শেহতীয়া খবৰ
Home / আঞ্চলিক / জাঁজী সহায়কাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতি গঠনক লৈ প্ৰতিক্ৰিয়া

জাঁজী সহায়কাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতি গঠনক লৈ প্ৰতিক্ৰিয়া

গণবাৰ্তা, জাঁজীঃ  শিৱসাগৰ জিলাৰ জাঁজী গড়মুৰত অৱস্থিত জাঁজী সহায়কাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতি পুণৰ গঠনক লৈ আজি বিয়লি চিকিৎসালয় খনত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰামতে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই শিক্ষাবিদ বিপুল বৰকটকীক সভাপতি হিচাপে লৈ চিকিৎসালয় খনৰ বাবে এখন ৪ জনীয়া পৰিচালনা সমিতি গঠন কৰি দিয়ে। আজি এই সমিতি খনৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল। বৈঠকলৈ নৱ মনোনীত সভাপতি বিপুল বৰকটকীৰ লগতে আন দুজন সদস্য আহিছিল যদিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জাঁজী আঞ্চলিক সমিতিৰ সদস্য সকল উপস্থিত হৈ পৰিচালনা সমিতিৰ বিৰোধিতা কৰে।
চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বিভাগীয় নিৰ্দেশনা অনুসৰি বিধায়কে সমিতি খন গঠন কৰি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ প্ৰেৰণ কৰিছে, আৰু যুটীয়া সঞ্চালকৰ নিৰ্দেশ অনুসৰি নতুন সমিতিৰ বৈঠক অনুষ্ঠিত কৰা হৈছিল। আনহাতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অভিযোগ কৰা মতে বিধায়ক প্ৰদীপ হাজৰিকাই স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি সম্পূৰ্ণ পক্ষপাতিত্ব মুলক ভাবে নিজৰ সাংগোপাংগক সভাপতি আৰু সদস্য মনোনীত কৰি নতুন পৰিচালনা সমিতি গঠন কৰিছে। সংগঠনটোৱে বিধায়কৰ এনে কাৰ্যৰ প্ৰতিবাদত আজি বিয়লি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী দলঙৰ সমীপত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে বিধায়কৰ প্ৰতিমুৰ্তি দাহ কৰে। সংগঠনটোৱে পৰিচালনা সমিতি পুণৰ গঠনৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰদীপ হাজৰিকা বিৰোধী ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।