শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / মধ্যপ্ৰাচ্যত এতিয়াও পানীৰ দৰত পেট্ৰ’ল-ডিজেল

মধ্যপ্ৰাচ্যত এতিয়াও পানীৰ দৰত পেট্ৰ’ল-ডিজেল

ডিজিটেল ডেস্কঃ বিশ্ব বজাৰত অপৰিশোধিত তেলৰ মূল্য দিনক দিনে ঊর্ধ্বগামী হৈছে। ইয়াৰেই প্ৰভাৱ পৰিস্ফুট হৈছে ভাৰতীয় বজাৰত। এফালে ডলাৰৰ বিপৰীতে টকাৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ আনফালে ক্ৰমাৎ চেঞ্চৰীৰ দিশে ধাৱমান হৈছে পেট্র’লৰ দাম। শেহতীয়াকৈ বৃহস্পতিবাৰে বিত্তমন্ত্রী অৰুণ জেটলীয়ে পেট্রল-ডিজেলৰ মূল্য আঢ়ৈ টকাকৈ হ্রাস কৰাৰ সিদ্ধান্ত ঘোষণাৰে জনসাধাৰণক সামান্য সকাহ দিছে যদিও এয়া যে অত্যন্ত সাময়িক হ’ব সেয়া প্রায় নিশ্চিত। পিছে আপুনি জানি আচৰিত হ’ব, আন্তর্জাতিক বজাৰত দাম বাঢ়িলেও এতিয়াও কেতবোৰ দেশত পানীৰ দামত বিক্ৰী হৈ আছে খাৰুৱা তেল। প্রতি লিটাৰ পেট্রল বিক্ৰী হৈছে ২০-৩০ টকাত। আচৰিত হৈছে নহয় জানো! হোৱাৰে কথা।

আহকচোন জানো এনে কেইখনমান ৰাষ্ট্রৰ কথা, যত এতিয়াও পেট্রল-ডিজেলৰ অকল্পনীয়ভাৱে সুলভ মূল্যত উপলব্ধ৷

ইৰাণঃ এইখন দেশৰ বজাৰত প্রতি লিটাৰ পেট্র’লৰ দাম ভাৰতীয় মুদ্ৰাৰ হিচাপত ২১.৩৭ টকা মাথোঁ।

ছুডানঃ ইয়াতো প্রতি লিটাৰ পেট্রল উপলব্ধ ২৫.০৬ টকাত।

আলজেৰিয়া ও আলজেৰিয়াতঃ প্রতি লিটাৰ পেট্র’লৰ দাম মাত্র ২৫.৮২ টকা।

কুৱেইট আৰু ইকুৱেৰ্ডৰঃ কুৱেইটত পেট্র’লৰ মূল্য প্রতি লিটাৰত ২৫.৮২ টকা হোৱাৰ বিপৰীতে ইকুৱেৰ্ডৰত মাত্র ২৮.৭৯ টকা।

নাইজেৰিয়া, তুর্কমেনিস্তান আৰু মিছৰঃ এই তিনিখন ৰাষ্ট্ৰত প্রতি লিটাৰ পেট্র’লৰ দাম ভাৰতীয় টকাৰ হিচাপত ক্রমে ৩০.২৭ টকা, ৩১.৭৩ টকা আৰু ৩১ টকা মাথোঁ৷