শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / যুদ্ধতকৈ বিশ্বত প্ৰতি বছৰে অধিক লোকৰ প্ৰাণহানি ঘটে আত্মহননত

যুদ্ধতকৈ বিশ্বত প্ৰতি বছৰে অধিক লোকৰ প্ৰাণহানি ঘটে আত্মহননত

 

ডিজিটেল ডেস্কঃ বিশ্বজুৰি অতি উদ্বেগজনক হাৰত বৃদ্ধি পাইছে আত্মহননৰ ঘটনা৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতিবছৰে বিশ্বত গড়ে ৮,০০,০০০ জন লোকে আত্মহত্যা কৰি আহিছে৷ অৰ্থাৎ এই বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত এজন লোকে আত্মহত্যা কৰে৷ ‘আৱাৰ ৱ’ৰ্ল্ড’ নামৰ এক প্ৰতিষ্ঠানে চলোৱা বাৰ্ষিক সমীক্ষাত উল্লেখ কৰা মতে, বিশ্বত যুদ্ধত আৰু সংঘৰ্ষত বছৰি যিসংখ্যক লোকে প্ৰাণ হেৰুৱাই আহিছে তাৰ তুলনাত যথেষ্ট অধিকসংখ্যকে আত্মহননৰ জৰিয়তে মৃত্যুক সাবটি লৈছে৷

এই পৰিসংখ্যাৰ তথ্য মতে সন্ত্ৰাসবাদ, যুদ্ধ, সংঘৰ্ষ আৰু মৃত্যুদণ্ডত বিশ্বজুৰি প্ৰাণহানি ঘটা লোকৰ তুলনাত আত্মহননৰ ফলত অধিক সংখ্যক লোকৰ মৃত্যু ঘটিছে৷ ২০১৬ত বিশ্বজুৰি ৮,১৭,১৪৮ জন লোকে আত্মহত্যা কৰিছিল আৰু একেটা বৰ্ষতে বিশ্বজুৰি সন্ত্ৰাস, যুদ্ধ, সংঘাত, মৃত্যুদণ্ডৰ ফলত ৩,৯০,৭৯৪ জন লোকৰ মৃত্যু হৈছিল৷ বিশ্বত আত্মহত্যা কৰা লোকৰ সংখ্যা ভাৰত, ব্ৰিটেইন আৰু আমেৰিকাত সৰ্বাধিক বুলিও এই প্ৰতিবেদনত প্ৰকাশ৷ ২০১৫ৰ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্য অনুসৰি ভাৰতত উক্ত বৰ্ষত ১,৩৩ লাখ লোকে আত্মহত্যা কৰিছিল আৰু ইয়াৰে ৪২,০০৮ গৰাকী আছিল মহিলা৷