শেহতীয়া খবৰ
Home / ক্ৰীড়া / থম টেষ্টত ২৭২ ৰানত জিকিল ভাৰত ফল’ অন খালে ৱেষ্ট ইণ্ডিজ

থম টেষ্টত ২৭২ ৰানত জিকিল ভাৰত ফল’ অন খালে ৱেষ্ট ইণ্ডিজ

ডিজিটেল ডেস্কঃ ৰাজকোট, ৬ অক্টোবৰ : ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজক ২৭২ ৰানৰ ব্যৱধানত পৰাস্ত কৰি শৃংখলাত ১-০ ত অগ্ৰগতি লাভ কৰিছে। ভাৰতীয় দলত প্ৰথম ইনিংছত বিশাল ৬৪৯ ৰানৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটোৱে প্ৰথম ইনিংছত ১৮১ ৰান স্ক’ৰ কৰি ফল’ অন লৈ দ্বিতীয় ইনিংছত ১৯৬ ৰানতে আজি তৃতীয় দিনটোত আটাইকেইটা উইকেট হেৰুৱায়। আজি ভাৰতীয় দলৰ হৈ কুলদীপ যাদৱে পাঁচটা উইকেট দখল কৰি জয়ৰ নায়ক হিচাপে পৰিগণিত হয়। ইয়াৰ বাহিৰেও ৰবীন্দ্ৰ জাডেজাই তিনিটা আৰু ৰবিচন্দ্ৰন অশ্বিনে দুটা উইকেট দখল কৰে। ৱেষ্ট ইণ্ডিজ দলৰ হৈ কে কোৱেলে সৰ্বাধিক ৮৩ ৰান স্ক’ৰ কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ দ্বিতীয় দিনটোত ঘৰুৱা দলটোৰ হৈ পৃথ্বী শ্ব’ৰ শতকৰ পিছত কেপ্টেইন বিৰাট কোহলীয়ে কেৰিয়াৰৰ ২৪ সংখ্যক শতকেৰে ভাৰতক ৬৪৯ ৰানৰ বৃহৎ লক্ষ্যত উপনীত কৰে। আজি দ্বিতীয় দিনটোত ১৪৯.৫ অভাৰ খেলি নটা উইকেটত বিশাল স্ক’ৰ সংগ্ৰহ কৰি ৱেষ্ট ইণ্ডিজ দলটোক বৃহৎ প্ৰত্যাহবান আগবঢ়োৱা পৰিলক্ষিত হয়। বিৰাট কোহলীয়ে ২৩০ টা বলত দহটা চাৰিৰে ১৩৯ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ আগবঢ়ায়। ইয়াৰ বাহিৰেও ৰবীন্দ্ৰ জাডেজাই এশ ৰানৰ সৈতে অপৰাজিত হৈ ৰয়। ঋষভ পেণ্ট ৯২ ৰান সংগ্ৰহ কৰি ন্যূতম ব্যৱধানত শতকৰ পৰা বঞ্চিত হ’বলগীয়া হয়। ৱেষ্ট ইণ্ডিজ দলৰ দেৱেন্দ্ৰ বিচুৱে সৰ্বাধিক চাৰিটা, ছেৰমান লেৰিছে দুটা, ৰুস্তম ছেছ আৰু গ্ৰেট বেটে এটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটোৱে শোচনীয় আৰম্ভণি কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে প্ৰথম দিনটোত ভাৰতীয় টেষ্ট দলত পদাৰ্পণ কৰা পৃথ্বী শ্ব’ৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট ক্ৰিকেটতে দুৰ্দান্ত প্ৰদৰ্শনেৰে ১৩৪ ৰান সংগ্ৰহ কৰে। ক্ৰিকেটাৰগৰাকীয়ে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটতে প্ৰথমটো শতক ৯৯ টা বলতে সংগ্ৰহ কৰে। উল্লেখ্য যে ১৮ অনূধৰ্ব বিশ্বকাপ ২০১৮ ত পৃথ্বী শ্ব’ৱৰ নেতৃত্বতে ভাৰতীয় দলটোৱে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আইপিএল আৰু ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শনেৰে পৃথ্বী শ্ব’ৱে ভাৰতীয় নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । কে এল ৰাহুলৰ স্থানত ভাৰতীয় টেষ্ট ক্ৰিকেট দলত স্থান লাভ কৰিছিল পৃথ্বী শ্ব’ৱে। আনহাতে টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰা যুৱ খেলুৱৈৰ কৃতিত্ব লাভ কৰে পৃথ্বী শ্ব’ৱে। দ্বিতীয়খন টেষ্ট ১২-১৬ অক্টোবৰলৈ অনুষ্ঠিত হ’ব।