মাতৃক অৱগত কৰে। এটা সময় আছিল, যেতিয়া ছোৱালীৰ সামাজিক সন্মান লাঘৱ হোৱাৰ ভয়ত পিতৃ-মাতৃয়ে তেনেধৰণৰ কথা কাকো নক’বলৈ পৰামৰ্শ দিছিল। সমাজৰো দৃষ্টিভংগী এটা সময়ত তেনেকুৱাই আছিল যে ছোৱালীয়ে অপৰাধ নকৰিলেও অপৰাধীৰ তালিকাত ছোৱালীজনী সদায়েই আছিল আৰু প্ৰকৃত অপৰাধী মুকলিকৈ ঘূৰি ফুৰিছিল।

ধৰ্ষণৰ দৰে এটা সামাজিক ব্যাধি সমাজৰ পৰা নিৰ্মূল কৰাৰ বাবে শিক্ষক, সমাজসেৱী, মিডিয়া তথা জনপ্ৰতিনিধিসকলৰ দৃষ্টিভংগী সলনি হোৱাৰ প্ৰয়োজন আছে। লগতে প্ৰতিটো ক্ষেত্ৰতেই মহিলাসকলৰ অংশীদাৰিত্ব বাধ্যতামূলক হোৱাটো এটা চৰ্ত হোৱা উচিত। ভাৰতত যৌনশিক্ষা আজিও এক প্ৰহসন হিচাপেই ৰৈ গৈছে– যাৰ বাবে যৌন অপৰাধ ৰোধৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহ সফল হোৱাত কিছু বাধা আহিছে। চৰকাৰে আঁচনি ঘোষণা কৰিছে আৰু ভাষণত জনপ্ৰতিনিধিয়ে তাৰ মাধ্যমেৰে জনতাৰ বাঃ বাঃ লৈছে। ইয়াতেই শেষ হৈছে চৰকাৰৰ দায়িত্ব। যৌনশিক্ষা জীৱবিজ্ঞান পঢ়া শিক্ষাৰ্থীসকলৰ বাবে কেইটামান পৃষ্ঠাতেই সীমাবদ্ধ হৈ ৰৈছে। ভাৰতীয় সমাজত পৰিয়ালসমূহৰ পৰিৱেশ এনেকুৱা যে ইয়াত যৌন সম্পৰ্কীয় আলোচনাক ঠিক পাপৰ শাৰীতেই ৰখা হয়। এনেকুৱা পৰিস্থিতিত সাধাৰণতে টিভি বা ইণ্টাৰনেটৰ মাধ্যমেৰে কম বয়সৰ শিশুসকলৰ মনত যৌনতা সম্পৰ্কে বৃদ্ধি পোৱা জিজ্ঞাসা তথা আধৰুৱা জ্ঞানে সিঁহতক অপৰাধৰ ফালে ধাৱিত কৰে।

এনে বিপথগামীসকলক সঠিক পথলৈ ওভতাই অনাৰ বাবে তেওঁলোকক সঠিক যৌনশিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা তথা ইন্দ্ৰিয়ক দমন কৰিবলৈ আধ্যাত্মিকতাৰ জ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত উদ্যোগ লোৱা উচিত। লগতে পৰ্ন’গ্ৰাফী, অশ্লীল আলোচনী, অশ্লীল চিনেমা, আপত্তিজনক বিজ্ঞাপন আদি আঁতৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে স্বেচ্ছাসেৱী সংগঠন তথা সচেতন ৰাইজে উদ্যোগ লোৱাটো জৰুৰী হৈ পৰিছে। প্ৰকৃততে এনে মনোবৃত্তিৰ লোকক আইনী প্ৰতিবন্ধকতাতকৈ সামাজিক সহযোগিতাৰহে বেছি প্ৰয়োজন। মহিলাসকলেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা উচিত। কাৰণ আইনে তেতিয়াহে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰিব, যেতিয়া মহিলাসকলে নিজৰ সুৰক্ষাৰ দিশটোৰ ওপৰত অধিক মনোনিৱেশ কৰিব পাৰিব। সভ্য সমাজ এখনত সুস্থভাৱে বসবাস কৰিবলৈ প্ৰতিজন ব্যক্তিৰ যৌনতাৰ ক্ষেত্ৰত অন্ততঃ ইমান জ্ঞান থাকিব লাগে– যাতে দ্বি-চৰিত্ৰ পৰিহাৰ কৰি যৌন ভাবনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ বাবে নিজৰ মানসিক সক্ষমতাৰ পৰ্যাপ্ত বিকাশ ঘটাব পাৰে।

সাধাৰণতে পিতৃ-মাতৃয়ে নিজৰ সন্তানক যৌন সংক্ৰান্তীয় জ্ঞান তথা শিক্ষা দিবলৈ সংকোচ বোধ কৰে, কিন্তু আমি সকলোৱেই জানো যে বেয়া বুলি ভবা বা জনা কোনো এটা কথা জনাৰ উৎসুকতা তথা জিজ্ঞাসা আটাইতকৈ বেছি হয়– যিটো প্ৰায় প্ৰতিজন মানুহৰ এটা সহজাত প্ৰবৃত্তি। কিশোৰ অৱস্থাত নিজৰ শৰীৰৰ মাজত ফুটি উঠা পৰিৱৰ্তনসমূহৰ বিষয়ে জনাৰ এক উৎসুকতা প্ৰতিটো শিশুৰ মাজতেই থাকে। ইয়াক সিঁহতে সাধাৰণতে নিজৰ পিতৃ-মাতৃৰ পৰা লুকুৱাই জানিব বিচাৰে। সন্তানে উপযুক্ত বয়সত যেতিয়া যৌনশিক্ষা লাভ নকৰে, তেতিয়া উৎসুকতাৰ হেতু অন্য পথেৰে হ’লেও সেই জ্ঞান আয়ত্ত কৰিব বিচাৰে, যি বহু সময়ত সেই সন্তানৰ বাবে অনুকূল নহ’বও পাৰে। যদি আমি যৌনতাৰ মনোবৈজ্ঞানিক দিশবিলাক বুজাৰ প্ৰয়াস কৰো, সঠিক বয়সত নিজৰ সন্তানক ঘৰতেই যৌনশিক্ষা দিওঁ, সিঁহতক যৌনাকাংক্ষা নিয়ন্ত্ৰণৰ দিশবিলাক সম্পৰ্কে জাগ্ৰত কৰো আৰু উপযুক্ত বয়সত সিঁহতৰ বিবাহৰ ব্যৱস্থা কৰো, তেন্তে এনে অসামাজিক সমস্যাসমূহ নিৰ্মূলৰ বেলিকা সফল হোৱাৰ অৱকাশ নিশ্চয় থাকিব। যৌনশিক্ষাই আমাৰ সন্তানসমূহক এইক্ষেত্ৰত মুকলিকৈ আলোচনা কৰাৰ এটা সুবিধা দিব পাৰে, যিয়ে সিঁহতক বিপদৰ স্তৰ সম্পৰ্কে সচেতন কৰাৰ ক্ষেত্ৰত তথা যৌনসম্বন্ধ গঢ়াৰ ক্ষেত্ৰত শুদ্ধ সিদ্ধান্ত লোৱাৰ বাবে সক্ষম কৰি তুলিব। সচৰাচৰ মানুহৰ মাজৰ সম্পৰ্কবিলাক তথা যৌনসম্পৰ্ক সম্বন্ধে মুকলিকৈ আলোচনা কৰাৰ পৰিৱেশ এটায়ে সেই শ্ৰেণীটোক ভয়াৰ্ত কৰি তুলিব, যি শিশুৰ কমনীয়তাৰ সুযোগ লৈ সিঁহতক শোষণ কৰে।  শিশুসকলক যৌনহিংসাৰ পৰা নিৰাপদ কৰি ৰখাৰ ক্ষেত্ৰত ঘৰত বা বিদ্যালয়সমূহত যৌনশিক্ষা প্ৰদান কৰাৰ আন কোনো বিকল্প নাই।

                   ম’বাইল – ৯৭০৬৩২০৮৮১