শেহতীয়া খবৰ
Home / আঞ্চলিক / আৱৰ্জনা নিষ্কাসনৰ নামত বৃহৎ কেলেংকাৰীৰ সন্দেহঃ ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আমছুৰ

আৱৰ্জনা নিষ্কাসনৰ নামত বৃহৎ কেলেংকাৰীৰ সন্দেহঃ ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আমছুৰ

যোৰহাট পৌৰসভাৰ আৱৰ্জনাৰে প্ৰদূষিত কৰিছে বায়ুমণ্ডল, শ্মশান সমিতিৰ সংবাদমেলত অভিযোগ

গণবাৰ্তা বিশেষ, যোৰহাটঃ সমগ্ৰ দেশতে স্বচ্ছ অভিযান চলি থকা মাজতে বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাই উপযুক্ত ভাৱে পৰিষ্কাৰ নকৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আনহাতে আৱৰ্জনা নিষ্কাসনৰ নামতে পৌৰসভাই বছৰি কোটি কোটি টকা ব্যয় কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে। যোৰহাট প্ৰেছক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদ মেলত গড়মূৰ শ্মশান সমিতিয়ে এই অভিযোগ উত্থাপন কৰি কয় যে যোৰহাট পৌৰসভাই কাণ্ডজ্ঞানহীন ভাৱে শ্মশানৰ কাষৰ পাচ বিঘা মাটিত প্ৰতিদিনে ১৯ টা ৱাৰ্ডৰ  প্ৰায় ৬০ মেট্ৰিকটন আৱৰ্জনা নিক্ষেপ কৰি আহিছে। বিগত প্ৰায় আঢ়ৈ দশক একে স্থানতে পেলাই অহা বাবে পৰ্বতৰ ৰূপ ধাৰণ কৰিছে।

ইয়াৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই গড়মূৰ হিন্দু শ্মশানলৈ মানুহ যাব নোৱাৰা এক অভাৱনীয় পৰিবেশ সৃষ্টি হৈছে। ইফালে বৰষুণ হলেই আৱৰ্জনাৰ পানী শ্মশান খনৰ চৌহদলৈ সোমাই আহে। ইয়াৰোপৰি আৱৰ্জনাৰ গেলা পানী টোকোলাই জানত পৰি টোকোলাইৰ পানী প্ৰদূষিত হোৱাৰ লগতে উক্ত স্থানতে টোকোলাই ভোগদৈ নদীত পৰাৰ ফলত দূষিত পানী ভোগদৈত পৰিছে। আকৌ একে স্থানৰ পৰাই যোৰহাট আৰবান ৱাটাৰ চাপ্লায়ে পানী উঠায় সমগ্ৰ যোৰহাট চহৰতে খোৱা পানীৰ যোগান ধৰি আহিছে৷ এই সন্দৰ্ভত শ্মশান কমিটিয়ে কেইবাবাৰো যোৰহাট পৌৰসভা, জিলা প্ৰশাসন, স্থানীয় সাংসদ বিধায়কক অভিযোগ দি আহিছে যদিও কোণো ব্যৱস্থা গ্ৰহন কৰা নাই। সংবাদ মেল খনত অধিবক্তা ৰিণ্টু গোস্বামীয়ে কয় যে যোৰহাট পৌৰসভাই শ্মশান খনকেই নহয় টোকোলাই ভোগদৈৰ পানী প্ৰদূষণ কৰিছে। ইয়াৰ উপৰি চহৰ খনৰো পৰিবেশ প্ৰদূষিত কৰি তুলিছে। ইয়াৰ ফলত চহৰ খনত দিনক দিনে চালৰ ৰোগী, এলাৰ্জি আদি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগ জনক ভাৱে বৃদ্ধি পাইছে। আৱৰ্জনা সমূহ জ্বলাই দিয়াৰ ফলত নিৰ্গত হোৱা ধোঁৱাই জনজীৱন অতীষ্ঠ কৰি তুলিছে। গোস্বামীয়ে লগতে কয় যে ইয়াৰ প্ৰতিবাদত ৰাইজে বহুবাৰ জংগী গনতান্ত্ৰিক আন্দোলন কৰিছে যদিও কেৰেপ নকৰে প্ৰশাসন অথবা জনপ্ৰতিনিধিয়ে।

যোৰহাটৰ প্ৰায় ১০-১২ খন নাৰ্চিং হোমৰ পেলনীয়া তথা বীজানুযুক্ত সামগ্ৰীও এই স্থানত পেলাই আহিছে। এই বীজানুযুক্ত পদাৰ্থ সমূহ নাৰ্চিং হোমৰ চৌহদত ইনচিনেটৰ যন্ত্ৰৰ দ্বাৰা পুৰি পেলোৱাৰ নিৰ্দেশ আছিল। কিন্তু যোৰহাটৰ কতো ইনচিনেটৰ যন্ত্ৰ নাই। গতিকে তদানীন্তন উপায়ুক্ত বসন্ত বিশাল সোলাংকীৰ দিনত পৌৰসভা নাৰ্চিং হোম আৰু ক্লিনিকেল লেবৰেটৰী সমূহৰ মাজত এক চুক্তি সম্পাদন হৈছিল আৰু এই চুক্তিৰ আধাৰত নিৰ্দিষ্ট ধনৰ বিনিময়ত গড়মূৰত এটা ইনচিনেটৰ যন্ত্ৰ পৌৰসভাই স্থাপন কৰিছিল। এই ব্যৱস্থাত প্ৰতি খন নাৰ্চিংহোম লেবৰেটৰীয়ে প্ৰতিমাহে পৌৰসভাক ৪-১২ হাজাৰ টকা পৰ্য্যন্ত আদায় দি আহিছে যদিও বিগত প্ৰায় ডেৰ বছৰ ধৰি ইনচিনেটৰ যন্ত্ৰ পৌৰসভাই বন্ধ কৰি ৰাখিছে। তেন্ত এই বৃহৎ পৰিমাণৰ ধন কলৈ গৈছে বুলি প্ৰশ্ন কৰে গোস্বামীয়ে।  পৌৰসভাই প্ৰতি বছৰে আৱৰ্জনা নিষ্কাসনৰ নামত কোটি কোটি টকা ব্যয় কৰি আহিছে। ইয়াৰ সম্পূৰ্ণ তথ্য হাতত থকা বুলি দাবী কৰি কয় যে কোনো নিবিদা নোহোৱাকৈ ঠিকাদাৰক নিষ্কাসনৰ নামত বছৰি তিনি চাৰি কোটি আবন্টন দি আহিছে৷

কংগ্ৰেছৰ শাসন কালত আৱৰ্জনা পেলাবৰ বাবে দেৰগাঁৱৰ সমীপত ৬০ বিঘা ভূমি পৌৰসভাই ক্ৰয় কৰিছিল যদিও উক্ত স্থানত জাবৰ নেপেলাই গড়মূৰৰ পৰা ট্ৰাকৰ জৰিয়তে আৱৰ্জনা উক্ত স্থানলৈ নিয়া দেখুৱাই  ধন ব্যয় কৰি আছে। শ্মশান কমিটিৰ সম্পাদক দিলীপ আগৰৱালাই কয় যে ৰাইজৰ ৫০ লাখ আৰু প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে দিয়া ২৫ লাখ টকা লৈ শ্মশান খন উন্নয়ন সাধন কৰা হৈছিল যদিও পৌৰসভাই কদৰ্য ৰূপ দিলে। সংবাদ মেলখনত হিন্দু শ্মশান কমিটিৰ সভাপতি ওম প্ৰকাশ, প্ৰাক্তন ৱাৰ্ড কমিছনাৰ অশোক মালপানীও উপস্থিত থাকে। আনহাতে এই সন্দৰ্ভত আজি আমছুৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ আমছুৰ যোৰহাট জিলাৰ সভাপতি বিকি আহমেদ, সাধাৰণ সম্পাদক পাপু হাজৰিকাই উল্লেখ কৰে যে শীতকালত এই জাৱৰৰ দমত কোনো দুষ্কৃতিকাৰীয়ে  জুই লগাই দিয়াৰ পাছত গড়মূৰৰ সমগ্র অঞ্চলৰ লগতে পূজা উটুৱা ডুবি, ৰজাবাৰী অঞ্চলত নিশা ধোঁৱাৰ বাবে মানুহ থাকিব নোৱাৰা হয় আৰু সেই অঞ্চলৰ লোকসকল কাঁহকে আদি কৰি বিভিন্ন ৰোগত আক্ৰান্ত হয় । সেইহে এই সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিবলৈ সংগঠনটোৱে দাবী জনায়৷