শেহতীয়া খবৰ
Home / Uncategorized / অসমত বসবাস কৰি থকা গোৰ্খাসকলৰ ভাৰতীয় নাগৰিকত্বৰ স্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

অসমত বসবাস কৰি থকা গোৰ্খাসকলৰ ভাৰতীয় নাগৰিকত্বৰ স্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ বিদেশী আইন ১৯৪৬ ৰ আধাৰত অসমত বসবাস কৰি থকা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ নাগৰিকত্বৰ স্থিতি সন্দৰ্ভত দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম চৰকাৰলৈ এক স্পষ্টীকৰণ প্ৰেৰণ কৰিছে৷ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই অলপতে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অসমত বসবাস কৰি থকা ভালে সংখ্যক গোৰ্খা জনগোষ্ঠীৰলোকক বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰা বিষয়টো উত্থাপন কৰাৰ পিছতে ৰাজ্য চৰকাৰলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে এই স্পষ্টীকৰণ।

অসম চৰকাৰলৈ প্ৰেৰণ কৰা এক পত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকত্ব সন্দৰ্ভত গোৰ্খাসকলে সমূখীন হৈ অহা বিভিন্ন জটিলতাৰ পৰা ৰক্ষা কৰিবলৈ এলানি ব্যৱস্থাৰ কথাও উল্লেখ কৰিছে। ২৪ছেপ্তেম্বৰ,  ২০১৮ তাৰিখৰ এক বিশেষ পত্ৰত উল্লেখ আছে যে যি সকল গোৰ্খা জনগোষ্ঠীৰলোকে সংবিধান গৃহীত হোৱা দিন ধৰি ভাৰতীয় নাগৰিক হিচাপে ভাৰতত আছিল,  অথবা যি সকল লোক জন্মসূত্ৰে ভাৰতীয়,  অথবা যিসকলে নাগৰিকত্ব আইন ১৯৫৫ ৰ বিধি অনুসৰি পঞ্জীয়ন কৰাৰ যোগেদি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে তেওঁলোকক বিদেশী আইন ১৯৪৬ ৰ ধাৰা ২(ক)  তথা বিদেশী আইন পঞ্জীয়ন ১৯৩৯ অনুসৰি বিদেশী হিচাপে গণ্য কৰা নহ’ব, গতিকে, ওপৰত উল্লেখিত দিশসমূহক বিদেশী ন্যায়াধীকৰণৰ অধীনত সামৰি লোৱা নহ’ব।

ইয়াৰ উপৰি পত্ৰখনত উল্লেখ কৰা হৈছে যে গোৰ্খা জনগোষ্ঠীৰ কোনো লোকে যদিহে নেপালৰ নাগৰিকত্ব অধিগ্ৰহণ কৰি আছে আৰু যিয়ে স্থলপথ বা জলপথেৰে নেপাল সীমান্ত অতিক্ৰমী কোনো পাৰপত্ৰ অথবা ভিছা অবিহনেই ভাৰতত প্ৰৱেশ কৰিছে আৰু ভাৰতত যিকোনো সময়ৰ বাবে বসবাস কৰি আছে, তেন্তে তেওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰা নহ’ব, যদিহে তেওঁৰ হাতত যিকোনো ধৰণৰ পৰিচয় পত্ৰ যেনে নেপালী পাৰপত্ৰ, নেপালৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ, নেপালৰ নিৰ্বাচন আয়োগে প্ৰদান কৰা ভোটাৰ পৰিচয় পত্ৰ, ভাৰতস্থিত নেপাল কৰ্তৃপক্ষই প্ৰদান কৰা সীমিত ম্যাদযুক্ত ফটো যুক্ত পৰিচয় পত্ৰ থাকে।ইয়াৰ ভিতৰত ১০বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিশু-কিশোৰৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকে প্ৰদান কৰা ফটো পৰিচয় পত্ৰ দাখিল কৰিব লাগিব, যদিহে শিশুৰ অভিভাৱক বা পিতৃ-মাতৃৰ হাতত বৈধ ভ্ৰমণৰ নথি-পত্ৰ থাকে।অৱশ্যে ১৯৫০ চনত ভাৰত আৰু নেপালৰ মাজত স্বাক্ষৰিত সন্ধি চুক্তিৰ প্ৰসঙ্গ ক্ৰমে ১০ বছৰৰ তলৰ শিশুসকলৰ বাবে কোনো ধৰণৰ নথিৰ প্ৰয়োজন নাথাকিব বুলিও উল্লেখ আছে পত্ৰখনত।

উল্লেখ্য যে পূৰ্বে উল্লেখিত দিশসমূহ সন্দৰ্ভত বিদেশী ন্যায়াধীকৰণৰ আওঁতালৈ অহা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ ঘটনা সমূহ এতিয়া প্ৰযোজ্য নহ’ব আৰু বিদেশী আইন ১৯৪৬ ত উল্লেখিত ‘বিদেশী’ অভিধাৰে নিৰ্দেশিত নহ’ব।

এই স্পষ্টীকৰণ সম্বন্ধীয় পত্ৰত স্পষ্ট কৰি দিয়া হৈছে যে কেৱল সেই সকললোকক হে বিদেশী ন্যায়াধীকৰণ অনুসৰি ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা নহ’ব, যি সকলে নাগৰিকত্ব (সংশোধনী)  আইন ১৯৮৫ গৃহীত হোৱাৰ পূৰ্বে অসমৰ বাবে বিশেষ অঞ্চল হিচাপে বিবেচিত হোৱা অঞ্চলসমূহ যেনে বাংলাদেশকে ধৰি বিভিন্ন এলেকাৰ পৰা আহিছে।