শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / মুকালমুৱাৰ লাৰকুছিবাসীক আন্তৰিক অভিনন্দন

মুকালমুৱাৰ লাৰকুছিবাসীক আন্তৰিক অভিনন্দন

অসম সাহিত্য সভাৰ চৰ-চাপৰি ভাষা-সাহিত্য-সংস্কৃতি বিকাশ উপ-সমিতি আৰু নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আদৰণি সমিতিৰ সহযোগত ৩০-০৯-২০১৮ তাৰিখে নলবাৰী জিলাৰ লাৰকুছিস্থিত ঐতিহাসিক পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰঘুনাথ চৌধাৰী সমন্বয় ক্ষেত্ৰত অসম সাহিত্য সভাৰ চৰ-চাপৰি ভাষা-সাহিত্য-সংস্কৃতি বিকাশ উপ-সমিতিৰ প্ৰথম সভাখন অনুষ্ঠিত হয়৷ এক কথাত ক’বলৈ হ’লে এই সভাখন সাফল্যমণ্ডিত হৈছে আদৰণি সমিতি আৰু লাৰকুছিবাসীৰ আন্তৰিক প্ৰচেষ্টাত৷ অসম সাহিত্য সভাৰ চৰ-চাপৰি ভাষা-সাহিত্য-সংস্কৃতি বিকাশ উপ-সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব লৈ এইখনেই প্ৰথম সভা দিবলৈ সক্ষম হৈছো৷ লাৰকুছিৰ আক্ৰাম হুছেইন শিকদাৰৰ লগত যোগাযোগ কৰি মিৰ্জা হুমায়ুন আৰু হেৰাম্ব বৰাক লৈ ১৬-০৯-২০১৮ তাৰিখে গুৱাহাটীৰ পৰা পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৈছিলো৷ সেইখন বিদ্যালয়ৰ অধ্যক্ষ আবু বক্কৰ ছিদ্দিক, প্ৰবক্তা ডঃ আব্দুল হালিমৰ লগতে আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগত বহি আমাৰ যোৱাৰ উদ্দেশ্যৰ কথা তেওঁলোকক জানিবলৈ দিছিলো৷ অসম সাহিত্য সভাৰ সভাপতি মাননীয় পৰমানন্দ ৰাজবংশী যাব বুলি শুনিয়ে তেওঁলোক অতি আগ্ৰহী হৈ পৰিল৷ সেইদিনাই আমি তেওঁলোকক লৈ আদৰণি সমিতি গঠন কৰি থৈ আহিলো৷ তাৰ পিছত তেওঁলোকে অতি কম দিনৰ ভিতৰতে দিনে-নিশাই কাম কৰি ৩০-০৯-২০১৮ তাৰিখে সভাখন অনুষ্ঠিত কৰাৰ উপযোগী কৰি তুলিলে৷

সেইদিনা মই গুৱাহাটীৰ পৰা পুৱাৰ ভাগতে গৈ পাইছিলো৷ ৰামপুৰৰ পৰা পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন প্ৰায় দুই কিলোমিটাৰ দক্ষিণে কবি সন্মিলন আৰু বৌদ্বি্ৃক সন্মিলনৰ সভাখনৰ বেনাৰ ৰামপুৰতে ডাঙৰকৈ আঁৰি থোৱা দেখিলো৷ সেইটো দেখিয়ে মনটো ভাল লাগি গ’ল৷ বিদ্যালয়খনৰ দুৱাৰ মুখত থকা গেটখনৰ লগতে পেণ্ডলখনো ভালকৈ সজাইছে৷ একেলগে প্ৰায় পাঁচ হেজাৰ মানুহ বহিব পৰাকৈ খুব সুন্দৰকৈ বনাইছে৷ গেটখনৰ সম্মুখত ভালেখিনি মুকলি ঠাই আছে৷ তাতে দেখিবলৈ পালো বিভিন্ন ৰঙৰ ৰ্তিপাল টানি কেইবাখনো অস্থায়ী দোকান বহিছে৷ জিলাপী, বুন্দিয়া, পকৰা, বুট ভাজা, ৰং-বিৰঙৰ বেলুন আৰু কিছু মনোহৰি দোকান দেখিলো৷ কাৰ্যসূচী অনুযায়ী আঠ বজাত বিশিষ্ট ব্যক্তিৰ দ্বাৰাই বৃক্ষ ৰোপণ আৰু ৯ বজাত অসম সাহিত্য সভাৰ একশ এটা পতাকা উত্তোলন কৰা হ’ল৷ পতাকা অত্তোলন কৰাৰ আগ মুৰ্হূতত অসম সংগীত ‘অ মোৰ আপোনাৰ দেশ’ গীতটো অতি সুন্দৰভাৱে মুগাৰ মেখেলা-চাদৰ পৰিহিতা পঁচিশ গৰাকী গাভৰুৱে গাই শুনালে৷ তাৰ পিছত সময় মতেই কবি সন্মিলন আৰু বৌদ্ধিক সন্মিলন হ’ল৷ কবি সন্মিলনৰ আগ মুৰ্হূতত ‘বন্দে কি ছন্দেৰে….’ আৰু  বৌদ্ধিক সন্মিলনৰ আগত ‘জিলিকাব লুইতৰ পাৰ….’এই গান সুন্দৰভাৱে সেই মুগাৰ মেখেলা-চাদৰ পৰিহিতা পঁচিশগৰাকী গাভৰুয়ে গাই আমাক মোহিত কৰিলে৷ কবি সন্মিলনৰ উদ্বোধনৰ দায়িত্ব আৰু বৌদ্বি্ৃক সন্মিলনৰ সঞ্চালনাৰ দায়িত্বও মোক দিলে৷ ইমান ডাঙৰ অনুষ্ঠানৰ দায়িত্ব কিমান দূৰ সফলতাৰে কৰিলো সেয়া ক’ব নোৱাৰিম৷ দুই বজাত হ’বলগীয়া মুকলি সভাৰ বাবে অসম সাহিত্য সভাৰ সভাপতি মাননীয় পৰমানন্দ ৰাজবংশীয়ে গাড়ীৰ পৰা নমাৰ লগে লগে তেওঁক আদৰি আনিবলৈ সাজু হৈ আছিল কেইবাটাও দল৷ বৈঠকী গীত, বড়ো নিতৃৰ লগতে বিছগৰাকী মহিলাই কঁকালত পিতলৰ কলহ লৈ বিয়া গীত পৰিবেশন কৰি কৰি তেওঁৰ লগতে বিশিষ্ট অতিথিক সভাখনলৈ আদৰি আনিলে৷ খোৱা-লোৱাৰ পিছত সভাপতিৰ লগত বিশিষ্ট অতিথিসকল ৰঙ্গমঞ্চৰ সম্মুখত বহিল৷ তেখেতসকলক মিঞা জনগোষ্ঠীৰ অন্যতম খেল ‘ৰ্সদাৰ বাৰী’ বাৰজন ল’ৰাই মিলি দেখুৱালে৷ তাৰ পিছত মুকলি সভাৰ আৰম্ভনীতে সেই গাভৰুসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতটো অতি সুন্দৰভাৱে গাই শুনালে। মাননীয় সভাপতি আৰু বিশিষ্ট অতিথিসকল আসন গ্ৰহণ কৰাৰ পিছত আদৰণি সমিতিৰ সভাপতিৰ ভাষণ আবু বক্কৰ ছিদ্দিকে পাঠ কৰি শুনালে৷

চৰাঞ্চল মানেই বাংলাদেশীৰ বিচৰণ থলী হ’ব নোৱাৰে৷ এই মন্তব্যৰে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ৰাজবংশীয়ে ভাষণ আৰম্ভ কৰিলে৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখিলে পদ্মশ্ৰী ডঃ জয়শ্ৰী গোস্বামী মহন্ত, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাস, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, ডঃ বিপিন কলিতা, ডঃ আব্দুল হালিম, ধ্ৰুৱজ্যোতি ৰ্শমাৰ লগতে আৰু ভালে কেইগৰাকী ব্যক্তিয়ে৷ সেইখন অনুষ্ঠানতে মোৰ কাব্য সংকলন ‘বাটৰ শেষৰ বাট’ উন্মোচন কৰে নলবাৰীৰ ৰত্ন ডঃ বসন্ত কুমাৰ ভট্ৰাৰ্চাযই৷ এই ছেগতে ভট্ৰাৰ্চাযদেৱকো মই আন্তৰিক ধন্যবাদ জনাইছো। সাত বজাৰ পৰা নিশা ৯ বজালৈ চলিল সাংস্কৃতিক অনুষ্ঠান৷ গোটেই পৰিৱেশটোৱে মই দেখি অতি অভিভূত হৈ পৰিছো আৰু মোক মোহিত কৰি পেলাইছে৷ সেয়ে একলম নিলিখাকৈ থাকিব নোৱাৰিলো৷ মোৰ শুভাকাংশী এগৰাকীয়ে কেইদিন মান আগত মোক কৈছিল “চৰাঞ্চললৈ যাবা যেতিয়া মেখেলা-চাদৰৰ সলনি শাৰী পিন্ধি যাবা৷ তাৰ মানুহবোৰে শাৰীয়ে পিন্ধে৷” তেওঁৰ কথাটোত মই গুৰুত্ব নিদি মেখেলা-চাদৰ পিন্ধিয়ে সভাখনলৈ গৈছিলো৷ সভাখনত গৈ দোখো সৰহ ভাগ গাভৰু আৰু মহিলাই মুগাৰ, পাটৰ মেখেলা-চাদৰে পিন্ধি আহিছে৷ সেইবোৰ দেখি সঁচাকৈ মই খুব গৌৰৱ অনুভৱ কৰিলো৷ সচাঁকৈ চৰাঞ্চলবাসীয়ে অসমীয়া সংস্কৃতি-কৃষ্টি আকোঁৱালি লৈছে৷

শেষত মই ইয়াকে ক’ব বিচাৰো অসম সাহিত্য সভা হৈছে এক জাতীয় অনুষ্ঠান৷ জাতি-ৰ্ধম-বৰ্ণ ৰ্নিবিশেষে সকলোৱে এই অনুষ্ঠানলৈ স্বইচ্ছাই আন্তৰিকতাৰে আহে৷ ইয়াকে প্ৰমাণ কৰিলে এই চৰ-চাপৰিৰ মানুহখিনিয়ে সভাখনত পাঁচ হেজাৰতকৈ অধিক লোকৰ সমাগম দেখিলো৷ ৰাতি ন বজালৈ শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈকে সাহিত্য সভাৰ সেই অনুষ্ঠানটো উপভোগ কৰি সভাখন সাফল্যমণ্ডিত কৰি তুলিলে৷ চৰাঞ্চল হৈছে অসমৰ এক অবিচ্ছেদ্য অংগ৷ চৰৰ উন্নতি নোহোৱাকৈ অসম কেতিয়াও প্ৰগতিৰ জখলা বগাব নোৱাৰে৷ সেয়ে অসম সাহিত্য সভাই চৰাঞ্চলৰ সুখ-দুখৰ সমভাগী হৈ কাম কৰি আছে আৰু ভবিষ্যতেও কৰিব অতি কম দিনৰ ভিতৰতে সভাখন সফল কৰাৰ বাবে আমি লাৰকুছিবাসীৰ ওচৰত কৃতজ্ঞ হৈ থাকিম৷ আগলৈও যাতে চৰাঞ্চলবাসীয়ে এনেদৰে আমাক সহায়-সহযোগিতা কৰে তাৰে কামনাৰে লেখা সামৰিলো৷

(লেখিকা অসম সাহিত্য সভাৰ চৰ-চাপৰি ভাষা সাহিত্য বিকাশ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি)

ফোনঃ ৯৪০১৯১৬৫৪৭