শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ন্যায় ব্যৱস্থাৰ সৰ্বোচ্চ পদত অসম সম্তান ৰঞ্জন গগৈ

ন্যায় ব্যৱস্থাৰ সৰ্বোচ্চ পদত অসম সম্তান ৰঞ্জন গগৈ

যোৱা ১ অক্টোবৰ (২০১৮) তাৰিখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্রই অৱসৰ গ্রহণ কৰাত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ বিচাৰপতি ৰঞ্জন। গগৈয়ে যোৱা ৩ অক্টোবৰ বুধবাৰে দেশৰ সর্বোচ্চ আদালতৰ মুখ্য বিচাৰপতি ৰূপে শপত গ্ৰহণ কৰাৰ পিছত কার্যভাৰ গ্ৰহণ কৰে। প্রায় ১৩ মাহ কাল বিচাৰপতিৰঞ্জন গগৈ দেশৰ সর্বোচ্চ আদালতৰ মুখ্য ন্যায়াধীশৰূপে উক্ত পদত অধিষ্ঠিত থাকিব। অসমৰ ডিব্ৰুগড় চহৰৰ সন্তানে দেশৰ সর্বোচ্চ আদালতৰ মুখ্য বিচাৰপতিৰূপে কার্যভাৰ গ্ৰহণ কৰাত অকল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূর্বাঞ্চল গৌৰৱান্বিত হৈছে। কাৰণ উক্ত সন্মানীয় পদত অধিষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ তেখেত প্রথমগৰাকী ন্যায়াধীশ। অকল অসম তথা উত্তৰ-পূর্বাঞ্চলৰ বুলি নহয়, এজন যোগ্য ন্যায়াধীশ দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি ৰূপে অধিষ্ঠিত হোৱাত আমিও অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত। আচলতে উক্ত পদত অধিষ্ঠিত হোৱাটো কম কথা নহয়—কাৰণ ন্যায়াধীশ বহুতে হয়। কিন্তু মুখ্য ন্যায়াধীশ কিমানজনে হ’ব পাৰে ? সেয়ে বিচাৰপতি ৰঞ্জন গগৈ উক্ত পদবীত অধিষ্ঠিত হোৱাটো প্ৰকৃততে এক অনন্য নিদর্শন। পূর্বৰ পৰম্পৰা মতে বিদায়ী মুখ্য ন্যায়াধীশ বিচাৰপতি দীপক মিশ্ৰৰ পৰামর্শ মতে ভাৰত চৰকাৰে কিছুদিন আগতেই শ্ৰীযুত ৰঞ্জন গগৈলৈ উক্ত পদবীৰ বাবে নিযুক্তি-পত্ৰ পঠিয়াই বিষয়টো সম্পর্কে একাংশৰ মনত উৎপত্তি হোৱা সংশয়ৰ অন্ত পেলাইছিল।


বহুতেই ভাবিছিল যে যিহেতু বিচাৰপতি ৰঞ্জন গগৈ বিদায়ী মুখ্য ন্যায়াধীশ আৰু চৰকাৰৰ কিছুমান কাম-কাজক মুকলিভাৱে সমালোচনা কৰিছিল, গতিকে পৰৱর্তী মুখ্য বিচাৰপতি হিচাপে গগৈ চাহাবে নিযুক্তি পোৱাত অসুবিধা হ’ব। কিন্তু কার্যতঃ দেখা গ’ল যে পূর্বৰ পৰম্পৰা মতেইৰঞ্জন গগৈ দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি ৰূপে নিযুক্তি পালে। ৰঞ্জন গগৈ মুখ্য বিচাৰপতি ৰূপে সুকলমে নিযুক্তি পোৱাত দেশৰ সর্বোচ্চ আদালতৰ লগতে দেশৰ ন্যায়িক ব্যৱস্থাৰ প্রতি সর্বসাধাৰণ লোকৰ আস্থা বৃদ্ধি পোৱাটো স্বাভাৱিক। উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি ৰূপে নিযুক্তি-পত্ৰ পোৱাৰ পিছতে ন্যায়াধীশৰঞ্জন গগৈয়ে তেখেতৰ ভৱিষ্যৎ পৰিকল্পনা সম্পর্কে ব্যক্ত কৰে। তেখেতে উল্লেখ কৰা বিষয়সমূহৰ ভিতৰত দেশৰ বিভিন্ন আদালতত অমীমাংসিতভাৱে থকা বিষয়বোৰ মীমাংসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা আৰু দুখীয়াৰ ন্যায় ব্যৱস্থা সুনিশ্চিত কৰা। ন্যায়াধীশ গগৈ চাহাবে তেখেতৰ কাৰ্যকালত উক্ত দুটা বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিব বুলি দেশবাসীক ভৰসা দিয়ে। আমিও আশা কৰো ন্যায়াধীশ গগৈ চাহাবে যাতে নিজৰ পৰিকল্পনা মতে সফলতা অর্জন কৰি সুখ্যাতিৰে নিজৰ কার্যকলাপ অন্ত পেলাব পাৰে। ইয়াৰ লগতে অতিৰিক্তভাৱে আৰু দুটিমান কাম সম্পন্ন কৰিবলৈ ন্যায়াধীশ গগৈ চাহাবক আমি কৰযোৰে অনুৰোধ জনাম।
গণতান্ত্রিক শাসন-ব্যৱস্থাৰ এক অন্যতম গুৰুত্বপূর্ণ অংগ ন্যায়পালিকা মজবুত আৰু স্বতন্ত্র হলেহে গণতন্ত্র শক্তিশালী হয়। আমাৰ দেশৰ ন্যায় ব্যৱস্থা অতিকৈশক্তিশালী আৰু স্বতন্ত্র যদিও মাজে সময়ে ন্যায়পালিকাৰ ওপৰত ৰাজনৈতিক আক্রমণ নহাকৈ থকা নাই। অৱশ্যে ন্যায়পালিকাৰ ওপৰত অহা সকলো ধৰণৰ আক্রমণ প্রতিৰোধ কৰি নিজৰ ৰাস্তাত অটল হৈ আজিও ন্যায়পালিকাই নিজৰ কাৰ্য সম্পন্ন কৰি থাকিব পৰাটো কম গুৰুত্বপূৰ্ণ কথা নহয়। আশা কৰো ন্যায়াধীশ গগৈ চাহাবৰ কার্যকালত দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ পূৰ্বৰ গৰিমা অক্ষুন্ন ৰখাৰ উপৰি পূৰ্বতকৈ বেছিহে স্বতন্ত্র আৰু মজবুত স্থিতি গ্রহণ কৰিবলৈ সক্ষম হ’ব। দেশৰ ন্যায়পালিকা ৰাজনৈতিক প্রভাৱৰ পৰা স্থায়ীভাৱে মুক্ত ৰাখিবলৈ যিবোৰ পদক্ষেপ লোৱাৰ প্রয়োজন সেইবোৰ গগৈ চাহাবে ল’ব বুলি আমি আশাবাদী। ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ যেনেকৈ সুনাম আছে, তেনেকৈ কিছুমান বদনামো নথকা নহয়। যেনে- বিচাৰ প্রক্রিয়া অতি লেহেমীয়া আৰু খৰচী হোৱাত দুর্বল-দুখীয়া শ্ৰেণীৰ লোক ন্যায়ৰ পৰা বঞ্চিত হ’বলগীয়া হয়। দুর্বল-দুখীয়া আৰু অশিক্ষিত শ্ৰেণীৰ লোকক ন্যায় প্রদানৰ ব্যৱস্থা খৰতকীয়া কৰিব নোৱাৰালৈকে দেশৰ ন্যায় ব্যৱস্থাক সম্পূর্ণকৈ সফল ন্যায় ব্যৱস্থা বুলিবও নোৱাৰি। আশা কৰো ন্যায়াধীশ গগৈ চাহাবে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। বিচাৰ প্রক্রিয়াসমূহ খৰতকীয়া আৰু নির্ধাৰিত সময়সূচীৰ ভিতৰত সম্পন্ন কৰিব পাৰিলেহে ন্যায়িক ব্যৱস্থাৰ ওপৰত সৰ্বসাধাৰণ ৰাইজৰ আস্থা বাঢ়িব।

ইফালে দেশৰ নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়বোৰত বিচাৰ প্রক্রিয়া খৰতকীয়া, স্বচ্ছ আৰু মিতব্যয়ী কৰিবলৈ হলে উক্ত আদালতসমূহৰ প্রয়োজনীয় আচবাবসমূহ উন্নত হোৱাৰ লগতে আধুনিকীকৰণ অতিকৈ দৰকাৰী। লগতে যথোপযুক্ত ন্যায়াধীশ আৰু তেওঁলোকৰ সহায়ক নিযুক্তি দি বিচাৰ প্রক্রিয়া খৰতকীয়া আৰু উন্নত মানৰ কৰাৰ দৰকাৰ আছে। নিম্ন আদালতবোৰত উপযুক্ত ব্যৱস্থাৰ জৰিয়তে বিচাৰপতি নিয়োগৰ ব্যৱস্থা কৰা দৰকাৰ আছে। প্রয়োজনত সৰ্বভাৰতীয় আৰ্হিত পৰীক্ষা পাতি অতি স্বচ্ছ আৰু নিজ ব্যৱস্থাৰ দ্বাৰান্যায়াধীশ নিযুক্তি দিলেহে সুফল পোৱা যাব। বিচাৰ প্রক্রিয়াসমূহ নিম্ন স্তৰৰ পৰা একেবাৰে শীর্ষ পর্যায়লৈকে সম্পূর্ণ স্বচ্ছ, খৰতকীয়া, মিতব্যয়ী আৰু সময়ৰ ভিতৰত সম্পূর্ণ হোৱাৰ ব্যৱস্থা কৰিব পাৰিলে ন্যায় ব্যৱস্থাৰ ওপৰত সৰ্বসাধাৰণ ৰাইজৰ আস্থা বাঢ়িব। গণতান্ত্রিক শাসন ব্যৱস্থা ন্যায় ব্যৱস্থাৰ স্বতন্ত্রতা আৰু নিৰপেক্ষতাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সেয়ে আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে তাৰ প্রতি সজাগ হৈ প্রয়োজনীয় পদক্ষেপ লোৱাৰ বাবে আমি ন্যায়াধীশ গগৈ চাহাবক অনুৰোধ জনাব বিচাৰো।


ন্যায়াধীশ গগৈ বিচাৰপতি হিচাপে নিৰপেক্ষ, নির্ভীক, সৎ আৰু অতি দায়িত্বশীল বুলি এক সুনাম আছে। পূর্বে তেখেত অনেক বিতর্কিত আৰু গুৰুত্বপূর্ণ বিষয়তৰায়দান কৰি চৰ্চালৈ আহিছিল। আনকি বিদায়ী মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ কিছুমান কাম-কাজত অসন্তুষ্ট হৈ যি চাৰিজন বিচাৰপতিয়ে প্রতিবাদ কৰি উচ্চতম ন্যায়ালয়ত সংবাদ মেল দিছিল,ন্যায়াধীশ গগৈ তাৰ এজন অন্যতম সদস্য আছিল। অৱশ্যে উক্ত চাৰিজনীয়া প্রতিবাদী ন্যায়াধীশৰ ভিতৰত ৰঞ্জন গগৈ থকাটোও একপ্রকাৰ ভালেই আছিল, কাৰণ এতিয়া সেইজন ন্যায়াধীশ গগৈয়ে মুখ্য ন্যায়াধীশৰ আসনত বহি কেনেকুৱা আচৰণ কৰে তাক দেশবাসীয়ে প্রত্যক্ষ কৰিবলৈ সক্ষম হব। আশা কৰো দেশবাসীয়ে ৬৪তম মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ৰঞ্জন গগৈ এজন সফল মুখ্য ন্যায়াধীশ ৰূপে বিবেচিত হ’বলৈ সফল হ’ব। দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি হিচাপে তেখেতে দেশবাসীক ন্যায় দিবলৈ সক্ষম হ’ব বুলি আমি আশাবাদী।

ফোনঃ ৯৮৫৪০-৯০৬৮১