শেহতীয়া খবৰ
Home / আঞ্চলিক / হাতীৰ উপদ্ৰপত উজাগৰি নিশা কটাইছে ৰাইজেঃ কুম্ভকৰ্ণ নিন্দাত বন বিভাগ

হাতীৰ উপদ্ৰপত উজাগৰি নিশা কটাইছে ৰাইজেঃ কুম্ভকৰ্ণ নিন্দাত বন বিভাগ

গণ বাৰ্তা, ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাৰ চাহ বাগিচা আৰু গাঁওসমূহত বনৰীয়া হাতীৰ উপদ্ৰপে ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে যদিও বন বিভাগে ফলপ্ৰসু ব্যৱস্থাগ্ৰহন নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ৷ খাদ্যৰ সন্ধানত চাৰিদুৱাৰ বনাঞ্চল আৰু সোনাই ৰূপাই অভয়াৰন্য পৰা কেইবাটাও ভাগত বিভক্ত হৈ ৰঙাপৰা চাহ বাগিচা আৰু গাঁও সমূহত সোমাই খেতিপথাৰ নষ্ট কৰাৰ উপৰিও ঘৰ-দুৱাৰ ভাঙি মানুহৰো প্ৰাণ হানি কৰি আহিছে৷ ৰঙাপৰাৰ তাৰাজুলি, ধোন্দাই, সোনাজুলি, বৰজলি, হাতীবাৰী, কলনি, চেচাঁ, আমাৰীবাৰী, আদাবাৰী, ফুলবাৰী আদি চাহ বাগিচাসমূহত আশ্ৰয় লৈ থকা বনৰীয়া হাতীৰ জাকে নিশা ভাগত উপদ্ৰপ চলাই কৃষকৰ খেতি পথাৰ, বাৰীৰ গছ-গছনি ভাঙি তহিলং কৰি আহিছে৷ ক্ষুধাৰ তাড়নাত উন্মাদপ্ৰায় হৈ পৰা হাতীয়ে ঘৰ-দুৱাৰ ভঙাৰ উপৰিও মানুহ দেখিলেই  আক্ৰমণ কৰিবলৈ খেদি আহে৷ এনে আক্ৰমণত ইতিমধ্যে কেইবাজনো লোকৰ প্ৰাণ হানি হোৱাৰ উপৰিও বহু লোক আহত হৈছে৷
ৰঙাপৰা অন্যতম হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে অসম চৰকাৰৰ বিয়াগোম বন বিভাগে আজিকোপতি কোনো পদক্ষেপ গ্ৰহন কৰা নাই৷ যাৰ ফলত সমস্যাটোৱে  দিনক দিনে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ স্থানীয় বিধায়ক গৰাকীয়ে কোনো দিনে এই গুৰুত্বপূৰ্ণ বিষয়টো গুৰুত্ব প্ৰদান নকৰাত ভুক্তভোগী ৰাইজে হাতী উপদ্ৰপৰ পৰা পৰিয়ালৰ জীৱন আৰু সা-সম্পত্তি ৰক্ষাৰ বাবে প্ৰতিদিনে উজাগৰি নিশা কটাবলগীয়া হৈছে৷ উল্লেখ্য যে, শোনিতপুৰ জিলাৰ ঘোঁৰামাৰীৰ উদ্যোগিক বিকাশ কেন্দ্ৰৰ ভুমিত থকা গভীৰ বনাঞ্চলত এসময়ত জাক জাক বনৰীয়া হাতীয়ে দিনে নিশাই নিৰাপদে আশ্ৰয় গ্ৰহন কৰি আহিছিল৷ কিন্ত ২০১৬ চনত উদ্যোগিক বিকাশ কেন্দ্ৰৰ ৪৫০ একৰ ভুমি যোগগুৰু ৰামদেৱে পতঞ্জলি হাৰ্বেল এণ্ড মেগা ফুড পাৰ্ক স্থাপন কৰে ৷ যাৰ ফলত পুৰণি আশ্ৰয়স্থলীৰ সন্ধানত নাপায়  দিক বিদিক হেৰুৱাই বনৰীয়া হাতীৰ জাকবোৰ দিনৰ ভাগত বাগিচাসমূহত বিছৰন কৰি নিশা ভাগত বিভিন্ন অঞ্চলত উপদ্ৰৱ চলায়৷ বনৰীয়া হাতীৰ সন্ত্ৰাস ক্ৰমানয়ে বৃদ্ধি পাই আহিছে যদিও  আমাৰীবাৰী বন কাৰ্যালয়ত  সীমিত বন কৰ্মচাৰী থকা বন বিভাগে অত্যাধুনিক সা-সুবিধা অবিহনে উন্মাদপ্ৰায় হাতী খেদিবলৈ গৈ ৰাইজৰ ক্ষোভৰহে বলি হবলগীয়া হয়৷ ৰঙাপৰাৰ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে চৰকাৰক বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহনৰ বাবে ভোক্তভোগী ৰাইজে আহ্বান জনাইছে৷